Kavitha to appear before ED today: আজি দ্বিতীয়বাৰৰ বাবে EDৰ জেৰাৰ সন্মুখীন হ’ব কে কবিতা

author img

By

Published : Mar 16, 2023, 11:58 AM IST

BRS leader Kavitha to appear before ED today

বুধবাৰে উচ্চতম ন্যায়ালয়ে EDৰ চমন বাতিলৰ বাবে কে. কবিতাৰ জৰুৰী আবেদন মণ্জুৰ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত বৃহস্পতিবাৰে সংস্থাটোৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব নেতাগৰাকী।

নিউজ ডেস্ক, 16 মাৰ্চ: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত আজি দ্বিতীয়বাৰৰ বাবে EDৰ জেৰাৰ সন্মুখীন হ’ব কে কবিতা ৷ দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত BRS MLC কে কবিতাই বৃহস্পতিবাৰে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ (ED) সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাই এসপ্তাহ নৌহওঁতেই দ্বিতীয়বাৰৰ বাবে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব (BRS leader Kavitha to appear before ED today)। দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে কবিতা জড়িত আছিল বুলি অভিযোগ উত্থাপন কৰিছে ইডিয়ে (Delhi liquor policy case ) ৷

ইয়াৰ পূৰ্বে 11 মাৰ্চ, শনিবাৰে ৪৫ বছৰীয়া বিআৰএছ নেতাগৰাকীক ন ঘণ্টা ধৰি জেৰা কৰিছিল ED য়ে । বিআৰএছ নেতাগৰাকীয়ে তেওঁৰ আবেদনৰ ওপৰত জৰুৰী শুনানিৰ বাবে কৰা আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে জাৰি কৰা চমনৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন সকাহৰ আবেদন ২৪ মাৰ্চলৈ প্ৰেৰণ কৰে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠে কবিতাৰ দ্বাৰা দাখিল কৰা আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ২৪ মাৰ্চত কবিতাৰ আবেদনৰ শুনানি তালিকাভুক্ত কৰে । আবেদনৰ জৰুৰী শুনানি বিচাৰি কবিতাৰ অধিবক্তাই কয়, "এগৰাকী মহিলাক EDৰ কাৰ্যালয়লৈ মাতিব পাৰেনে ? ই সম্পূৰ্ণৰূপে আইনবিৰোধী।"

১১ মাৰ্চত কবিতাই জেৰাৰ সময়ত, হায়দৰাবাদস্থিত ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰনে দিয়া এক বিবৃতিৰ সন্মুখীন হৈছিল, য'ত সংস্থাটোৱে অৰুণ ৰামচন্দ্ৰনক কবিতাৰ হৈ বেনামীভাৱে কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰনক গ্ৰেপ্তাৰ কৰিছে বিধি বলবৎকাৰী সংস্থাই (Kavitha beneficiary of kickbacks in liquor scam) ৷ বিধি বলবৎকাৰী সংস্থাৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কে কবিতাই দলৰ কৰ্মীসকলক লগ কৰিছিল । ইয়াৰ পাছতে কেচিআৰৰ দিল্লীৰ বাসভৱনত এক চমু বৈঠকৰ অন্তত তেওঁৰ ভাতৃ আৰু মন্ত্ৰী কে টি ৰামা ৰাৱে তেওঁক লৈ গৈছিল ।

দক্ষিণৰ সুৰা গোটৰ সৈতে জড়িত অৰুণ ৰামচন্দ্ৰন পিল্লাইৰ জৰিয়তে সুৰা গোটটোক ৰাষ্ট্ৰীয় ৰাজধানীত বজাৰৰ বৃহৎ অংশ লাভ কৰাত সহায় কৰিবলৈ, দিল্লীৰ আম আদমী পাৰ্টিৰ নেতাসকলক এশ কোটিৰো অধিক উৎকোচৰ ধন প্ৰদান কৰা বুলি অভিযোগ উঠা পৰিলক্ষিত হৈছে ৷ এতিয়ালৈকে, বিধি বলবৎকাৰী সংস্থাটোৱে এই গোচৰত 12 জন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত আছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া (Manish Sisodia arrested)।

ইয়াৰ পূৰ্বে বুধবাৰে ১৩ টা বিৰোধী দলৰ নেতাই এক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে আৰু সৰ্বসন্মতিক্ৰমে সংসদৰ চলিত বাজেট অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ দাবী জনায়। যোৱা সপ্তাহত, কবিতাই সংসদৰ চলিত বাজেট অধিৱেশনত বিধেয়কখন প্ৰৱৰ্তনৰ দাবীত দিনজোৰা অনশনত বহিছিল, আৰু এইয়া পূৰ্বে নিৰ্ধাৰিত প্ৰতিবাদী কাৰ্যসূচী আছিল বুলি কৰা আবেদনৰ ভিত্তিত চমন পিছুৱাই দিছিল ED য়ে (Enforcement Directorate) ৷

লগতে পঢ়ক : Assam Budget 2023: আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.