ETV Bharat / bharat

অপাৰেচন লণ্ডন ব্ৰীজ : ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ গোপন 'কোড'

author img

By

Published : Sep 9, 2022, 9:04 PM IST

Queen Elizabeth II
Queen Elizabeth II

ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া ছয় দশক পূৰ্বে ১৯৬০ ৰ দশকতে পৰিকল্পনা কৰা হৈছিল (Queen Elizabeth II funeral) । 'অপাৰেচন লণ্ডন ব্ৰীজ'ত, (Operation London Bridge) ৰাণীৰ বিদেশত মৃত্যু হ'লে কি কৰিব লাগে কোৱা হৈছিল ।

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : 'অপাৰেচন লণ্ডন ব্ৰীজ' (Operation London Bridge) । উপৰিউক্ত বাক্যাংশটোৰ অৰ্থ কি ? ৰ'ব, আঁৰ কাপোৰ আঁতোৰাৱাৰ পূৰ্বে কিছু সময়ৰ বাবে অলপ চিন্তা কৰক । অৱশ্যে এয়া কোনো সেনাৰ অভিযান বুলি নাভাবিব । এয়া প্ৰকৃততে প্ৰয়াত ব্ৰিটিছ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ 'কোড' (code of funeral of Elizabeth II) ! এতিয়া প্ৰশ্নটো হ'ল, অন্ত্যেষ্টিক্ৰিয়াত আকৌ 'কোড' ?

প্ৰাপ্ত তথ্য মতে, কেৱল ৰাণী দ্বিতীয় এলিজাবেথেই নহয়, ব্ৰিটিছ ৰাজপৰিয়ালৰ সকলোৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এনে এক গোপন 'কোড' আছে ! ৰাণী দ্বিতীয় এলিজাবেথ একেৰাহে ৭০ বছৰ ধৰি ব্ৰিটিছৰাজৰ সিংহাসনত বহি আছিল (Queen Elizabeth II sitting on throne 70 years) । আনহাতে, আমি সকলোৱে তেওঁৰ ঘোঁৰাচালনাৰ চখৰ কথা জানো । তেওঁ সৰুৰে পৰাই ঘোঁৰা চলাই ভাল পাইছিল ।

আনকি তেওঁৰ মৃত্যুৰ দুবছৰ পূৰ্বে, কোভিডৰ বাবে সমগ্ৰ বিশ্বত লকডাউনৰ সময়তো আমনিবোধ আঁতৰাবলৈ ঘোঁৰাত উঠিছিল । অৱশ্যে তেওঁ শাৰীৰিক ব্যায়াম পছন্দ নকৰিলেও ৰাণীয়ে তেওঁৰ মৰমৰ পোহনীয়া জন্তুৰ সৈতে খোজ কাঢ়িছিল । সেইটো তেওঁৰ প্ৰিয় 'টাইম পাছ'ৰ ভিতৰত এটা আছিল (Queen Elizabeth II died) ।

১৯২৬ চনত জন্মগ্ৰহণ কৰা এলিজাবেথ ১৯৫২ চনত ব্ৰিটেইনৰ ৰাণী হয় (Elizabeth became UK Queen in 1952) । 8 ছেপ্টেম্বৰ, 2022 তাৰিখ বৃহস্পতিবাৰে তেওঁৰ মৃত্যুলৈকে তেওঁ উক্ত আসনত অধিষ্ঠিত আছিল । ২০১২ চনৰ লণ্ডন অলিম্পিকৰ আৰম্ভণী অনুষ্ঠানত (2012 London Olympics) তেওঁৰ উৎসাহী উপস্থিতি এতিয়াও সকলো ক্ৰীড়াপ্ৰেমীৰ স্মৃতিত সতেজ হৈ আছে ।

ৰাণী দ্বিতীয় এলিজাবেথৰ আন এটা চখ আছিল বিভিন্ন ধৰণৰ হেণ্ডবেগৰ সংগ্ৰহ আৰু ব্যৱহাৰ । অৱশ্যে এই হেণ্ডবেগটোৰ সৈতে তেওঁৰ বহুতো সাংকেতিক বাৰ্তা জড়িত হৈ আছে ! যদি ৰাণীয়ে কোনো অনুষ্ঠানত তেওঁৰ হেণ্ডবেগটো টেবুলত ৰাখে, বুজা যায় যে তেওঁ তাত পাঁচ মিনিটতকৈ বেছি সময় নাথাকিব । যদি হেণ্ডবেগটো মজিয়াত ৰখা হয়, ইয়াৰ অৰ্থ হৈছে তেওঁ তেওঁৰ চৌপাশৰ কথোপকথন ভাল নাপায় ।

তেনে ক্ষেত্ৰত, কৰ্তব্যৰত চৰকাৰী বিষয়াসকলে তেওঁৰ প্ৰস্থানৰ ব্যৱস্থা সোনকালে কৰিবলগা হৈছিল । ৰাণীৰ আহাৰো তেওঁৰ দৰেই ৰঙীন আছিল । ৰাণী দ্বিতীয় এলিজাবেথে ডাৰ্ক চকলেট খাবলৈ ভাল পাইছিল । আনহাতে, গাখীৰ বা বগা চকলেট তেওঁৰ অপছন্দৰ তালিকাত আছিল । তেওঁ পুৱা 'আৰ্ল গ্ৰে টী' পান কৰিছিল । তাত কিন্তু চেনি বা গাখীৰ নাছিল ।

বিশ্বস্ত সূত্ৰ অনুসৰি, এই প্ৰকাৰৰ চাহে দাঁত আৰু মুখৰ গহ্বৰ স্বাস্থ্যৱান কৰি ৰাখে । তেওঁ পুৱাৰ আহাৰত এক বিশেষ ধৰণৰ খাদ্যশস্য খাইছিল । দুপৰীয়াৰ আহাৰৰ বাবে মাছ আৰু পাচলি তেওঁৰ প্ৰিয় আছিল । ৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰিয় আছিল নৈশ আহাৰৰ বাবে ভজা গো-মাংস, ভেড়াৰ মাংস বা চালমন । তেওঁ গো-মাংসৰ ফিলেট আৰু হৰিণৰ মাংস খাবলৈ বৰ ভাল পাইছিল ।

বাকিংহাম পেলেচ (Buckingham Palace), উইণ্ডছৰ পেলেচ আৰু বালম'ৰেল পেলেচৰ বাগিচাৰ পাচলিবোৰো তেওঁৰ প্ৰিয় আছিল । তেওঁৰ দিনত চাৰিবাৰ জিন পান কৰাৰ অভ্যাস আছিল । কঠোৰতাৰ পৰা আঁতৰি আহিবলৈ ভালপোৱা ৰাণীয়ে ৪০ বছৰ ধৰি তেওঁৰ সেৱকৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল । ৰাণী দ্বিতীয় এলিজাবেথৰ ৰঙীন জীৱন ইমান বিতৰ্কিত হোৱাৰ ইও মুখ্য কাৰণ আছিল ।

এতিয়া আহোঁ শিৰোনামত উল্লিখিত প্ৰসংগলৈ । তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ছয় দশক পূৰ্বে ১৯৬০ ৰ দশকতে পৰিকল্পনা কৰা হৈছিল (Queen Elizabeth II funeral) । 'অপাৰেচন লণ্ডন ব্ৰীজ'ত, ৰাণীৰ বিদেশত মৃত্যু হ'লে কি কৰিব লাগে কোৱা হৈছিল । যদি তেওঁৰ অষ্ট্ৰেলিয়া, নিউজীলেণ্ড বা কানাডাত মৃত্যুবৰণ কৰে, তেন্তে বিশেষ নিৰ্দেশনা আছিল । আকৌ, স্কটলেণ্ডত মৃত্যুৰ ক্ষেত্ৰত আন কিছুমান নিয়ম অনুসৰণ কৰিব লাগিব । আনকি এইটোও পৰিকল্পনা কৰা হৈছিল যে ৰাণীৰ মৃতদেহ ৰে'লৰ দ্বাৰা কেনেদৰে অনা হ'ব ।

আকৌ যদি ৰাণীৰ বিদেশত ক'ৰবাত মৃত্যু হয়, তেন্তে ৰয়েল স্কোয়াড্ৰনৰ কোনখন বিমান তেওঁৰ শৰীৰটো ব্ৰিটেইনলৈ ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰা হ'ব সেই বিষয়ে স্পষ্ট নিৰ্দেশনা আছিল । পৰিকল্পনাটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁৰ নিজৰ বক্তব্য ৰখাৰ লগতে কিছুমান ক্ষেত্ৰত তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী প্ৰিন্স চাৰ্লছেও সিদ্ধান্ত লোৱাত অৰিহণা যোগাইছিল ।

ব্ৰিটিছ চৰকাৰ (British Government), চাৰ্চ অব ইংলেণ্ড, মেট্ৰ'পলিটান পুলিচ ছাৰ্ভিচ, মিডিয়া আৰু আন সকলো প্ৰাসংগিক পক্ষক ইতিমধ্যে 'অপাৰেচন লণ্ডন ব্ৰিজ' সন্দৰ্ভত অৱগত কৰোৱা হৈছে । আনকি পৰিকল্পনাৰ কাৰ্যসূচীত এই ক্ষেত্ৰত কোন দুটা সংবাদ মাধ্যমক প্ৰথমে অৱগত কৰোৱা হ'ব সেয়াও উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :কেমিলা ব্ৰিটেইনৰ নতুন ৰাণী হ'লেও নাথাকিব সাৰ্বভৌম অধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.