ETV Bharat / bharat

Covid-19: ক'ভিডৰ নতুন ভেৰিয়েন্ট BF.7ত আক্ৰান্ত দেশৰ প্ৰথমজন ব্যক্তি

author img

By

Published : Oct 20, 2022, 10:36 AM IST

দেশত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে ক'ভিডৰ নতুন ভেৰিয়েন্ট BF.7। ৰোগীৰ সংস্পৰ্শলৈ অহা আত্মীয় আৰু অন্যান্য ব্যক্তিক পৰীক্ষা কৰা হৈছিল যদিও তেওঁলোকৰ দেহত কোনো লক্ষণ দেখিবলৈ পোৱা নাই । একে সময়তে চিকিৎসকে কয় যে অ’মিক্ৰনতকৈ ক'ভিডৰ এই নতুন ভেৰিয়েন্ট অধিক সংক্ৰামক ।

Indias first case of the new Omicron strain BF7 was reported in Ahmedabad
ক'ভিডৰ নতুন ভেৰিয়েন্ট BF.7ত আক্ৰান্ত দেশৰ প্ৰথমজন ব্যক্তি

আহমেদাবাদ, 20 ছেপ্টেম্বৰ: দেশৰ ভিতৰতে কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েন্ট BF.7ত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে গুজৰাটৰ আহমেদাবাদত(India's first case of the new Omicron strain BF7) ৷ ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা খবৰৰ মাজতে জনসাধাৰণৰ মাজত পুনৰবাৰ উদ্বেগৰ সৃষ্টি কৰিছে ক'ভিডৰ এই নতুন ভেৰিয়েণ্টে(Omicron new variant BF7) ।

চিকিৎসকৰ মতে, আহমেদাবাদত বাস কৰা এজন ৬০ বছৰীয়া লোকৰ দেহত এই নতুন ভেৰিয়েন্ট ধৰা পৰিছে । চিকিৎসকে জানিবলৈ দিয়া মতে, অ'মিক্ৰন ভাইৰাছতকৈ ক’ৰোনাৰ এই নতুন ভেৰিয়েন্ট অধিক সংক্ৰামক । জানিব পৰা মতে, লোকজনৰ দেহত এই ভেৰিয়েন্ট ধৰা পৰাৰ পিছতে পৌৰ নিগমে ৰোগীৰ আত্মীয়ৰ লগতে ১০ জনতকৈও অধিক লোকক পৰীক্ষা কৰে(BF7 was reported in Ahmedabad) ।

উল্লেখ্য যে, ১৫ জুলাইত ৰোগীৰ নমুনা পৰীক্ষাৰ বাবে গান্ধীনগৰস্থিত গুজৰাট বায়’টেকন’লজি ৰিচাৰ্চ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল । য’ত ৰোগীৰ দেহত BF.7 ভেৰিয়েন্ট ধৰা পৰিছিল সেই স্থানত পৰিয়ালৰ কোনো এগৰাকী সদস্যৰ দেহত এই নতুন ভেৰিয়েন্টৰ কোনো লক্ষণ ধৰা নপৰাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস লৈছে । ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ দেহত কোনো লক্ষণ দেখিবলৈ পোৱা নাই ।

তথ্য মতে, কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েন্ট BF.7 যাক Omicron ভেৰিয়েন্ট বুলিও কোৱা হয় ই অতি সংক্ৰামক আৰু ইয়াৰ সংক্ৰমণৰ সম্ভাৱনাও অধিক বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ক'ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ Alzheimerত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.