ETV Bharat / bharat

দশেৰাত কেচিআৰৰ ৰাষ্ট্ৰীয় দল ঘোষণাৰ সম্ভাৱনা

author img

By

Published : Sep 29, 2022, 9:01 PM IST

Updated : Sep 29, 2022, 10:39 PM IST

দশেৰাত ৰাষ্ট্ৰীয় দল গঠনৰ ক্ষেত্ৰত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিব তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (Telangana Rashtra Samithi) মুৰব্বী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কালভাকুন্তলা চন্দ্ৰশেখৰ ৰাৱে । দল গঠনৰ বাবে প্ৰস্তুতি চলাই থকা কেচিআৰে ইতিমধ্যে এই সন্দৰ্ভত সংকেত দিছে (meeting at Telangana Bhavan)।

Telangana Rashtra Samithi
দশেৰাত কেচিআৰৰ ৰাষ্ট্ৰীয় দলৰ ঘোষণাৰ সম্ভাৱনা

নেশ্য়নেল ডেস্ক, ২৯ ছেপ্টেম্বৰ: তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ(Telangana Rashtra Samithi) মুৰব্বী তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কালভাকুন্তলা চন্দ্ৰশেখৰ ৰাৱে(CM Kalvakuntla Chandrashekar Rao) দশেৰাত তেলেংগানা ভৱনত টিআৰএছ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত (TRS executive committee meeting on Vijayadashami) কৰাৰ পৰিকল্পনা কৰিছে । এক দলীয় সূত্ৰই সদৰি কৰা অনুসৰি মন্ত্ৰী,সাংসদ,বিধায়ক আৰু দলৰ নেতাসকল উক্ত বৈঠকত উপস্থিত থাকিব । এই বৈঠকতেই ৰাষ্ট্ৰীয় দল গঠনৰ ক্ষেত্ৰত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

দল গঠনৰ বাবে প্ৰস্তুতি চলাই থকা কেচিআৰে ইতিমধ্যে এই সন্দৰ্ভত সংকেত দিছে (meeting at Telangana Bhavan)। তেওঁলোকে আৰু পলম নকৰাৰ উদ্দেশ্যৰে যোৱা কেইদিনমানৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে । সাংসদ,বিধায়ক, এমএলচি আৰু টিআৰএছৰ ৰাজ্যিক নেতাসকলৰ সহমতত দশেৰাৰ আবেলি কেচিআৰৰ ৰাষ্ট্ৰীয় দলৰ ঘোষণা কৰা হ'ব ।

বৰ্তমানৰ টিআৰএছক এটা ৰাষ্ট্ৰীয় দললৈ ৰূপান্তৰ কৰা হ'ব বুলিও উক্ত সূত্ৰটোৱে সদৰি কৰিছে । যদিও ভাৰত ৰাষ্ট্ৰ সমিতি আৰু অন্যান্য নাম ইতিমধ্যে ইয়াৰ বাবে বিবেচনাধীন হৈ আছে তথাপি নতুনকৈ 'মেৰা ভাৰত মহান' আৰু অন্যান্য নামো চৰ্চালৈ অহাৰ সম্ভাৱনা আছে ।

ইপিনে, দশেৰাত এই ৰাষ্ট্ৰীয় দল সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণৰ পিছত ইয়াক অনুমোদনৰ বাবে দিল্লীৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হ'ব । তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ প্ৰতীক হিচাপে গাড়ীৰ প্ৰতীক চিহ্ন অব্যাহত ৰাখিবলৈ অনুৰোধ কৰিব যিটো বৰ্তমান দলটোৰ প্ৰতীক । ইতিমধ্য়ে ৰাষ্ট্ৰীয় দলৰ পতাকাও চূড়ান্ত হৈছে । এই পতাকাখনত ভাৰতৰ প্ৰতিচ্ছবিৰ লগতে গুলপীয়া ৰঙো অন্তৰ্ভুক্ত কৰা হ'ব ।

দলীয় সূত্ৰই সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় দলৰ অনুমোদন লাভ কৰাৰ পিছত কেচিআৰে ৰাজ্যখনত বা দিল্লীত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । তদুপৰি এই সন্দৰ্ভত কাৰ্যসূচী প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:দ্বাদশবাৰলৈ বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

Last Updated : Sep 29, 2022, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.