ETV Bharat / bharat

Qatar court death sentences Indian Navy officer : কাটাৰত ভাৰতীয় নৌসেনা বিষয়াক মৃত্যুদণ্ড, ভুক্তভোগী পৰিয়ালক জয়শংকৰৰ সাক্ষাৎ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:37 PM IST

Qatar court death sentences Indian Navy officer
কাটাৰত ভাৰতীয় নৌসেনা বিষয়াক মৃত্যুদণ্ড

ইজৰাইলৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত ৮ গৰাকী প্ৰাক্তন ভাৰতীয় নৌসেনা বিষয়াৰ বিৰুদ্ধে কাটাৰ আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে । বিষয়াকেইগৰাকীৰ পৰিয়ালক চৰকাৰী সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : শেহতীয়াকৈ ভাৰতৰ ৮ গৰাকী প্ৰাক্তন নৌসেনা বিষয়াৰ বিৰুদ্ধে কাটাৰত মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছিল । এই ৰায়ৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে সেই প্ৰাক্তন নৌ সেনা বিষয়াসকলৰ পৰিয়ালক সাক্ষাৎ কৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । বিষয়া কেইগৰাকীৰ মুক্তিৰ বাবে ভাৰত চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

এক্সৰ এটা পোষ্টত উল্লেখ কৰা মতে তেওঁ পুৱা কাটাৰত গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী ভাৰতীয় বিষয়াৰ পৰিয়ালক সাক্ষাৎ কৰে । চৰকাৰে গোচৰটোক সৰ্বাধিক গুৰুত্ব দিছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ পৰিয়ালকেইটাৰ উদ্বেগ আৰু সমস্যাৰ বিষয়েও জানিবলৈ চেষ্টা কৰে । চৰকাৰে তেওঁলোকৰ মুক্তিৰ বাবে সকলো প্ৰচেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত পৰিয়ালবোৰৰ সৈতে চৰকাৰে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰিব ।

২০২২ চনৰ আগষ্টত কাটাৰে ইজৰাইলৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত ৮ গৰাকী প্ৰাক্তন ভাৰতীয় নৌ সেনা বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে যোৱা ২৬ অক্টোবৰ সেই বিষয়াগৰাকীৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰা হয় ।

বিষয়াকেইগৰাকী ক্ৰমে কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুণকৰ পাকলা, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কেপ্টেইন নৱতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্টেইন সৌৰভ বশিষ্ট আৰু নাবিক ৰাগেশ গোপাকুমাৰ বুলি চিনাক্ত কৰা হৈছে ।

এই প্ৰাক্তন নৌসেনা বিষয়াকেইগৰাকী ডাহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনছাল্টেন্সী ছাৰ্ভিচেচ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিযুক্ত আছিল । এই প্ৰতিষ্ঠানটোৰ জৰিয়তে তেওঁলোকে কাটাৰৰ সশস্ত্ৰ বাহিনীক প্ৰশিক্ষণ আৰু অন্যান্য সেৱা আগবঢ়াইছিল । মৃত্যুদণ্ডৰ ৰায় প্ৰদানৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক :Qatar court death sentences : কাটাৰ আদালতে মৃত্যুদণ্ড বিহা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াসকল কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.