ETV Bharat / bharat

Amritpal Singh arrest: আৰক্ষীৰ নিদ্ৰাহৰণকাৰী কোন এই অমৃতপাল সিং

author img

By

Published : Apr 23, 2023, 10:28 AM IST

বিচ্ছিন্নতাবাদী খালিস্তানী নেতা অমৃতপাল সিঙ হঠাতে আৱিৰ্ভাৱ হৈছিল ত্ৰাণকৰ্তাৰ ৰূপত (Amritpal Singh)। পিছে এই ত্ৰাণকৰ্তাই এদিন আক্ৰমণকাৰীৰ ৰূপত নিজকে উপস্থাপন কৰে । ইয়াৰ লগে লগে তেওঁ শিৰোনাম দখল কৰে ।

Khalistani separatist Amritpal Singh arrest
খালিস্তানী নেতা অমৃতপাল সিং

নেশ্য়নেল ডেস্ক, ২৩ এপ্ৰিল: অৱশেষত গ্ৰেপ্তাৰ হ’ল খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিং ৷ যোৱা 18 মাৰ্চৰ পৰা পলাতক অৱস্থাত থকা বিচ্ছিন্নতাবাদী খালিস্তানী নেতা অমৃতপাল সিঙক আৰক্ষীয়ে মোগাৰ ৰোডে গাঁৱত গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙৰ লগতে সিঙৰ সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ সদস্যসকলৰ বিৰুদ্ধে বিগত 18 মাৰ্চৰ পৰাই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান (Khalistani separatist Amritpal Singh arrest) ৷ 34 দিন ধৰি পলাতক অৱস্থাত থকা অমৃতপাল সিঙক আৰক্ষীয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

বিগত এমাহ ধৰি অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাটো পঞ্জাৱ আৰক্ষীৰ বাবে এক প্ৰত্য়াহ্বান আছিল (Punjab Police arrested Amritpal Singh)। পঞ্জাৱ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হোৱা অমৃতপাল এতিয়া আৰক্ষীৰ হাতত বন্দী । অমৃতপাল সিঙক ১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীয়ে পলাতক ঘোষণা কৰি পঞ্জাৱ আৰক্ষী আৰু আন ৰাজ্যৰ আৰক্ষীয়ে তালাচী অভিযান চলাইছিল ।

অমৃতপাল জল্লুপুৰ খেৰাৰ বাসিন্দা: অমৃতপাল বাবা বাকলা তহচিলৰ জল্লুপুৰ খেৰা গাঁৱৰ বাসিন্দা (Jallupur Khera) । তেওঁ কাপুৰথালাৰ পলিটেকনিক মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল (Polytechnic College Kapurthala) । অধ্যয়নৰ পিাচত অমৃতপাল সিঙে ডুবাইলৈ গৈ তাত গাড়ী চলাবলৈ আৰম্ভ কৰে । কিন্তু দীপ সিদ্ধুৰ মৃত্যুৰ পাচতেই ধুমুহাৰ দৰে তেওঁ শিৰোনাম দখল কৰে ।

অমৃতপালে শিৰোনাম দখল কৰিছিল: অমৃতপাল সিঙে হঠাতে শিৰোনাম দখল কৰিছিল যেতিয়া অমৃতপালক প্ৰয়াত অভিনেতা দীপ সিদ্ধুৰ সংগঠন 'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী হিচাবে ঘোষণা কৰা হৈছিল (actor Deep Sidhu)। অমৃতপালক ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী হিচাবে ঘোষণা কৰাৰ পিচত পথ দুৰ্ঘটনাত নিহত অভিনেতা দীপ সিদ্ধুৰ সংগঠনটোৰ সমগ্ৰ দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰে । সেইকাৰণে তেওঁ চোৰাংচোৱাৰ দৃষ্টিত আছিল ।

অমৃতপাল সিঙে কেনেদৰে আৰম্ভ কৰিছিল: অমৃতপাল সিঙে পঞ্জাৱৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ আৰু তেওঁলোকৰ মাজত প্ৰচাৰ কৰিবলৈ খালচা ভেহিৰ আৰম্ভ কৰিছিল । এই খালচা ৰে'লখন শ্ৰী অকাল তখত চাহিবৰ পৰা খালছাৰ জন্মস্থান শ্ৰী আনন্দপুৰ চাহিবলৈ লৈ যোৱা হৈছিল (Khalsa train)। তেতিয়াৰ পৰা অমৃতপাল সিঙে খালচা ভেহিৰৰ জৰিয়তে অমৃত সঞ্চাৰৰ বাবে সভা অনুষ্ঠিত কৰি আহিছিল ।

উদাত্ত ভাষণৰ বাবে অমৃতপাল চৰ্চালৈ আহিছিল : অমৃতপালে সভাত উদাত্ত ভাষণ দিয়া বাবে তেওঁ সদায় পঞ্জাৱৰ ৰাজনীতিত চৰ্চা হৈ আহিছে । অমৃতপাল সিঙৰ এনে ভাষণৰ কেইবাবাৰো বিৰোধিতা কৰা হৈছিল । গুৰুদ্বাৰা চাহিবত চকী আঁতৰোৱা আৰু চোফাত জুই লগোৱাটোৱেও মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ইয়াৰ পিচতেই আজনালা ঘটনাটো সংঘটিত হৈছিল (Ajnala incident)। এই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ আৰু সহযোগীসকলক মুকলি কৰিবলৈ আৰক্ষী থানাৰ বাহিৰত এখন সভা অনুষ্ঠিত হৈছিল । জনতা হিংসাত্মক হৈ পৰিছিল আৰু অমৃতপালৰ সহযোগীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । অৱশ্যে সেই সময়ত আৰক্ষীয়ে অমৃতপালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰে লণ্ডনলৈ যোৱাৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাৰ পত্নীগৰাকীক । মূলতঃ এগৰাকী প্ৰবাসী ভাৰতীয় হোৱাৰ বাবেহে কিৰণদীপ কৌৰে লণ্ডনলৈ যাবলৈ বিচাৰিছে বুলি জনোৱাৰ লগতে ভাৰতত তেওঁ মাত্ৰ 180 দিনহে থাকিব পাৰে বুলি ইমিগ্ৰেচনে চলোৱা জেৰাৰ সময়ত উল্লেখ কৰে ৷

লগতে পঢ়ক:Amritpal surrenders: অৱশেষত শিৰনত কৰিলে অমৃতপালে; ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.