ETV Bharat / bharat

Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

author img

By

Published : Jun 28, 2023, 5:00 PM IST

Updated : Jun 28, 2023, 5:09 PM IST

ৰাহুল গান্ধীৰ বিৰুদ্ধে টুইটাৰত অপমানজনক মন্তব্য বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যৰ ৷ ইয়াৰ পাচতেই মালব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰ্ণাটক কংগ্ৰেছৰ ৷

Amit Malviya booked
Amit Malviya booked

নেশ্যনেল ডেস্ক, 28 জুন: বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰ্ণাটক আৰক্ষীৰ ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এট টুইট কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে মালব্যৰ বিৰুদ্ধে ৷ আইটি চেলৰ মুৰব্বী হোৱাৰ ওপৰিও মালব্য বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য ৷

আৰক্ষীয়ে সদৰী কৰা অনুসৰি কংগ্ৰেছ নেতা ৰমেশ বাবুয়ে কৰ্ণাটকৰ হাই গ্ৰাউণ্ডচ আৰক্ষী থানাত অমিত মালব্যৰ বিৰুদ্ধে দাখিল কৰা এক অভিযোগৰ পাচতেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ অমিত মালব্যৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 153A (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থানৰ ভিত্তিত বিভিন্ন লোকৰ মাজত হিংসা বিয়পোৱা), 120B (অপৰাধমূলক ষড়যন্ত্ৰ), 505(2) (ৰাজহুৱাভাৱে অমাৰ্জিত মন্তব্য কৰা) আৰু 34ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে অমিত মালব্যই ৰাহুল ভাৰতৰ বাবে ভয়াৱহ বুলি আখ্যা দি টুইটাৰত এটা ভিডিঅ’ পষ্ট কৰিছিল ৷ ইয়াৰ পিচতেই মালব্যৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ দল ৷ এই সন্দৰ্ভত কংগ্ৰেছে দাখিল কৰা অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হোৱাৰ পাচতেই কংগ্ৰেছে আক্ৰোশমূলকভাৱে গোচৰ ৰুজু কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই টুইটযোগে অভিযোগ উত্থাপন কৰিছে যে বিজেপি কৰ্মীক ভয় দেখুৱাবলৈ কংগ্ৰেছে আইনৰ অপব্যৱহাৰ (বিদ্বেষপূৰ্ণ) কৰিছে ৷ যদিহে ৰাহুল গান্ধীয়ে টুইটটোক লৈ সন্তুষ্ট নহয় তেন্তে মালব্যৰ বিৰুদ্ধে কংগ্ৰেছে মানহানিৰ গোচৰ ৰুজু কৰিব লাগিছিল বুলি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে ৷ ৷

ইফালে, বেংগালুৰুৰ বিজেপি সাংসদ (MP) তেজস্বী সূৰ্যই অমিত মালব্যৰ বিৰুদ্ধে এজাহাৰখনক ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰিছে ৷ এই গোচৰৰ বিৰুদ্ধে আদালতত প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও মন্তব্য কৰে বিজেপিৰ সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: Meghalaya Cabinet amendment: মেঘালয়ত বাস নকৰা গাৰো লোকে এতিয়াৰে পৰা আবেদন কৰিব নোৱাৰিব ৰাজ্যখনৰ চৰকাৰী চাকৰিৰ বাবে

Last Updated : Jun 28, 2023, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.