New anti cancer agent: ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু

author img

By

Published : Jan 4, 2023, 1:47 PM IST

Anti cancer properties
কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু ()

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে ভাৰততো চলিছে কৰ্কট ৰোগৰ চিকিৎসা সম্পৰ্কীয় গৱেষণা । ইয়াৰ মাজতেই মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, পুনেৰ আঘাৰকাৰ গৱেষণা প্ৰতিষ্ঠান আৰু আইআইটি হায়দৰাবাদৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু (Alternative drug molecule on Cancer cells) ।

নেশ্য়নেল ডেস্ক, ৪ জানুৱাৰী : ভাৰতত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত গৱেষকসকলে আৰু এখোপ আগুৱাই যাবলৈ সক্ষম হৈছে (Cancer) । এইবাৰ গৱেষকৰ দল এটাই আৱিষ্কাৰ কৰিছে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু (anti cancer agent) । এই অণুবিধৰ কৰ্কট কোষবোৰক প্ৰসাৰত বাধা দিব পৰা ক্ষমতা আছে বুলি কিছু তথ্য় লাভ কৰিছে গৱেষকসকলে । মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (Tata Institute of Fundamental Research), পুনেৰ আঘাৰকাৰ গৱেষণা প্ৰতিষ্ঠান (Agharkar Research Institute) আৰু আইআইটি হায়দৰাবাদৰ বিজ্ঞানীসকলে এইবিধ বৈকল্পিক ঔষধৰ অণু আৱিষ্কাৰ কৰিছে (IIT Hyderabad) ।

গৱেষকৰ দলটোৱে উল্লেখ কৰা মতে, এই বৈকল্পিক ঔষধৰ অণুই কৰ্কট কোষবোৰত উচ্চ এণ্টিটিউমাৰৰ সম্ভাৱনা সূচায় । তদুপৰি ৰক্তনলীৰ অবাঞ্ছিত বিকাশ (Antiangiogenic effect)হ্ৰাস কৰাৰ ব্যতিক্ৰমী ক্ষমতা আছে । ৰোগীসকলৰ শৰীৰত বিকশিত কৰা কোষৰ দ্ৰুত প্ৰতিৰোধৰ বাবে প্লেটিনাম ঔষধৰ সীমিত প্ৰযোজ্যতাৰ বাবে এয়া গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় (Anti cancer properties)। এইবিধ ঔষধ বৰ্তমান কেইবা প্ৰকাৰৰ কৰ্কট ৰোগৰ বাবে মুখ্য চিকিৎসা বিকল্প হিচাপে গণ্য় কৰা হয় । এই ক্ষেত্ৰত টিআইএফআৰৰ মালয় পাত্ৰ, মানিকান্দন এম, সুশান্ত ছত্ৰ, শুভংকৰ গাদ্ৰে, এআৰআইৰ চিন্ময় পাত্ৰ আৰু গৌৰৱ চক্ৰৱৰ্তী, আৰু আইআইটি হায়দৰাবাদৰ নৌশাদ আহমেদক লৈ গঠিত এটা দলে যুটীয়াভাৱে দীৰ্ঘদিন ধৰি এই অধ্যয়ন চলাইছিল ।

উক্ত গৱেষকৰ দলটোৰ অন্য়তম সদস্য় মালয় পাত্ৰই আইএএনএছক কয় যে নতুন থেৰাপিউটিক এজেণ্ট,'ৰুথেনিয়াম-ফেৰোচিন বাইমেটালিক'ৰ এণ্টিপ্ৰলিফাৰেচন (কোষৰ বিকাশ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ) (Ruthenium Ferrocene Bimetallic) আৰু এণ্টিএঞ্জিওজেনেচিছৰ জৰিয়তে মেটাষ্টেচিছ (বিকাশ) পৰীক্ষা কৰি প্ৰাথমিক টিউমাৰৰ বিকাশ নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে । টিআইএফআৰৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ ঔষধি ৰসায়ন বিজ্ঞান আৰু কোষ জীৱবিজ্ঞান গৱেষণাগাৰৰ মুখ্য অনুসন্ধানকাৰীগৰাকীয়ে পুনৰ কয় যে নতুন এজেণ্টে নতুন ৰক্ত নলীৰ বিকাশ সীমিত কৰে (platinum drug) ।

তেওঁ কয় যে কোষীয় আৰ্হি আৰু জেব্ৰাফিছৰ ক্ষেত্ৰত ব্যাপক জৈৱিক অনুসন্ধান কৰা হৈছে (Zebrafish)। এই দলটোৱে এতিয়া নিগনিৰ দৰে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত কৰ্কট ৰোধ কৰিব পৰা গুণাগুণ আৰু নতুন এজেণ্টৰ বিষাক্ত প্ৰভাৱ সম্পৰ্কে পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে । দলটোৰ এই গৱেষণা সম্পৰ্কে এচিএছ জাৰ্ণালত প্ৰকাশ কৰা হৈছে । ইয়াত প্লেটিনাম প্ৰতিৰোধী কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে থেৰাপিউটিক এজেণ্টৰ সাম্ভাব্য প্ৰভাৱ সম্পৰ্কে ব্য়াখ্য়া কৰা হৈছে বুলি পাত্ৰই কয় ।

লগতে পঢ়ক:Intranasal Covid vaccine: ভাৰতত আহিবলগীয়া তৃতীয় পালি ক'ভিড ভেকচিনৰ মূল্য কিমান জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.