ETV Bharat / bharat

Maritime Trade via Chabahar Port : ভাৰত-উজবেকিস্তানৰ মাজত দ্বিপাক্ষিক বৈঠক

author img

By

Published : Jul 28, 2022, 10:50 PM IST

ভাৰত আৰু উজবেকিস্তানে ইৰাণৰ চাবাহাৰ বন্দৰৰ জৰিয়তে সামুদ্ৰিক বাণিজ্যৰ বিকল্প বিস্তাৰৰ অন্বেষণ কৰিব ৷ এমাহৰ ভিতৰত চাবাহাৰ হৈ তাছকন্দ আৰু মুম্বাইৰ মাজত পাইলট কণ্টেইনাৰ কাৰ্গ' পৰিবহণ কৰিব উজবেকিস্তানে (Maritime Trade via Chabahar Port) ৷ ভাৰতে উজবেকিস্তানক তেওঁলোকৰ পৰম্পৰাগত ঔষধি প্ৰণালীৰ অন্বেষণত সহযোগিতা আগবঢ়াব ৷ ভাৰতৰ এটা পেছাদাৰী আয়ুষ দলে শীঘ্ৰে ভ্ৰমণ কৰিব উজবেকিস্তান ৷

Maritime Trade via Chabahar Port
Maritime Trade via Chabahar Port

নিউজ ডেস্ক, 28 জুলাই: আজি নতুন দিল্লীত ভাৰত আৰু উজবেকিস্তানৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় (Bilateral meeting of India Uzbekistan) ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উজবেকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বিনিয়োগ আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী জামছিদ খোদজায়েভে ইৰাণৰ চাবাহাৰ বন্দৰৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামুদ্ৰিক বাণিজ্যৰ বিকল্প বিস্তাৰৰ অন্বেষণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে এই বৈঠকত (Alternative vista of Maritime Trade)।

Maritime Trade via Chabahar Port
ভাৰত-উজবেকিস্তানৰ মাজত দ্বিপাক্ষিক বৈঠক

বৈঠকত উজবেকিস্তানৰ প্ৰতিনিধি দলটোৱে তাছকন্দৰপৰা মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰলৈ ইৰাণৰ চাবাহাৰ বন্দৰ হৈ পাইলট কণ্টেইনাৰ কাৰ্গ' পৰিবহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে । ভাৰত আৰু উজবেকিস্তান দুয়োখন ৰাষ্ট্ৰ এইক্ষেত্ৰত সন্মত হৈছে যে, এই নতুন ভিষ্টাই মধ্য এছিয়া আৰু দক্ষিণ এছিয়া অঞ্চলৰ মাজত ট্ৰেন্স কাস্পিয়ান মাল্টি ম'ডেল ট্ৰেঞ্জিট কৰিড'ৰৰ ভৱিষ্যতৰ সম্ভাৱনা উন্মোচন কৰিব পাৰে ।

আলোচনাৰ শেষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, "ভাৰত আৰু উজবেকিস্তানৰ মাজত বহু বছৰ ধৰি এক সুন্দৰ সম্পৰ্ক আছে । উজবেকিস্তানৰ মাননীয় উপ-প্ৰধানমন্ত্ৰী শ্ৰী জামছিদ খোদজায়েভক লগ পাই আমি আনন্দিত হৈছোঁ । দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আমি ইতিমধ্যে বিভিন্ন আলোচনা কৰোঁ । আমি চাবাহাৰ বন্দৰ হৈ তাছকন্দ আৰু মুম্বাইৰ মাজত সামুদ্ৰিক বাণিজ্যৰ এক বিকল্প বিস্তাৰৰ অন্বেষণ কৰিব বিচাৰোঁ । ই কেৱল বাণিজ্যৰ নতুন সুযোগ মুকলি কৰাই নহয়, লগতে মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বজাৰৰ মাজত বাণিজ্যিক সাৰ্থকতা শক্তিশালী কৰিব ।"

পৰম্পৰাগত ঔষধি পদ্ধতিয়ে দুয়োখন দেশৰ স্বাস্থ্য সেৱাৰ সমৃদ্ধি আৰু ৰোগী যত্নৰ ক্ষেত্ৰত প্ৰশস্ত কৰিব পৰা বিভিন্ন ফলপ্ৰসূ সম্ভাৱনাসমূহো বৈঠকত আলোচনা কৰা হয় । ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে উজবেকিস্তানৰ পৰম্পৰাগত ঔষধ পদ্ধতিবোৰৰ পুনৰুজ্জীৱিতকৰণ আৰু বিকাশৰ বাবে এক ৰ'ডমেপ সৃষ্টি কৰাত সহায় কৰিবলৈ উজবেকিস্তানলৈ পেছাদাৰীসকলৰ এটা দল প্ৰেৰণ কৰিব বুলিও সন্মত হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "ভাৰত আৰু উজবেকিস্তানৰ পৰম্পৰাগত ঔষধ প্ৰণালীৰ জৰিয়তে কেনেদৰে স্বাস্থ্য সেৱাত নতুন সম্ভাৱনাৰ পাৰস্পৰিক দুৱাৰ মুকলি কৰিব পাৰি, সেই বিষয়ে আমি আলোচনা কৰিছোঁ । মানৱ জীৱনৰ সমৃদ্ধিৰ দিশত পৰম্পৰাগত ঔষধ পদ্ধতিৰ সমৃদ্ধিৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ । উজবেকিস্তানৰ ঔষধ পদ্ধতিক আধুনিক আৰু বৈজ্ঞানিক উপায়েৰে অন্বেষণ আৰু মানৱ সমাজৰ হিতৰ বাবে ইয়াৰ বিকাশৰ ক্ষেত্ৰত দেশখনৰ সৈতে সন্মিলিত প্ৰচেষ্টাৰে কাম কৰিবলৈ ভাৰত আগ্ৰহী" ৷

লগতে পঢ়ক : Hindu women DSP in Pakistan police : মনিষা ৰ’পেটাই ৰচিলে ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.