তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলাই দহ বছৰৰ বাবে জেললৈ গ’ল পিতৃ

author img

By

Published : Jun 16, 2022, 9:52 AM IST

Rape accused sent to jail

কোকৰাঝাৰত নাবালিকাক যৌন নিৰ্যাতন চলোৱাক অভিযোগত পালিত পিতৃক দহ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা (Rape accused sent to jail)৷ চাৰিবছৰ পূৰ্বে সংঘটিত এই জঘন্য ঘটনাৰ বাবে অৱশেষত ন্যায় পালে নাবালিকাগৰাকীয়ে (Minor rape in Kokrajhar) ৷

কোকৰাঝাৰ 16 জুন : নিজৰ তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী ব্যক্তিক কোকৰাঝাৰৰ বিশেষ আদালতে প্ৰদান কৰিছে কাৰাদণ্ড (Rape accused sent to jail in Kokrajhar)৷ ন্যায়াধীশ জে. কোচৰ আদালতে অভিযুক্তজনক বুধবাৰে দহ বছৰৰ কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে । তদুপৰি জৰিমনা আদায় অবিহনে অতিৰিক্তভাৱে দুমাহৰ কাৰাবাস খাটিব লাগিব বুলি আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ এখন গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ এগৰাকী নাবালিকাক জিলাখনৰে কাৰিগাঁও এলেকাৰ এই লোকজনে নিজৰ তোলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিছিল । ২০১৮ চনৰ ৮ জুনত যেতিয়া নাবালিকা গৰাকীক তেওঁৰ মাতৃয়ে স্ব-গৃহলৈ কেইদিনমানৰ বাবে লৈ আহে, তেতিয়াই নাবালিকাগৰাকীয়ে মাতৃক পালিত পিতৃয়ে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰে (Minor rape in Kokrajhar)।

তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলাই দহ বছৰৰ বাবে জেললৈ গ’ল পিতৃ

ইয়াতেই হতভম্ব হৈ পৰিয়ালৰ লোকে ২০১৮ চনৰ ২১ জুনত বিষয়টো আৰক্ষীক অৱগত কৰে ৷ পিছত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত POSCO আইনৰ অধীনত এক গোচৰ (নং ২৯৫/১৮) ৰজু কৰা হয় (Rape case in kokrajhar)।

আৰক্ষীয়ে অভিযুক্তৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰজু কৰি অনুসন্ধান চলাই অভিযোগনামা প্ৰদান কৰে । কোকৰাঝাৰৰ বিশেষ আদালতে সকলো বিষয়-চালি-জাৰি চাই চাৰিবছৰৰ মূৰত অভিযুক্তৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে তেওঁৰ পত্নীক দোষমুক্ত বুলি ঘোষণা কৰে । আদালতে অভিযুক্তক দহ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে । জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্তভাৱে দুমাহৰ কাৰাদণ্ড ভৰিব লাগিব বুলিও আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়ক : Tarikh pe tarikh: অভি-নীল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.