ETV Bharat / bharat

দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড-19 ৰ ডেল্টা+ ৰ অৱস্থিতি

author img

By

Published : Jun 22, 2021, 11:00 PM IST

insacog-detects-22-delta-plus-variants-of-covid19-in-india-health-secretary etv bharat news
দেশৰ কেইবাখনো ৰাজ্যত পোৱা গৈছে ক’ভিড-19 ৰ ডেল্টা+ প্ৰকাৰৰ অৱস্থিতি

দেশত ক’ভিড-19 ৰ ডেল্টা+ প্ৰকাৰৰ অৱস্থিতি পোৱা গৈছে ৷ মহাৰাষ্ট্ৰ, কেৰালা, মধ্য প্ৰদেশ আদিত পোৱা গৈছে এই প্ৰকাৰৰ অৱস্থিতি ৷

নেছনেল ডেস্ক, 22 জুন : ক’ভিড-19 মহামাৰীৰ তৃতীয় ঢৌৰ আগমনৰ আশংকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে কয় যে, ভাৰতৰ তিনিখন ৰাজ্যত চাৰ্ছ-ক’ভ-2( SARS-CoV-2 ) ভাইৰাছৰ ২২ টা ডেল্টা+ প্ৰকাৰ(delta+ variant)ৰ অৱস্থিতি পোৱা গৈছে। "আজিলৈকে ভাৰতত 22 টা ডেল্টা+ প্ৰকাৰৰ ঘটনা পোৱা গৈছে । ইয়াৰে 16 টা এনে ঘটনা পোৱা গৈছে ৰত্নগিৰি আৰু জলগাঁৱত আনহাতে, কেৰালা আৰু মধ্য প্ৰদেশত বাকী থকা ঘটনাসমূহৰ অৱস্থিতি পোৱা গৈছে," নতুন দিল্লীত সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰাজেশ ভূষণে এই কথা জানিবলৈ দিয়ে ।

ইয়াৰ লগতে তেওঁ কয় যে, তেওঁৰ মন্ত্ৰালয়ে এই তিনিখন ৰাজ্যক জনস্বাস্থ্য সজাগতাৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰিছে। "আমি ডেল্টা+ ৰ ঘটনাবোৰৰ সংখ্যা বঢ়াতো নিবিচাৰো আৰু সেয়েহে আমি পৰিস্থিতি নিয়ন্ত্ৰণ ৰখাৰ বাবে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ নিৰ্দেশনা জাৰি কৰিছো," কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰাকীয়ে এইদৰে কয় ।

ইয়াৰ লগতে তেওঁ কয় যে, ভাৰতৰ জিনোমিক চিকুৱেঞ্চিং কনচৰ্টিয়াম, ইণ্ডিয়ান চাৰ্চ-ক’ভ-2 জিনোমিক কনচৰ্টিয়া(INSACOG)য়ে এতিয়ালৈকে 45,000 নমুনাৰ জিনোমিক অনুক্ৰম পৰিচালনা কৰিছে "যাৰ ভিতৰত 22 টা ঘটনা ডেল্টা+ প্ৰকাৰৰ বুলি জানিব পৰা গৈছে । ভূষণে কয় যে, "আমি তথ্য সম্পৰ্কীয় বিৱৰণ পোৱাৰ পিছত, পদক্ষেপ লোৱাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক এক পৰামৰ্শ জাৰী কৰিছিলো।"

উল্লেখ্য যে, ভাৰতৰ বাহিৰেও, ডেল্টা প্লাছ প্ৰকাৰটো বৰ্তমান আমেৰিকা যুক্তৰাজ্য, বৃটেইন, পৰ্তুগাল, চুইজাৰলেণ্ড, জাপান, পোলেণ্ড, নেপাল, ৰাছিয়া আৰু চীনকে ধৰি নখন দেশত পোৱা যায় । "ডেল্টা এক প্ৰকাৰ উদ্বেগৰ কাৰণ আছিল আনহাতে, ডেল্টা প্লাছ বৰ্তমানলৈকে চিন্তাৰ কাৰণ হৈ আছে ৷ ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত ধ্বংসৰ সৃষ্টি কৰা কোভিড-19 ৰ ডেল্টা প্ৰকাৰ ইতিমধ্যে বিশ্বৰ 80 খন দেশত পোৱা গৈছে ।

ক’ভিড-19 ৰ ডেল্টা প্ৰকাৰৰ ওপৰত ভাৰতীয় ভেকছিনৰ কাৰ্যকৰিতা সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে ভূষণে পুনৰ কয় যে, দেশত উপলব্ধ দুয়োটা ভেকছিন কোভাক্সিন আৰু কোভিশ্বিল্ড ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে ক্ৰিয়া কৰিবলৈ সক্ষম । তেওঁ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ এটা প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছিল যে, বৰ্তমান উপলব্ধ ভেকছিনবোৰে ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে কাম নকৰিবও পাৰে। "বৰ্তমানৰ ভাৰতীয় ভেকছিনবোৰ ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সক্ষম কিন্তু, কিমান পৰিমাণে সক্ষম আমি এই বিষয়টো অতি নিবিড়ভাৱে চোৱা-চিতা কৰি আছো," ভূষণে লগতে কয় ।

"আজিৰ দিনটোত ভাৰতত ৪২,৪৬০ টা ক’ভিডৰ ঘটনা সংঘটিত হৈছে, যি হৈছে দেশত সংক্ৰমণৰ ঘটনাই সৰ্বোচ্চ সীমাৰ পৰা ৯০ শতাংশ কমি যোৱা সংক্ৰমণৰ সংখ্যা " কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰকীয়ে ইয়াৰ লগতে কয় যে, ভাৰতেও দৈনিক গড়ে নতুন ঘটনাৰ ২৯ শতাংশ ধাৰাবাহিক হ্ৰাস দেখিবলৈ পাইছে । দেশখনত আক্ৰান্ত লোকৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে আৰু আক্ৰান্ত সকলৰ পুনৰুদ্ধাৰৰ সংখ্যাও তীব্ৰভাৱে বৃদ্ধি পাইছে।

কো-উইন(co-win) প্লেটফৰ্ম সন্দৰ্ভত এক প্ৰশ্নত ভূষণে কয় যে, ই এক শক্তিশালী তথ্য প্ৰযুক্তি-আধাৰিত মঞ্চ "কো-উইনত এদিনতে 2.4 বিলিয়ন লোকে নাম পঞ্জীয়ন কৰিছিল । যেতিয়া আমি 18 বছৰৰ অধিক বয়সৰ লোকৰ বাবে টীকাকৰণ আৰম্ভ কৰিছিলো, প্ৰথম দিনাই 13.7 নিযুত লোকৰ নাম পঞ্জীয়ন হৈছিল " ভূষণে কয়।

ইফালে, ডাঃ ভিকে পলে কয় যে, ভাৰতত সাৰ্বজনীন প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এদিনতে বৃহৎ সংখ্যক টিকাকৰণ কৰাৰ ক্ষমতা আছে । "পলিঅ' প্ৰতিষেধক কাৰ্যসূচীৰ সময়ত, আমাৰ স্বাস্থ্য সেৱা কৰ্মীসকলে এদিনতে 6-8 কোটি পলিঅ' পালি প্ৰদান কৰিছিল । সেয়েহে, আমাৰ এনে কাম পুনৰ কৰাৰো ক্ষমতা আছে," ডাঃ পলে লগতে কয় যে, টিকাকৰণ প্ৰক্ৰিয়াত লিংগ ভাৰসাম্যহীনতা আঁতৰ কৰাৰ প্ৰয়োজন আছে।

"অধিক সংখ্যক মহিলাই টিকাকৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগে," ডাঃ পলে কয় । আনহাতে, তৃতীয় লহৰৰ কথা উল্লেখ কৰি ডাঃ পলে কয় যে, ক’ভিড-19 ভাইৰাছটোৰো পৰিৱৰ্তন হৈ আছে আৰু ইয়াৰ পৰিৱৰ্তনে অপ্ৰত্যাশিত ফল দিব পাৰে । " ভাইৰাছটো পৰিৱৰ্তন হ'লে সংক্ৰমণ ক্ষমতাও বৃদ্ধি হয় অৱশ্যে, আমি আমাৰ সমন্বিত দৃষ্টিভংগীৰে ইয়াক ৰোধ কৰিব পাৰোঁ ৷

জ্যেষ্ঠ নাগৰিক আৰু বৃদ্ধ লোকসকলে তেওঁলোক ঘৰৰ পৰা ওলাই আহিব পাৰিবনে এই প্ৰশ্নৰ উত্তৰ দি ডাঃ পলে কয় যে, তেওঁলোকে বাহিৰলৈ ওলাই আহিব পাৰে কিন্তু অত্যধিক সাৱধানতা অৱলম্বন কৰাটো বাঞ্চনীয় বিশেষকৈ তেওঁলোকে গণ সমাৱেশ পৰিহাৰ কৰা উচিত ৷ বিদ্যালয়সমূহ পুনৰ খোলাৰ সন্দৰ্ভত তেওঁ আশংকা প্ৰকাশ কৰি কয় যে, বিদ্যালয়সমূহত আমি সৰু-মজলীয়া আৰু বৃহৎ সমাৱেশ দেখিবলৈ পাওঁ । গতিকে, বিদ্যালয় সমূহ খোলাৰ আগতে আমি নিজকে সুৰক্ষিত কৰি লোৱাটো ভাল হ’ব ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.