Kulgam encounter: কুলগামত পাকিস্তানৰ JeM সন্ত্ৰাসবাদী নিহত

author img

By

Published : Sep 27, 2022, 9:51 AM IST

Kulgam encounter

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ (Kulgam encounter)। এই সংঘৰ্ষত এটা JeM সন্ত্ৰাসবাদী নিহত । এজন বিষয়া আৰু দুজন সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত ।

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Encounter in Jammu and Kashmir)। তেনে সংঘৰ্ষৰ মাজতে সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ ভেছ বাটপোৰা অঞ্চলত নিহত হয় এটা সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীটো পাকিস্তানৰ বাসিন্দা তথা জৈশ-ই-মহম্মদৰ সদস্য আবু হুৰাৰাহ বুলি চিনাক্ত কৰা হৈছে (JeM militans killed in Kulgam)।

কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীটোৰ পৰা এটা AK চিৰিজৰ ৰাইফল, এটা পিষ্টল, গ্ৰেণেড আৰু অন্যান্য মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে । ইফালে সংঘৰ্ষৰ মাজতে দুগৰাকী সাধাৰণ নাগৰিক আৰু এজন বিষয়াও আঘাতপ্ৰাপ্ত হয় (Civilian injured in Kulgam encounter)।

আৰক্ষীয়ে উল্লেখ কৰা মতে কুলগাম জিলাৰ ৱেলচবাটাপুৰা গাঁৱত এটা অচিনাক্ত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে আৰক্ষীয়ে নিৰ্দিষ্ট তথ্য লাভ কৰিছিল । লগে লগে ২৬ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১:৪৫ বজাত জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ সৈতে ভাৰতীয় সেনাৰ এটা দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে । তাৰ পাছতে এটা ঘৰত সন্ত্ৰাসবাদীটোৰ উপস্থিতিৰ সন্দেহ কৰি আৰক্ষীয়ে সাধাৰণ লোকসকলক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ।

উল্লেখ্য যে বহু সময়ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ সময়ত সন্ত্ৰাসবাদীয়ে পলায়নৰ সুযোগ বিচাৰি সাধাৰণ নাগৰিকক উদ্দেশ্যি গুলীচালনা কৰে । সেয়েহে সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা কৰি আৰক্ষীয়ে প্ৰথমে নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰত গুৰুত্ব দিয়ে । একে সময়তে চাৰিওফালে অগ্নি সংযোগ কৰি সন্ত্ৰাসবাদীটোক নিৰ্দিষ্ট স্থানত আৱদ্ধ কৰি ৰাখে ।

আৰক্ষীয়ে জনোৱা মতে সাধাৰণ নাগৰিকসকলক উদ্ধাৰৰ সময়ত এজন বিষয়া গুলীবিদ্ধ হয় । লগে লগে বিষয়াজনক শ্ৰীনগৰৰ ৯২ বেচ হাস্পতাললৈ স্থানান্তৰ কৰা হয় । আনহাতে সন্ত্ৰাসবাদীয়ে গ্ৰেণেড নিক্ষেপ কৰাৰ সময়ত দুজন সাধাৰণ নাগৰিকো স্প্লিণ্টাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় । তেওঁলোককো একেখন হাস্পতালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক :লক্ষ্ণৌত ভয়ংকৰ পথ দুৰ্ঘটনাত হতাহত ২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.