ETV Bharat / bharat

Left Wing Extremism: দেশত দ্ৰুতগতিত হ্ৰাস পাইছে বাওঁপন্থী উগ্ৰপন্থী সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ

author img

By

Published : Mar 28, 2023, 10:39 PM IST

বাওঁপন্থী উগ্ৰপন্থী সংগঠনৰ কূটাঘাতমূলক কাৰ্য দেশত ব্যাপক হাৰত হ্ৰাস পাইছে ৷ লোকসভাত এই তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে (Left Wing Extremist violence) ৷ সমান্তৰালভাৱে হ্ৰাস পাইছে চিআৰপিএফ, অসম ৰাইফলছ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনা ৷

Left Wing Extremism
দেশত দ্ৰুতগতিত হ্ৰাস পাইছে বাওঁপন্থী উগ্ৰপন্থী সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ

নেশ্যনেল ডেস্ক, 28 মাৰ্চ: দেশত দ্ৰুত গতিত হ্ৰাস পাইছে বাওঁপন্থী উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত কৰা কূটাঘাতমূলক কাৰ্য ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাৰ মজিয়াত দাখিল কৰিছে এই তথ্য (Minister of State for Home Nityanand Rai) ৷ লোকসভাত দাখিল কৰা তথ্য অনুসৰি 2022 চনত মাত্ৰ দেশৰ 176 খন থানাত বামপন্থী উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা কূটাঘাতমূলক কাৰ্যৰ গোচৰ ৰুজুৰ হোৱাৰ লগতে 45 খন জিলাত কূটাঘাত সংঘটিত হৈছে ৷ ইয়াৰ বিপৰীতে 2010 চনত 465খন থানাত বাওঁপন্থী উগ্ৰপন্থী সংগঠনে কৰা কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ গোচৰ ৰুজু হৈছিল আৰু জিলাৰ সংখ্যা আছিল 95 খন ৷

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘দক্ষিণৰ কেইখনমান ৰাজ্যকে ধৰি দেশৰ কেইবাটাও অংশত যোৱা দশকবোৰত বাওঁপন্থী উগ্ৰবাদ (Left Wing Extremism)ৰ হিংসা দেখিবলৈ পোৱা গৈছিল ৷ অৱশ্যে, বাওঁপন্থী উগ্ৰবাদ সমাধান কৰিবলৈ ভাৰত চৰকাৰে 2015 চনত ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য পৰিকল্পনাত অনুমোদন জনাইছিল ৷’’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই নীতিত নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়নমূলক কাম-কাজ, স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু সেই অধিকাৰ নিশ্চিত কৰা আদিৰ সৈতে জড়িত এক বহুমুখী ৰণনীতিৰ পৰিকল্পনা কৰা হৈছে ৷ এই নীতিৰ সফল ৰূপায়ণৰ বাবে দেশত বাওঁপন্থী উগ্ৰবাদ তথা উগ্ৰপন্থী সংঘঠনৰ হিংসাত্মক কাৰ্যকলাপ হ্ৰাস পাইছে ৷

লোকসভাৰ তথ্য অনুসৰি, ‘‘2010 চনৰ তুলনাত 2022 চনত দেশত বামপন্থী উগ্ৰপন্থী সংগঠন সম্পৰ্কীয় হিংসাত্মক ঘটনাৰ সংখ্যা 77 শতাংশ হ্ৰাস পাইছে । ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও (সুৰক্ষা বাহিনী আৰু অসামৰিক লোক) 2010 চনত সৰ্বকালৰ সৰ্বাধিক 1005 ৰ পৰা 2022 চনত 98 লৈ হ্ৰাস পাইছে ৷ আনহাতে দেশৰ দক্ষিণ অঞ্চলত 2010 বাওঁপন্থী উগ্ৰপন্থী সংগঠনে 104 টা কূটঘাত সংঘটিত কৰিছিল (Left Wing Extremist violence) ৷

2020 চনত ইয়াৰ হাৰ 87 শতাংশলৈ হ্ৰায় পায় ৷ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত 2022 চনত বাওঁপন্থী উগ্ৰপন্থী সংগঠনে মাত্ৰ 13 টা হিংসাত্মক ঘটনা সংঘটিত কৰিছে ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰী কৰা আন তথ্য অনুসৰি 2019 ৰ পৰা 2022 চনলৈ 435 জন বাওঁপন্থী উগ্ৰপন্থী সংগঠনৰ কেডাৰে আত্মসমৰ্পণ কৰিছে (LWE cadre surrender) ৷’’

লোকসভাত আন এক উত্তৰত ৰায়ে কয় যে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CRPF), অসম ৰাইফলছ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী (NSG)ত সংঘটিত বেছিভাগ আত্মহত্যাৰ কাৰণ হৈছে সাধাৰণ ব্যক্তিগত ঘৰুৱা সমস্যা, পাৰিবাৰিক সমস্যা, হতাশা আদি ৷ তথ্য অনুসৰি 2018-2022 বৰ্ষৰ ভিতৰত 29 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ 2022 চনত তিনিটা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল আৰু 2021 চনত ইয়াৰ সংখ্যা আছিল 9 টা ৷ 2020 চনত সাতটা ঘটনা সংঘটিত হৈছিল আৰু 2019 চনত চাৰিটা ঘটনা সংঘটিত হৈছিল ৷ আনহাতে 2018 চনত এনে ধৰণৰ আত্মহত্যাৰ ঘটনাৰ সংখ্যা আছিল ছটা ৷

লগতে পঢ়ক: Umesh pal murder case: উমেশ পালৰ হত্যাকাৰী গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.