ETV Bharat / bharat

Ministry of External Affairs: ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দী নাগৰিকৰ তালিকা বিনিময়

author img

By

Published : Jan 1, 2023, 4:09 PM IST

পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে ভাৰতৰ 51গৰাকী অসামৰিক ব্যক্তি আৰু 654গৰাকী মাছমৰীয়া ৷ দেওবাৰে দুয়োখন দেশত বন্দী হৈ থকা কাৰাবন্দীৰ তালিকা প্ৰকাশ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য ৷ ভাৰততো বন্দী হৈ আছে পাকিস্তানৰ 654গৰাকী মাছমৰীয়া ৷

Ministry of External Affairs
ভাৰত আৰু পাকিস্তানৰ মাজত কাৰাবন্দী নাগৰিকৰ তালিকা বিনিময়

নেশ্যনেল ডেস্ক: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ভাৰত আৰু পাকিস্তানৰ মাজত দুয়োখন দেশত বন্দী হৈ থকা অসামৰিক কাৰাবন্দী আৰু মাছমৰীয়াসকলৰ তালিকা ভাগবটোৱাৰা কৰা হয়(exchanged the lists of civilian prisoners and fishermen) ৷ এই কথা সদৰী কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে(Ministry of External Affairs) ৷

উল্লেখ্য যে, 2008 চনৰ কনচুলাৰ প্ৰৱেশাধিকাৰ চুক্তি(2008 Agreement on Consular Access) অনুসৰি এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল আৰু প্ৰতিবছৰে পহিলা জানুৱাৰী আৰু পহিলা জুনত দেশ দুখনত বন্দী হৈ থকা অসামৰিক লোকসকলৰ তালিকা প্ৰকাশ কৰা হয় ৷

দেওবাৰে ভাৰতে 339গৰাকী পাকিস্তানী অসামৰিক ব্যক্তি(Pakistani civilian prisoners) আৰু 95গৰাকী মাছমৰীয়াৰ তালিকা(Pakistani fishermen) প্ৰকাশ কৰাৰ বিপৰীতে পাকিস্তানে ভাৰতৰ 51গৰাকী অসামৰিক ব্যক্তি আৰু 654গৰাকী মাছমৰীয়া বন্দীৰ তালিকা প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই লোকসকলে ভুলবশত বা অনাধিকাৰ প্ৰৱেশ কৰিছিল দেশ দুখনৰ ভিতৰত ৷

দেওবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে পাকিস্তানত বন্দী হৈ থকা ভাৰতৰ সাধাৰণ নাগিৰক, সন্ধানহীন হৈ থকা ভাৰতীয় সেনা জোৱান আৰু মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাই(India asked to release the prisoners) ৷ এইসকলৰ ভিতৰত ভাৰতে পাকিস্তানত কাৰাবন্দীৰ ম্যাদ ওকলা আৰু ভাৰতীয় নাগৰিকত্ব নিশ্চিত হোৱা 631গৰাকী মাছমৰীয়া আৰু দুগৰাকী সাধাৰণলোকক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে ৷

আনহাতে, ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে পাকিস্তান চৰকাৰক বাকী থকা 30গৰাকী ভাৰতীয় মাছমৰীয়া আৰু 22গৰাকী সাধাৰণ লোকক কনচুলাৰ প্ৰৱেশাধিকাৰ চুক্তি অনুসৰি মুকলি কৰি দিয়াৰ কাম-কাজ ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে ৷

আনহাতে ভাৰতত বন্দী হৈ থকা মাছমৰীয়া আৰু সাধাৰণ লোকসকলক পাকিস্তানৰ নাগৰিকত্ব নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে, পাকিস্তানী নাগৰিকসকলৰ নাগৰিকত্ব নিশ্চিত নোহোৱাৰ বাবে সম্প্ৰতি ভাৰতে বন্ধ কৰি ৰাখিছে প্ৰত্যাৱৰ্তন ৷ পাকিস্তান চৰকাৰে যাৱতীয় তথ্য প্ৰদান কৰিলেই মুকলি কৰি দিয়া হ’ব কাৰাবন্দীসকলক ৷

লগতে পঢ়ক: Union Governments finances in 2022 : দেশৰ শেহতীয়া বিত্তীয় বৰ্ষলৈ ঘূৰি চাও আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.