ETV Bharat / bharat

COVID-19: ভাৰতত নতুনকৈ ২৯,৬৮৯ জন লোক আক্ৰান্ত

author img

By

Published : Jul 27, 2021, 1:33 PM IST

ভাৰতত যোৱা ২৪ ঘণ্টাত ৪১৫ গৰাকী ক'ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । আনহাতে, সোমবাৰৰ দিনটোত নতুনকৈ ২৯,৬৮৯ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে ।

India records 29,689 fresh covid cases
ভাৰতত নতুনকৈ ২৯,৬৮৯ জন লোক আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৭ জুলাই : ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ তুলনামূলকভাৱে ভাৰতত হ্ৰাস পাইছে । সোমবাৰৰ দিনটোতো ভাৰতত হ্ৰাস পালে ক'ভিড-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা । যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৯,৬৮৯ জন লোক ক'ভিড মহামাৰীৰ কবলত পৰে । ইফালে, ৪১৫ জনে প্ৰাণ কাঢ়ি নিলে কাল কৰ'ণাই ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে পুৱা ৮ বজাত এই তথ্য প্ৰকাশ কৰে । এতিয়ালৈকে ভাৰতত ৪,২১,৩৮২ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩,৯৮,১০০ জন । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে ৩,০৬,২১,৪৬৯ জন লোক আৰোগ্য হৈ উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, দেশত বৰ্তমানলৈকে ৪৪,১৯,১২,৩৯৫ জন লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি, ২৬ জুলাই পৰ্যন্ত ৪৫,৯১,৬৪,১২১ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

সোমবাৰে ১৭,২০,১১০ জনৰ নমুনা পৰীক্ষা কৰা হয় । আনহাতে, এতিয়াও ভাৰতৰ কেতবোৰ জিলাত দৈনিক আক্ৰান্তৰ হাৰ আশানুৰূপভাৱে হ্ৰাস পোৱা নাই । সেয়ে, প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । নিৰ্ধাৰিত সময়ৰ বাবে সান্ধ্য আইনো জাৰি কৰা হৈছে অধিক সংক্ৰমণ হোৱা ৰাজ্যবোৰত ।

সমান্তৰালকৈ টীকাকৰণ অভিযানো অব্যাহত আছে । অৱশ্যে বহু ঠাইত প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে, এতিয়াও দেশৰ ৰাজ্যবোৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত পৰ্যাপ্ত পৰিমাণে ক'ভিড-১৯ৰ প্ৰতিষেধক মজুত আছে ।

লগতে পঢ়ক : কিয় এই সীমা বিবাদ : অসমক জগৰীয়া কৰিলে মিজোৰামৰ গৃহমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.