ETV Bharat / bharat

Aligarh Divorce Case: মেকআপৰ খৰচ নিদিয়াৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

author img

By

Published : Dec 23, 2022, 10:26 PM IST

Aligarh Divorce Case
মেকআপৰ খৰচ নিদিয়াৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ মেকাপৰ নামত ব্যয় হোৱা খৰচ বহন কৰিবলৈ স্বামী অমান্তি হোৱাৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিছে পত্নীয়ে ৷

নেশ্যনেল ডেস্ক, 23 ডিচেম্বৰ: পাৰিবাৰিক সংঘাত বা আন বহু কাৰণত স্বামী-স্ত্ৰীৰ মাজত বিবাহ বিচ্ছেদ হয় ৷ কিন্তু এগৰাকী মহিলাই স্বামীৰে বিবাহ বিচ্ছেদ কৰিব বিচৰা কাৰণ শুনিলে চকু কপালত আপুনি হাঁহিবই নে কান্দিবই ! স্বামীয়ে প্ৰসাধনৰ খৰচ নিদিয়াৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিছে বিচাৰিছে এগৰাকী মহিলাই(wife asks for divorce for not to give her money for makeup) ৷

হয়, আলিগড়ত সংঘটিত হৈছে এই আজৱ ঘটনা(Aligarh Family Court divorce case) ৷ মেকআপৰ নামত ব্যয় হোৱা খৰচ বহন কৰিবলৈ অমান্তি হ’ল স্বামী(Husband does not give money for makeup) ৷ সেয়াই আছিল কাৰণ ৷ যাৰ বাবে এতিয়া এৰা-এৰি হোৱাৰ উপক্ৰম হৈছে স্বামী-স্ত্ৰীৰ ৷ কাৰণ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিলে পত্নীয়ে ৷

উল্লেখ্য যে, 2015 চনত দিল্লীৰ অমিত নামৰ যুৱকজনৰ সৈতে বিবাহ হৈছিল মহিলাগৰাকীৰ ৷ প্ৰথমাৱস্থাত দুয়োৰে মাজত সম্পৰ্ক ভালদৰেই চলি আছিল ৷ কিন্তু বিয়াৰ 3 বছৰৰ পিছতো দুয়োৰে মাজত আৰম্ভ হ’ল বিবাদ ৷ যাৰ পৰিপ্ৰেক্ষিটত পৃথকে-পৃথকে থকাৰ সিদ্ধান্ত ল’লে পতি-পত্নীয়ে ৷

ইমানদিনে সকলো এইদৰেই চলি আছিল যদিও এতিয়া স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতৰ দ্বাৰস্থ হৈ বিবাহ বিচ্ছেদ বিচাৰিছে ৷ বিচ্ছেদ বিচৰাৰ কাৰণ হিচাপে মহিলাগৰাকীয়ে আদালতত যুক্তি প্ৰদান কৰিছে যে ‘‘স্বামীয়ে তেওঁৰ মেকআপৰ খৰচ বহন নকৰে, মেকআপৰ বাবে টকা বিচাৰিলেই কাজিয়া আৰম্ভ হয় ৷’’

মহিলাগৰাকীৰ এই অদ্ভূত যুক্তি দেখি সম্প্ৰতি পতি-পত্নী দুয়োকে কাউন্সেলিঙৰ বাবে মাতিছে আদালতে ৷ দুয়োৰে সম্পৰ্ক যাতে আকৌ গঢ়ি উঠে তাৰ বাবেই প্ৰচেষ্টা আলিগড় পৰিবাৰিক আদালতৰ ৷

লগতে পঢ়ক: Skin Cancer Myths: জানো আহক Skin cancer সম্পৰ্কে কিছুমান ভুল ধাৰণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.