ETV Bharat / bharat

17 লাখ টিউলিপ ফুলেৰে জাতিষ্কাৰ হৈছে ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ গাৰ্ডেন

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:58 PM IST

ASIA LARGEST TULIP GARDEN: পৰ্যটকৰ বাবে মুকলি হ’ল শ্ৰীনগৰতস্থিত ইন্দিৰা গান্ধী সোঁৱণৰী টিউলিপ গাৰ্ডেন ৷ মুঠ 17 লাখ বিভিন্ন ৰঙী টিউলিপ ফুলেৰে পৰ্যটকক মোহিবলৈ সাজু হৈছে টিউলিপ গাৰ্ডেনখন ৷ ইটিভি ভাৰতৰ মহম্মদ জুলকাৰনেইন জুলফিৰ বিশেষ প্ৰতিবেদন ৷

Tulip garden in Srinagar
17 লাখ টিউলিপ ফুলেৰে জাতিষ্কাৰ হৈছে ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ গাৰ্ডেন

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : পৰ্যটকৰ আকৰ্ষণৰ বাবে সাজু হৈছে জাবৰৱান পৰ্বতমালাৰ পাদদেশত অৱস্থিত ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ গাৰ্ডেন ৷ শীত নমাৰ লগে লগেই গাৰ্ডেনখনত ৰং বিৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ৷ বাগানখনৰ বিষয়াসকলে কোৱা অনুসৰি, এছিয়াৰ সৰ্ববৃহৎ বাগিচাখনত পাঁচটা নতুন প্ৰকাৰৰ ফুলকে ধৰি মুঠ 17 লাখ টিউলিপ একেলগে ফুলি উঠিব ৷ এছিয়াৰ সৰ্ববৃহৎ টিউলিপ উদ্যান হিচাপে জনাজাত ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ গাৰ্ডেন । ইয়াত 73 টা প্ৰজাতিৰ টিউলিপ ফুল আছে, এই ফুলসমূহৰ সঁচ আমষ্টাৰডামপৰা অনা হৈছে । ইয়াৰ পূৰ্বে 68 টা তকৈ অধিক প্ৰকাৰৰ ফুল ফুলিছে ।

এই ফুলসমূহ চোৱা চিতা কৰাৰ আঁৰৰ প্ৰধান মানুহ, বাগিচাৰ ভাৰপ্ৰাপ্ত বিষয়া জাভেদ মাছুদে কয় যে, নেডাৰলেণ্ডৰ পৰা টিউলিপ ফুলৰ বাল্ব বিতৰণত পলম হোৱা স্বত্বেও আগন্তুক ঋতুৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে , যাৰ ফলত ডিচেম্বৰৰ মাজভাগলৈ বাগিচাখনত বহতো গুৰুত্ব দিব লগা হৈছে ৷

"বিগত বছৰসমূহৰ বিপৰীতে, এই বছৰ হ'লেণ্ডৰ (নেডাৰলেণ্ড) এটা ডেলিভাৰী পলম হৈছিল, ফলত কামৰ ম্যাদ ডিচেম্বৰৰ মাজভাগলৈ দীঘলীয়া হৈ গৈছিল ৷" মাছুদে কয় । তেওঁ আশ্বাস দি কয় যে, পলম হোৱাৰ স্বত্বেও, শেহতীয়াকৈ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱা টিউলিপ গাৰ্ডেনখন 17 লাখ টিউলিপৰ সৈতে সম্পূৰ্ণৰূপে ফুলি উঠিব, যাৰ ফলত দৰ্শনাৰ্থীসকলৰ প্ৰকৃতিৰ এক নৈসৰ্গকাৰী দৃশ্যৰ সাক্ষী হ’ব ৷

2007 চনত স্থাপন কৰা হৈছিল টিউলিপ গাৰ্ডেনখন ৷ টিউলিপ গাৰ্ডেনখনৰ লক্ষ্য হৈছে কাশ্মীৰ উপত্যকাত পৰ্যটন আৰু পুষ্পসংস্কৃতিৰ প্ৰচাৰ কৰা । সাতটাকৈ টেৰেচত 30 হেক্টৰতকৈও অধিক বিস্তৃত ডিজাইনে এই উদ্যানখনৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷

মাছুদে কয়, "টিউলিপ গাৰ্ডেনৰ উদ্বোধনে জম্মু-কাশ্মীৰত নতুন পৰ্যটন ঋতুৰ আৰম্ভণি সূচায় । যিহেতু বাগিচাখনত পূৰ্বৰ ঋতুত আগতকৈ অধিক সংখ্যক দৰ্শনাৰ্থী আহিছিল , আমি আশা কৰোঁ এই সংখ্যা ক্ৰমাৎ বৃদ্ধি হ’ব ৷"

টিউলিপ গাৰ্ডেনত এতিয়া প্ৰকৃতিৰ সৌন্দৰ্যই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাই নহয়, কাশ্মীৰৰ পৰ্যটন আৰু সাংস্কৃতিক সমৃদ্ধিৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷

লগতে পঢ়ক: Jammu and Kashmir: টিউলিপ গাৰ্ডেনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত এক সন্মানীয় স্থান অৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.