ETV Bharat / bharat

ভাৰতৰ মুখ্য পলাতকসকলৰ প্ৰত্যৰ্পণ; ব্ৰিটেইনলৈ যাব চিবিআই, ইডি আৰু এনআইএৰ যুটীয়া দল

author img

By ANI

Published : Jan 16, 2024, 1:14 PM IST

ব্ৰিটেইনলৈ যাব চিবিআই, ইডি আৰু এনআইএৰ যুটীয়া দল
ব্ৰিটেইনলৈ যাব চিবিআই, ইডি আৰু এনআইএৰ যুটীয়া দল

CBI ED NIA to visit UK : বিশ্বস্ত সূত্ৰ মতে, 'অপৰাধৰ দ্বাৰা কৰা উপাৰ্জন' জব্দ কৰাৰ লক্ষ্যৰে ইউকে আৰু অন্যান্য দেশৰ ব্যক্তিসকলৰ সম্পত্তি চিনাক্ত কৰাৰ বাবে পদক্ষেপ চলি আছে । সঞ্জয় ভাণ্ডাৰী, নীৰৱ মোদী আৰু মালিয়াৰ প্ৰত্যৰ্পণৰ গোচৰসমূহ ইউকেত সমাধানৰ বাবে অপেক্ষা কৰি আছে । কিয়নো তেওঁলোকে ভাৰতলৈ বিতাড়নৰ বিৰুদ্ধে উচ্চ আদালতত আপীল কৰিছে ।

নিউজ ডেস্ক, ১৬ জানুৱাৰী : কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো, প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিষয়াসকলৰ এটা উচ্চ পৰ্যায়ৰ দলে শীঘ্ৰেই প্ৰতিৰক্ষা ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী, হীৰা ব্যৱসায়ী নীৰৱ মোদী আৰু কিংফিছাৰ এয়াৰলাইনছৰ মালিক বিজয় মালিয়াকে ধৰি ভাৰতৰ ম'ষ্ট ৱাণ্টেড পলাতকসকলৰ প্ৰত্যৰ্পণ ত্বৰান্বিত কৰিবলৈ ব্ৰিটেইনলৈ যাব । এক সূত্ৰই মঙলবাৰে এই কথা জানিবলৈ দিয়ে ।

লগতে জানিব পৰা গৈছে যে লণ্ডনলৈ যাবলগা দলটোৱে পাৰস্পৰিক আইনী সহায় চুক্তিৰ (এমএলএটি) অধীনত ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত দীৰ্ঘদিনীয়া তথ্যৰ আদান-প্ৰদান সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব । এমএলএটিত স্বাক্ষৰকাৰী হোৱাৰ বাবে ইউকে আৰু ভাৰত দুয়ো দেশেই অৰ্থনৈতিক অপৰাধী আৰু অন্যান্যৰ সৈতে জড়িত অপৰাধমূলক অনুসন্ধানৰ বিষয়ে আইনীভাৱে তথ্য আদান-প্ৰদান কৰিবলৈ বাধ্য । এনআইএ দলটোৱে বৰ্তমান খালিস্তানী আন্দোলনৰ সৈতে জড়িত একাধিক সন্দেহজনক সন্ত্ৰাসবাদীৰ ওপৰত তদন্ত কৰি আছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় এমএলএটি বিষয়ত মনোনীত কৰ্তৃপক্ষ হোৱা সত্ত্বেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ক্ষেত্ৰত ইউকেৰ সৈতে সক্ৰিয়ভাৱে কূটনৈতিক বাৰ্তালাপত নিয়োজিত হৈ আছে । কিয়নো বিদেশৰ সকলো অনুৰোধ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে প্ৰদান কৰা হয় ।

লগতে এইটোও জানিব পৰা গৈছে যে দলটোৱে ব্ৰটিছ কৰ্তৃপক্ষৰ সৈতে বৈঠকত বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক অন্তৰ্ভুক্ত কৰিব । বৈঠকখন লণ্ডনত ভাৰতীয় উচ্চায়োগৰ তত্ত্বাৱধানত আয়োজন কৰা হ'ব । সকলোবোৰ পৰিকল্পনা অনুসৰি হ'লে, যুটীয়া দলটো এই মাহত যিকোনো সময়তে তালৈ যাব বুলি আশা কৰা হৈছে । পলাতকসকলৰ প্ৰত্যৰ্পণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপৰি দলটোৱে লণ্ডনত তেওঁলোকে অৰ্জন কৰা সম্পত্তিৰ বিষয়ে বাকী থকা তথ্য বিচাৰিব বুলি জানিব পৰা গৈছে । ইয়াৰ ভিতৰত আছে তেওঁলোকৰ বেঙ্কিং লেনদেনৰ বিষয়ে নিৰ্দিষ্ট তথ্য ।

এই বিষয়ত গোপন বিষয়াসকলে এএনআইক কয়, 'অপৰাধৰ দ্বাৰা কৰা উপাৰ্জন' জব্দ কৰাৰ লক্ষ্যৰে ইউকে আৰু অন্যান্য দেশৰ ব্যক্তিসকলৰ সম্পত্তি চিনাক্ত কৰাৰ বাবে পদক্ষেপ চলি আছে । সঞ্জয় ভাণ্ডাৰী, নীৰৱ মোদী আৰু মালিয়াৰ প্ৰত্যৰ্পণৰ গোচৰসমূহ ইউকেত সমাধানৰ বাবে অপেক্ষা কৰি আছে । কিয়নো তেওঁলোকে ভাৰতলৈ বিতাড়নৰ বিৰুদ্ধে উচ্চ আদালতত আপীল কৰিছে ।

উল্লেখ্য যে ইডিয়ে ইতিমধ্যে ভাৰতত তেওঁলোকৰ সম্পত্তি জব্দ কৰিছে আৰু মালিয়া আৰু মোদীৰ সম্পত্তি বিক্ৰী কৰি গুৰুত্বপূৰ্ণ পুঁজি পুনৰুদ্ধাৰ কৰা হৈছে । ইয়াৰ পৰিমাণ হৈছে হাজাৰ হাজাৰ কোটি । এই সম্পত্তিবোৰ তেওঁলোকৰ বকেয়া পৰিমাণ নিষ্পত্তি কৰিবলৈ বেংকক ঘূৰাই দিয়া হৈছে ।

ইফালে ইউপিএ শাসনকালত বিভিন্ন প্ৰতিৰক্ষা চুক্তিৰ বাবে আয়কৰ আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্তৰ পিছত ২০১৬ চনত পলাই যোৱা এজন অস্ত্ৰ ব্যৱসায়ী ভাণ্ডাৰীৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি জনা যায় ।

ইডিৰ তথ্য অনুসৰি, ভাণ্ডাৰীয়ে লণ্ডন আৰু ডুবাইত সম্পত্তি অৰ্জন কৰিছিল । পৰৱৰ্তী সময়ত সেইবোৰ ভাদ্ৰাৰ এজন তথাকথিত সহযোগী চি চি থাম্পিৰ দ্বাৰা তত্ত্বাৱধান কৰা শ্বেল কোম্পানীলৈ স্থানান্তৰ কৰে । অৱশ্যে নীৰৱ মোদীয়ে পঞ্জাব নেচনেল বেংকৰ ৬,৫০০ কোটিৰো অধিক পুঁজি সম্পৰ্কীয় এক প্ৰৱঞ্চনাৰ গোচৰত অভিযোগৰ সন্মুখীন হৈছে । আনহাতে, ৫,০০০ কোটি টকাৰ অধিক মূল্যৰ মালিয়াৰ সম্পত্তি বেংক প্ৰৱঞ্চনা কাৰ্যকলাপৰ বাবে জব্দ কৰা হৈছে ।

ইডিয়ে বিভিন্ন প্ৰতিৰক্ষা চুক্তিত ধন প্ৰদানৰ অভিযোগত ভাণ্ডাৰী, থাম্পি আৰু ভাদ্ৰাৰ বিৰুদ্ধে তদন্ত কৰি আছে । সংস্থাটোৱে ভাৰতত ভাণ্ডাৰীৰ সম্পত্তি মুঠ 26 কোটিৰো অধিক সংলগ্ন কৰিছে আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । মালিয়া আৰু মোদীৰ গোচৰৰ দৰে এখন বিশেষ আদালতে ভাণ্ডাৰীক পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰিছে ।

লগতে পঢ়ক :নগাসকলৰ সমস্যা সমাধানৰ বাবে সকলোকে একত্ৰিত হ’বলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.