Honour killing in mathura: ঘৰত নোকোৱাকৈ বাহিৰলৈ যোৱাৰ বাবেই গুলীয়াই হত্যা যুৱতীক

author img

By

Published : Nov 21, 2022, 5:17 PM IST

honor killing in mathura

কন্যাক হত্যা কৰি চুটকেচত ভৰাই পেলাই দিলে পিতৃয়ে । সন্মানৰ খাতিৰত কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ পিতৃৰ ৷ ১৭ নৱেম্বৰৰ বিয়লি সংঘটিত হৈছিল এই হত্যাকাণ্ড । সম্প্ৰতি আৰক্ষীৰ জালত অভিযুক্ত পিতৃ (Sensational murder incident) ৷

নিউজ ডেস্ক, 21 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ সমীপত শুকুৰবাৰে তেজেৰে ৰক্তাক্ত হৈ থকা অৱস্থাত এটা ৰঙা ট্ৰলী উদ্ধাৰ হয় (Horror killing in mathura ) ৷ আৰক্ষীয়ে ৰঙা ট্ৰলীটোৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃতদেহটো দিল্লীৰ মৰবান্দ গাঁৱৰ নীতেশ যাদৱৰ কন্যা আয়ুশী যাদৱৰ (২১) বুলি চিনাক্ত কৰা হয় । দেওবাৰে সন্ধিয়া আয়ুশীৰ মাতৃ আৰু ভাতৃয়ে আহি মৃতদেহটো চিনাক্ত কৰে । আনহাতে আৰক্ষীৰ জেৰাত মৃত যুৱতীগৰাকীৰ পিতৃয়ে নিজ কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে(Father killed daughter in mathura) ৷

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ১৭ নৱেম্বৰৰ বিয়লি সংঘটিত হৈছিল এই হত্যাকাণ্ড । জীয়ৰীক হত্যা কৰাৰ পিছত নিশা তেওঁ নিজৰ গাড়ীত মৃতদেহটো আনি যমুনা এক্সপ্ৰেছৱেৰ কাষত পেলাই দিয়ে । যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ অনুসৰি, তেওঁৰ সন্মানৰ খাতিৰত কন্যাক গুলীয়াই হত্যা কৰিছিল ৷ আয়ুশীয়ে ঘৰত কাকো নজনোৱাকৈ ক’ৰবালৈ গৈছিল ৷ যাৰবাবে আয়ুশী ঘৰত আহি পোৱাৰ পাছত তেওঁ খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু আয়ুশীক হত্যা কৰে ৷

আৰক্ষীয়ে আয়ুশীৰ মৃতদেহটো উদ্ধাৰৰ পাছত তেওঁৰ সাজসজ্জা প্ৰত্যক্ষ কৰি এগৰাকী আঢ্যৱন্ত ঘৰৰ যুৱতী বুলি সন্দেহ কৰে ৷ আয়ুশীৰ উচ্চতা আছিল প্ৰায় ৫ ফুট ২ ইঞ্চি । তেওঁ সেই সময়ত এটা ক'লা ৰঙৰ চুটি হাতৰ টি-চাৰ্ট আৰু বগা হাফ পেণ্ট পিন্ধি আছিল ৷ গাৰ ৰং আছিল বগা, চুলি দীঘল আৰু ক’লা আছিল । তেওঁৰ টি-চাৰ্টত লেডী ডেজ লিখা আছিল । আয়ুশীৰ বাওঁ হাতত কলাভা আৰু ক'লা সূতা বন্ধা আছিল । ভৰিত সেউজীয়া ৰঙৰ নেইল পলিছ আছিল ।

আযুশীৰ বুকুত গুলী লাগিছিল আৰু শৰীৰত কেইবাটাও স্থানত আঘাতৰ চিহ্ন পোৱা গৈছিল । আয়ুশীৰ মৃতদেহটো প্ৰথমে পলিথিনেৰে বন্ধা হৈছিল আৰু তাৰ পিছত ভাঁজ কৰি চুটকেচত ভৰোৱা হৈছিল । আৰক্ষী ৰঙা চুটকেছ উদ্ধাৰ হোৱাৰ তথ্য পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইয়াৰ পাছতেই দেওবাৰে সন্ধিয়া আয়ুশীৰ মাতৃ আৰু ভাতৃয়ে মৰণোত্তৰ পৰীক্ষা গৃহলৈ আহি মৃতদেহটো চিনাক্ত কৰে ।

লগতে পঢ়ক: Youth kills girlfriend: টকা বিচৰাৰ বাবেই প্ৰেমিকাক হত্যা প্ৰেমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.