ETV Bharat / bharat

Lok sabha elections 2024 : সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত কি ক’লে অভিনেত্ৰী কংগনা ৰানাৱটে?

author img

By

Published : May 1, 2023, 8:54 AM IST

Lok sabha elections 2024
লোকসভা নিৰ্বাচন সন্দৰ্ভত মতামত আগবঢ়ালে অভিনেত্ৰী কংগনা ৰানাৱটে

2024 ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত বক্তব্য আগবঢ়াইছে অভিনেত্ৰী কংগনা ৰানাৱটে । দেওবাৰে হৰিদ্বাৰ ভ্ৰমণৰ সময়ত তেওঁ এই বক্তব্যৰ লগতে গংগা আৰতিও পৰিৱেশন কৰে । সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ বাবে সাজু হৈছে (kangana ranaut on 2024 lok sabha elections) ।

নেশ্যনেল ডেস্ক, 1 মে’: সমাগত লোকসভা নিৰ্বাচন ৷ 2024 ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত মতামত আগবঢ়ালে অভিনেত্ৰী কংগনা ৰানাৱটে । দেওবাৰে হৰিদ্বাৰ ভ্ৰমণৰ সময়ত আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে নিৰ্বাচনক লৈ ৰাইজৰ মাজত যথেষ্ট কৌতুহল আছে, কিন্তু 2019 ৰ নিৰ্বাচনৰ দৰেই ফলাফল 2024 টো হ’ব বুলি অভিনেত্ৰীগৰাকীয়ে ভৱিষ্যদ্বাণী আগবঢ়ায় (kangana ranaut on 2024 lok sabha elections) ৷

2019 চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে 353 খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, বিগত সময়ত বহুবাৰ ৰানাৱটে ভৱিষ্যতে সক্ৰিয় ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্ৰদান কৰি আহিছে । 2022 চনৰ অক্টোবৰ মাহত অভিনেত্ৰীগৰাকীয়ে হিমাচল প্ৰদেশৰ জনাসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াবলৈ তেওঁ আগ্ৰহী আৰু ইয়াৰ বাবে যদি প্ৰয়োজন হয় তেওঁ ৰাজনীতিত যোগদান কৰিবলৈকো সাজু বুলি উল্লেখ কৰিছিল । অভিনেত্ৰীগৰাকীয়ে কৈছিল যে যদিহে তেওঁ নিজৰ গৃহ ৰাজ্যৰ জনসাধাৰণৰ মংগলৰ বাবে কাম কৰাৰ সুযোগ পায় তেন্তে সেয়া তেওঁৰ বাবে গৌৰৱৰ বিষয় হ’ব (kangana ranaut on politics)।

অভিনেত্ৰী তথা তামিলনাডুৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী জয়ললিতাৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু 2021 চনত মুক্তি পোৱা ছবি ‘থাইলাভি’ৰ প্ৰচাৰৰ সময়ত কংগনাই তেওঁৰ অনুৰাগীয়ে ইচ্ছা কৰিলে তেওঁ নিশ্চয় ৰাজনীতিত যোগদান কৰিবলৈ ভাল পাব বুলি ইংগিতপূৰ্ণ মন্তব্য আগবঢ়াইছিল । উল্লেখ্য যে, অভিনেত্ৰী কংগনা ৰানাৱটে শেহতীয়াকৈ আৰম্ভণি কৰিছে তেওঁৰ পৰিচালক জীৱনৰ ৷ ‘ইমাৰ্জেন্সি’ অভিনেত্ৰীগৰাকীৰ প্ৰথমখন এককভাৱে পৰিচালনা কৰা ছবি । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনক কেন্দ্ৰ কৰি প্ৰয়াত ৰাজনীতিবিদগৰাকীৰ নাম ভূমিকাত কংগনাক দেখা গৈছে । কংগনাৰ উপৰিও ছবিখনত বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে অনুপম খেৰ, মহিমা চৌধুৰী, বিশক নাইৰ আৰু শ্ৰেয়াছ তালপাদে (kangana ranaut emergency) ।

বৰ্তমানেও কেইবাখনো ছবিৰ কামৰ সৈতে জড়িত হৈ আছে অভিনেত্ৰীগৰাকী ৷ ‘তেজস’ ছবিখনত তেওঁক ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । কংগনাক ‘চন্দ্ৰমুখী 2’ৰ নাম ভূমিকাতো দেখিবলৈ পোৱা যাব বুলি জানিবলৈ পৰা গৈছে । আগন্তুক মাহত দৰ্শকে কংগনাক ‘মণিকৰ্ণিকা ৰিটাৰ্নছ: দ্য লিজেণ্ড অৱ ডিড্ডা’ত, আৰু ‘দ্য ইনকাৰ্নেচন: সীতা’ত তেওঁৰ কিটিত দেখিবলৈ পাব (kangana ranaut upcoming movies) ।

লগতে পঢ়ক : PM Modi Mysuru roadshow : কৰ্ণাটকত ৰেলীৰ সময়তে প্ৰধানমন্ত্ৰীলৈ লক্ষ্য কৰি ম’বাইল নিক্ষেপ বিজেপি কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.