ETV Bharat / bharat

২০৩০ চনৰ ভিতৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:58 PM IST

India to be third largest economy by 2030
২০৩০ চনৰ ভিতৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি

এছ এণ্ড পি গ্লোবেল ৰেটিংছৰ মতে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব । অৱশ্যে এই সময়ছোৱাত সুযোগ মুকলি আৰু গোলকীয় উৎপাদন কেন্দ্ৰ হোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰত । অহা ৩ বছৰত ভাৰতত দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি হ'ব ।

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব । কিন্তু অপৰিসীম সুযোগ মুকলি কৰা আৰু পৰৱৰ্তী বৃহৎ গোলকীয় উৎপাদন কেন্দ্ৰ হোৱা দেশখনৰ বাবে ডাঙৰ পৰীক্ষা হ'ব । মঙলবাৰে এছ এণ্ড পি গ্লোবেল ৰেটিংছে এই কথা প্ৰকাশ কৰিছে । আমেৰিকাৰ ৰেটিং সংস্থাটোৱে আশা কৰিছে যে অহা ৩ বছৰত ভাৰত দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি হ'ব । ২০২৬ চনৰ ভিতৰত জিডিপি বৃদ্ধি হৈ ৭ শতাংশত উপনীত হ'ব । চলিত বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৬.৪ শতাংশ ।

এছ এণ্ড পি গ্লোবেল ৰেটিংছৰ মতে ২০২৩ চনৰ মাৰ্চত সমাপ্ত হোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৭.২ শতাংশ বৃদ্ধি পাইছে । জুনৰ পৰা ছেপ্টেম্বৰলৈ এই ৩ মাহত ভাৰতৰ জিডিপি ক্ৰমান্বয়ে ৭.৮ শতাংশ আৰু ৭.৬ শতাংশ সম্প্ৰসাৰিত হৈছে । এছ এণ্ড পি গ্লোবেল ৰেটিংছে আশা কৰা মতে অহা তিনি বছৰৰ ভিতৰত দ্ৰুতগতিত বিকশিত হোৱা মুখ্য অৰ্থনীতি হ'ব । অৱশ্যে ভাৰত পৰৱৰ্তী বৃহৎ গোলকীয় উৎপাদন কেন্দ্ৰ হ'ব পাৰিবনে নাই সেয়া ডাঙৰ প্ৰত্যাহ্বান হ'ব ।

এছ এণ্ড পিয়ে 'গ্লোবেল ক্ৰেডিট আউটলুক ২০২৪: নিউ ৰিস্কছ, নিউ প্লেবুক' শীৰ্ষক প্ৰতিবেদনত কয় যে ভাৰতক সেৱা প্ৰধান অৰ্থনীতিৰ পৰা উৎপাদন-প্ৰভাৱশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাত এক শক্তিশালী লজিষ্টিক ফ্ৰেমৱৰ্ক বিকশিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব ।

২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত ৩.৭৩ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ জিডিপিৰ ভাৰত বৰ্তমান আমেৰিকা, চীন, জাৰ্মানী আৰু জাপানৰ পাছত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ আছে । আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) ২০২৭-২৮ বৰ্ষত তৃতীয় সৰ্ববৃহৎ জিডিপিৰ সৈতে ভাৰতক ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হ'ব বুলি অনুমান কৰিছিল ।

এছ এণ্ড পিয়ে কয় যে শ্ৰমিক বজাৰৰ সম্ভাৱনা মুকলি কৰাটো মুখ্যতঃ শ্ৰমিকসকলক উৎসাহিত কৰা আৰু কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ ওপৰত নিৰ্ভৰ কৰিব । ঘৰুৱা ডিজিটেল বজাৰে পৰৱৰ্তী দশকত ভাৰতৰ উচ্চ-বিকাশৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰত সম্প্ৰসাৰণত ইন্ধন যোগাব পাৰে । এছ এণ্ড পিয়ে লগতে কয় যে ২০২৪ চনত ৫০ খনতকৈও অধিক দেশত নিৰ্বাচন (ৰাষ্ট্ৰপতি বা আইনী) আছে । তাৰ প্ৰভাৱ বিশ্বজুৰি পৰিব পাৰে ।

এছ এণ্ড পিয়ে কয় যে ইউক্ৰেইন আৰু ইজৰাইলৰ বাবে অতিৰিক্ত পুঁজিৰ বাবে সমৰ্থন সন্দৰ্ভত কংগ্ৰেছৰ বিভিন্ন স্থিতিৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰাচ্য আৰু ৰাছিয়া-ইউক্ৰেইন দুয়োটা পৰিস্থিতিত অনিশ্চয়তাৰ স্তৰ যোগ দিছে । প্ৰতিষ্ঠানটোৱে লগতে কয় যে ইণ্ডোনেছিয়া, ভাৰত, দক্ষিণ আফ্ৰিকা আৰু মেক্সিকোকে ধৰি বহুতো দেশত ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :শীতকালীন অধিবেশন, ৰাজ্যসভাত দেশৰ অৰ্থনৈতিক পৰিস্থিতিকলৈ হ'ব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.