Kerela teacher sentenced for 79 years: যৌন অভিযোগত দোষী শিক্ষকক 79 বছৰৰ কাৰাদণ্ড

author img

By

Published : Aug 4, 2022, 2:21 PM IST

Updated : Aug 4, 2022, 7:51 PM IST

Etv BharatKerela teacher sentenced for 79 years

কেৰেলাৰ এখন আদালতে যৌন নিৰ্যাতনৰ গোচৰত প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায় ৷ ৭৯ বছৰৰ কাৰাদণ্ডৰ উপৰিও শিক্ষকজনৰ বিৰুদ্ধে জৰিমনা বিহে লক্ষাধিক টকাৰ(Kerala teacher has been sentenced for 79 years) ৷

নেশ্যনেল ডেস্ক,4 আগষ্ট: কেৰালাৰ এখন আদালতে যৌন নিৰ্যাতনৰ গোচৰত প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায়(Important verdict) ৷ ঘটনাটো সংঘটিত হৈছে কেৰালাৰ এখন শিক্ষানুষ্ঠানত ৷ এজন শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ 5 গৰাকী ছাত্ৰীয়ে(Allegations of sexual assault) ৷ ইয়াৰ পিছতে ন্যায়ালয়ত দীঘলীয়া তদন্তৰ অন্তত দোষী সাব্যস্ত হয় শিক্ষকজন আৰু ন্যায়ালয়ে ৭৯ বছৰৰ কাৰাদণ্ডৰ উপৰিও শিক্ষকজনৰ বিৰুদ্ধে জৰিমনা বিহে লক্ষাধিক টকাৰ(Kerala teacher has been sentenced for 79 years) ৷ ন্যায়ালয়ৰ বিচাৰত দোষী সাব্যস্ত হোৱা শিক্ষকজনৰ নাম পি ই গোবিন্দন ৷

২০১৩ চনৰ জুন মাহৰ পৰা ২০১৪ চনৰ জানুৱাৰী মাহ পৰ্যন্ত পি ই গোবিন্দন নামৰ অসৎ প্ৰবৃত্তিৰ শিক্ষকজনে পাঁচগৰাকীকৈ ছাত্ৰীৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন ৷ শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকজনে পূৰণ কৰিছিল নিজৰ অসৎ চৰিতাৰ্থ ।

যৌন নিৰ্যাতনৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় শিক্ষক গৰাকীক ৷ POCSOকে ধৰি একাধিক ধাৰাত অভিযোগ দাখিল কৰা হৈছিল শিক্ষকজনৰ বিৰুদ্ধে ৷ তদন্তৰ অন্তত দোষী সাব্যস্ত হোৱাত সশ্ৰম কাৰাদণ্দ বিহাৰ লগতে শিক্ষকজনৰ বিৰুদ্ধে ২ লাখ ৭০ হাজাৰ জৰিমনা ঘোষণা কৰে ন্যায়ালয়ে ৷

ঘটনাটো গাপ দিবলৈ বিচৰাৰো অভিযোগ উত্থাপিত হৈছে শিক্ষকজনৰ লগতে বিদ্যালয়খনৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অৱশ্যে আদালতে তেওঁলোকক এই গোচৰৰ পৰা ৰেহাই দিয়ে ৷

কেৰেলাৰ কান্নুৰৰ এখন ফাৰ্ষ্ট ট্ৰেক আদালতে ঘোষণা কৰা এই তাৎপৰ্যপূৰ্ণ ৰায়ে সম্প্ৰতি সচেতন মহলৰ মাজত সৃষ্টি কৰিছে বিশেষ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলাই দহ বছৰৰ বাবে জেললৈ গ’ল পিতৃ

Last Updated :Aug 4, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.