ETV Bharat / bharat

Covid 19 in India : দেশত কৰ’ণাৰ শেহতীয়া তথ্য

author img

By

Published : Mar 3, 2022, 2:31 PM IST

Cases of Covid in country
দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিদৰ সংক্ৰমণ

পুনৰ দেশত বৃদ্ধি পাইছে ক'ভিড 19 ৰ সংক্ৰমণ(Covid 19 update in India) । এটা দিনতে ক'ভিডত আক্ৰান্ত হৈছে ৬,৫৬১ গৰাকী লোক আৰু মৃত্যু হৈছে ১৪২ গৰাকীৰ ৷ আৰোগ্যৰ হাৰ ৯৮.৬২ শতাংশ ৷

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিড 19 ৰ সংক্ৰমণ(Covid 19 update in India) । ভাৰতত বুধবাৰৰ দিনটোত ক'ভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৬,৫৬১ গৰাকীলৈ আনহাতে মৃত্যু হৈছে ১৪২ গৰাকীৰ । ইয়াৰ লগতে দেশত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৪,২৯,৪৫,১৬০ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে মৃত্যু হৈছে ৫,১৪,৩৮৮ গৰাকীৰ ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) শুকুৰবাৰে প্ৰকাশ কৰে এই তথ্য ৷ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত শেহতীয়াকৈ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৭৭,১৫২ গৰাকীলৈ হ্ৰাস পাইছে । অৱশ্যে এতিয়াও ১৪২ জন লোক এই ৰোগত আক্ৰান্ত হৈ আছে । ইয়াৰ লগতে দেশত সক্ৰিয় সংক্ৰমণৰ হাৰ ০.১৮ শতাংশ হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৯৮.৬২ শতাংশলৈ উন্নীত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৯৯ শতাংশ আৰু দৈনিক পজিটিভিটিৰ হাৰ হৈছে ০.৭৪ শতাংশ । ক'ভিদৰ পৰা আৰোগ্য লাভ কৰিছে ৪,২৩,৫৩,৬২০ জন ৷ মৃত্যুৰ হাৰ ১.২০ শতাংশ । দেশজুৰি চলি থকা টীকাকৰণ অভিযানত এতিয়ালৈ ১৭৮.০২ কোটিৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.