আজি আইনী সেৱা দিৱস

author img

By

Published : Nov 9, 2021, 12:34 PM IST

Legal Service Day
আইন সেৱা প্ৰাধিকাৰী আইন 1987 ()

আজি আইনী সেৱা দিৱস ৷ সকলোৰে বাবে একে তথা সমভাৱে ন্যায় লাভ কৰাৰ স্বাৰ্থত সমাজৰ দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীৰ লোকসকলক আইনী সাহায্য প্ৰদান কৰাৰ দায়িত্ব ভাৰতীয় সংবিধানৰ ৩৯(ক) অনুচ্ছেদ অনুসৰি চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছে ।

নিউজ ডেস্ক, 9 নৱেম্বৰ : প্ৰতি বছৰৰ 9 নৱেম্বৰৰ দিনটো 'আইনী সেৱা দিৱস' হিচাপে পালন কৰা হয় । ভাৰতীয় সংসদে 1987 চনত আইন সেৱা প্ৰাধিকাৰী আইন (The legal services authorities Act,1987)খন (১৯৯৪ চনৰ সংশোধন) প্ৰণয়ন কৰে ৷ এই আইনে ১১ অক্টোবৰত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে ।

1995 চনত উচ্চতম ন্যায়ালয়ে সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক বিনামূলীয়াকৈ আইনী সেৱা আগবঢ়োৱাৰ বাবে এই আইনখন কাৰ্যকৰী কৰে । তেতিয়াৰে পৰা প্ৰতি বছৰে ৯ নৱেম্বৰৰ দিনটো ‘আইনী সেৱা দিৱস' হিচাপে পালন কৰি অহা হৈছে ৷

আইন সেৱা প্ৰাধিকাৰী আইনৰ অধীনত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লোক আদালত (Lok Adalat) স্থাপন কৰি বহুসংখ্যক গোচৰ মিলা-প্ৰীতি, মীমাংসাৰ জৰিয়তে একেদিনতে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হৈছে । এই আইনৰ লক্ষ্য হ’ল সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক বিশেষকৈ দৰিদ্ৰ-দুৰ্বল শ্ৰেণীৰ লোকৰ মাজত আইনৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, বিনামূলীয়াকৈ সম আইনী সাহায্য প্ৰদান কৰাৰ লগতে সকলোৰে বাবে সহজে ন্যায় বিচাৰ উপলব্ধ কৰা ৷

প্ৰতিখন ৰাজ্যৰ আইনী সেৱা কৰ্তৃপক্ষই ৰাজ্য, জিলা আৰু তালুক পৰ্যায়ৰ আইনী সাক্ষৰতা শিবিৰৰ লগতে বিভিন্ন অনুষ্ঠান আয়োজন কৰি 'আইনী সেৱা দিৱস' পালন কৰি আহিছে ।

লগতে পঢ়ক : বিমুদ্ৰাকৰণৰ পাঁচবছৰ সম্পূৰ্ণ : বৃদ্ধি পাইছে নোটৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.