Covid 19 In India : দেশত নতুনকৈ আক্ৰান্ত ৬,৮২২ গৰাকী লোক

author img

By

Published : Dec 7, 2021, 12:54 PM IST

new Covid cases

পূৰ্বৰ তুলনাত দেশত কৰ'ণাৰ সংক্ৰমণ হ্ৰাস হৈছে (Covid infections decline in India) । যোৱা ২৪ ঘণ্টাত মাত্ৰ ৬,৮২২ গৰাকী লোক নতুনকৈ ক'ভিড-১৯ ৰ চিকাৰ হৈছে । সমান্তৰালকৈ এই সময়চোৱাত দেশত ৭৯,৩৯,০৩৮ গৰাকী লোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে ।

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ : শেহতীয়াকৈ ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণে সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি কৰিছে । ভাৰততো ধৰা পৰিছে এই নতুন প্ৰকাৰ (Omicron cases reported in India)। অৱশ্যে ইয়াৰ মাজতে সামগ্ৰিকভাৱে দেশত কৰ'ণাৰ সংক্ৰমণ লাহে লাহে হ্ৰাস হৈছে (Covid infections decline in India) । যোৱা ২৪ ঘণ্টাত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৫৫৮ দিনৰ ভিতৰত আটাইতকৈ কম সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মাত্ৰ ৬,৮২২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইফালে এটা দিনত ২২০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে । ইয়াৰ লগে লগে দেশত মুঠ মৃত্যুৰ সংখ্যা হ'লগৈ ৪,৭৩,৭৫৭ টা । যোৱা ২৪ ঘণ্টাত এই ৰোগৰ পৰা আৰোগ্য হৈছে ১০,০০৪ গৰাকী লোক ৷ যাৰ ফলত সৰ্বমুঠ আৰোগ্যৰ সংখ্যা ৩,৪০,৭৯,৬১২ লৈ বৃদ্ধি হৈছে ।

ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৩৬ শতাংশ । দেশত এতিয়াও আক্ৰান্ত ৰোগী ৯৫,০১৪ গৰাকী আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালকৈ দেশত ক'ভিড পৰীক্ষাও অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে । যোৱা ২৪ ঘণ্টাত মুঠ ১০,৭৯,৩৮৪ টা ক'ভিড পৰীক্ষা কৰা হৈছে । ইয়াৰ ফলত সামগ্ৰিক ক'ভিড পৰীক্ষাৰ সংখ্যা ৬৪.৯৪ কোটিতকৈও অধিক হৈছে ।

দেশত সাপ্তাহিক আক্ৰান্তৰ হাৰ .৭৮ শতাংশ আনহাতে দৈনিক আক্ৰান্তৰ হাৰ হৈছে .৬৩ শতাংশ । যোৱা ২৪ ঘণ্টাত দেশৰ ৭৯,৩৯,০৩৮ গৰাকী লোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে । দেশত এতিয়ালৈ প্ৰায় ১২৮.৭৬ কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে । বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও ২০.১৩ কোটিতকৈও অধিক অব্যৱহৃত পালি মজুত আছে ।

লগতে পঢ়ক : Omicron in Mumbai : মুম্বাইত 6 নাইজেৰিয়ান ব্যক্তিৰ দেহত চিনাক্ত অ’মিক্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.