ETV Bharat / bharat

Indus Water Row : সিন্ধু নদীৰ পানী বিতৰ্ক; ভিয়েনাত নিৰপেক্ষ বিশেষজ্ঞ কাৰ্যক্ৰমত উপস্থিত ভাৰত পাকিস্তান

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:36 PM IST

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, ২০ আৰু ২১ ছেপ্টেম্বৰত ভিয়েনাৰ স্থায়ী মধ্যস্থতা আদালতত ভাৰতৰ অনুৰোধত অনুষ্ঠিত নিৰপেক্ষ বিশেষজ্ঞৰ কাৰ্যক্ৰমৰ এক বৈঠকত ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ।

Indus Water Row
Indus Water Row

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত ঘোষণা কৰিছে যে ভাৰতৰ এটা প্ৰতিনিধি দলে ২০ আৰু ২১ ছেপ্টেম্বৰত ভিয়েনাৰ স্থায়ী মধ্যস্থতা আদালতত কিশেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ত নিৰপেক্ষ বিশেষজ্ঞৰ কাৰ্যক্ৰমৰ এখন বৈঠকত অংশগ্ৰহণ কৰে । সিন্ধু জলচুক্তিৰ অধীনত ভাৰতৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত নিযুক্ত নিৰপেক্ষ বিশেষজ্ঞৰ দ্বাৰা বৈঠকখনৰ আহ্বান কৰা হৈছিল ।

উক্ত বৈঠকত ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । বৈঠকত ভাৰতৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব প্ৰদান কৰে জলসম্পদ বিভাগৰ সচিবে । জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে কে চিয়ে বিষয়টোত ভাৰতৰ মুখ্য পৰামৰ্শদাতা হিচাপে বৈঠকত উপস্থিত থাকে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "এই বৈঠকত ভাৰতৰ অংশগ্ৰহণ সিন্ধু জলচুক্তিত প্ৰদান কৰা শ্ৰেণীবদ্ধ প্ৰণালী অনুসৰি ভাৰতৰ স্থিৰ, নীতিগত স্থিতিৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু নিৰপেক্ষ বিশেষজ্ঞৰ প্ৰক্ৰিয়া এই মুহূৰ্তত একমাত্ৰ বৈধ প্ৰক্ৰিয়া ।"

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াক কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কীয় একেটা বিষয়ৰ ওপৰত 'অবৈধভাৱে গঠিত মধ্যস্থতা আদালত'ৰ দ্বাৰা চলোৱা সমান্তৰাল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ অস্বীকাৰৰ কাৰণ হিচাপে উল্লেখ কৰে । "এই কাৰণেই ভাৰতে কিশেণগংগা আৰু ৰটল এইচইপি সম্পৰ্কীয় একেটা বিষয়ৰ ওপৰত অবৈধভাৱে গঠিত মধ্যস্থতা আদালতৰ দ্বাৰা পৰিচালিত সমান্তৰাল প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ।" মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত প্ৰকাশ ।

ইয়াৰ উপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, নিৰপেক্ষ বিশেষজ্ঞৰ প্ৰক্ৰিয়া চলি আছে আৰু এয়া কিছুদিন অব্যাহত থাকিব বুলি আশা কৰা হৈছে । লগতে কয় যে ভাৰতে সিন্ধু জলচুক্তিৰ ব্যৱস্থা অনুসৰি সমস্যাসমূহৰ সমাধানত সহায় কৰা ধৰণে জড়িত হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ইয়াৰ পূৰ্বে জুলাই মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে সিন্ধু জলচুক্তিৰ দ্বাৰা পৰিকল্পনা নকৰা সমান্তৰাল প্ৰক্ৰিয়াত ভাৰতক অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি । লগতে কোৱা হৈছে যে নতুন দিল্লীৰ 'স্থিৰ আৰু নীতিগত স্থিতি' হৈছে যে তথাকথিত মধ্যস্থতা আদালতৰ গঠন সিন্ধু জলচুক্তিৰ বিধানৰ উলংঘন ।

লগতে পঢ়ক :Sikh killing in Canada : ভাৰতীয় কূটনীতিবিদৰ ওপৰত কানাডাৰ নিৰীক্ষণ, যাৰ বাবে শিখ কানাডিয়ানক হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.