Rahul Gandhi reacts over Adani issue : ৰাহুল গান্ধীৰ মতে আদানীৰ প্ৰসংগক লৈ এতিয়াও শংকিত চৰকাৰ

author img

By

Published : Mar 16, 2023, 8:26 PM IST

Updated : Mar 17, 2023, 3:17 PM IST

Rahul Gandhi reacts over Adani issue

লণ্ডনত ৰাহুল গান্ধীৰ ভাষণক লৈ উত্তাল সদন । বৃহস্পতিবাৰে দিনটোৰ বাবে স্থগিত সদন । চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ (Rahul Gandhi slams BJP Govt)। আদানীৰ প্ৰসংগক লৈ একে স্থিতি বিৰোধী কংগ্ৰেছৰ ।

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ : ব্ৰিটেইনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'ডেমক্ৰেচি ইন ডেঞ্জাৰ' শীৰ্ষক ভাষণক লৈ উত্তাল সদন (Rahul Gandhi speech in London)। বৃহস্পতিবাৰে উক্ত ভাষণক লৈ উত্তাল হৈ পৰা সদন স্থগিত ৰখা হয় । দুয়োখন সদন দিনটোৰ বাবে স্থগিত ৰখাৰ কেইঘণ্টামান পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Rahul Gandhi reacts after parliament adjourned)।

তেওঁৰ মতে সংসদত হোৱা হুলস্থূল বিজেপি চৰকাৰৰ এক বিভ্ৰান্তিকৰ ৰণনীতিৰ অংশ (Uproar in Parliament over Adani issue)। কিয়নো মূল প্ৰশ্নটো আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানীৰ মাজৰ সম্পৰ্ক (PM Modi and Adani issue)। সেই সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল যদিও উত্তৰ দিয়া হোৱা নাই ।

ৰাহুল গান্ধীয়ে উল্লেখ কৰা মতে ৪ গৰাকী মন্ত্ৰীয়ে তেওঁক সংসদত অভিযুক্ত সজাইছে । সেয়ে তেওঁৰ মন্তব্য সংসদত উত্থাপন কৰাটো তেওঁৰ অধিকাৰ বুলিও উল্লেখ কৰে । ৰাহুল গান্ধীয়ে আশা কৰা মতে তেওঁক সদনত ক'বলৈ দিয়া হ'ব । ৰাহুল গান্ধীয়ে উল্লেখ কৰা মতে তেওঁৰ আগমণৰ এক মিনিটৰ ভিতৰতে সদন স্থগিত ৰখা হৈছে । কিন্তু ৰাহুল গান্ধী আশাবাদী যে তেওঁক শুকুৰবাৰে কথা ক'বলৈ অনুমতি দিয়া হ'ব ।

সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে তেওঁ সদনত উত্থাপন কৰা প্ৰশ্নবোৰ আঁতৰাই দিয়া হৈছে । চৰকাৰে এতিয়াও আদানী বিষয়টোক লৈ ভয় খাই আছে । আনহাতে আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজৰ সম্পৰ্কটোৱে আছিল তেওঁৰ মূল প্ৰশ্ন । সেয়ে তেওঁ সন্দেহ কৰিছে যে সম্ভৱত তেওঁক সদনত এই বিষয়ে কথা ক'বলৈ নিদিব ।

উল্লেখ্য যে ১৩ মাৰ্চত বাজেট অধিৱেশনৰ দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে আদানীৰ প্ৰসংগত প্ৰশ্ন কৰিছিল (Parliament adjourned on Thursday)। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে আদানী-হিণ্ডেনবাৰ্গ বিষয়টোৰ যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ বাবে জোৰ দি আহিছে আৰু কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানীৰ মাজত কথিত সম্পৰ্কৰ তদন্তৰ বাবে এনে পেনেলৰ প্ৰয়োজন ।

ইয়াৰ বিপৰীতে আকৌ চৰকাৰে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ লণ্ডনত ভাৰতীয় গণতন্ত্ৰৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে প্ৰথমে তেওঁ ক্ষমা বিচাৰিব লাগে । আদানি বিষয়টোৰ জেপিচি তদন্তৰ দাবীত ১৭ টা দলৰ এটা গোটৰ নেতৃত্ব দি কংগ্ৰেছ ৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে ৰাহুল গান্ধীয়ে ক্ষমা নিবিচাৰে কিয়নো তেওঁ বিদেশৰ মাটিত একো ভুল কোৱা নাছিল আৰু চৰকাৰৰ মন্ত্ৰীসকলে ইচ্ছাকৃতভাৱে তেওঁৰ মন্তব্যক বিতৰ্কলৈ আনিছে ।

দলীয় সূত্ৰৰ মতে লণ্ডন ভ্ৰমণৰ পৰা উভতি অহা ৰাহুল গান্ধী বৃহস্পতিবাৰে সংসদত উপস্থিত আছিল আৰু দুপৰীয়া ২ বজাত লোকসভাৰ অধিৱেশন পুনৰ অনুষ্ঠিত হোৱাৰ সময়ত তেওঁ ভাষণ দিব বিচাৰিছিল । অৱশ্যে, তেওঁক অনুমতি দিয়া হোৱা নাছিল ।

লগতে পঢ়ক :Kavitha to appear before ED today: আজি দ্বিতীয়বাৰৰ বাবে EDৰ জেৰাৰ সন্মুখীন হ’ব কে কবিতা

Last Updated :Mar 17, 2023, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.