Youth kills girlfriend: টকা বিচৰাৰ বাবেই প্ৰেমিকাক হত্যা প্ৰেমিকৰ

author img

By

Published : Nov 20, 2022, 11:00 PM IST

Youth kills girlfriend

টকাৰ বাবেই প্ৰেমিকাক হত্যা প্ৰেমিকৰ (Murder in Bilashpur) ৷ ধাৰলৈ দিয়া টকা বিচাৰি আহি প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই ৷ ঘাতক প্ৰেমিক আৰক্ষীৰ জালত (Priyanka Singh murder Bilaspur Chhattisgarh) ৷

নিউজ ডেস্ক, 20 নৱেম্বৰ: ছত্তীশগড়ৰ বিলাসপুৰত সংঘটিত হৈছে এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এই ঘটনাৰ নতুন চিচিটিভি ফুটেজ আৰক্ষীয়ে লাভ কৰিছে আৰু তাত অভিযুক্ত আশীষ চাহুৱে ভুক্তভোগীৰ মৃতদেহ নিজৰ দোকানৰ ভিতৰত থৈ দিয়া দেখা গৈছে (Bilaspur murder case update)। লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ভিলাইৰ প্ৰিয়ংকা সিং নামৰ যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে প্ৰেমিকৰ বিৰুদ্ধে । প্ৰকাশ পোৱা নতুন ফুটেজটোত চাহুৱে মৃতদেহ যেন লগা বস্তুটো নিজৰ দোকানৰ ভিতৰলৈ লৈ যোৱা দেখা গৈছে (Priyanka Singh murder Bilaspur Chhattisgarh) ।

আৰক্ষীয়ে কয়, "চাহুৱে শনিবাৰে পুৱালৈকে মৃতদেহটো নিজৰ দোকানত লুকুৱাই ৰাখিছিল । যেতিয়া দুৰ্গন্ধ নিৰ্গত হ'বলৈ ধৰিলে, তেতিয়া পুৱা প্ৰায় ৪ বজাত কস্তুৰবা নগৰৰ নিজৰ ঘৰলৈ লৈ যায় ।" শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ঋণ দিয়া ধন ঘূৰাই দিবলৈ বাৰে বাৰে দাবী জনোৱাৰ পিছতে চাহুৱে প্ৰেমিকাক হত্যা কৰা বুলি আৰক্ষীয়ে জনায় (Murder in Bilashpur)।

১৬ নৱেম্বৰত ভুক্তভোগীৰ ভাতৃ হিমাংশু সিঙে নিৰুদ্দেশৰ অভিযোগ দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ হয় ৷ তাৰ পিছত দুয়োৰে মাজত বিস্তৃত লেনদেনৰ তথ্যৰ কাৰণ বিচাৰি তদন্ত কৰা হয় ৷ "আমি দুয়োৰে মাজত ১৯ লাখ টকাৰ লেনদেনৰ তথ্য উদ্ধাৰ কৰিলোঁ’’ বুলি আৰক্ষী বিষয়াই কয় (Youth kills girlfriend) ৷

জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে, শ্বেয়াৰ বজাৰত লোকচানৰ বাবে তেওঁ প্ৰায় ১১ লাখ টকা ঘূৰাই দিব পৰা নাছিল । প্ৰিয়ংকাই সেই টকাখিনি ল’বলৈ তেওঁৰ কাৰ্যালয়লৈ গৈছিল ৷ কিন্তু চাহুৱে প্ৰিয়ংকাক টকা দিয়াৰ পৰিৱৰ্তে হত্যা কৰে ৷

লগতে পঢ়ক: When Dutta becomes 'Kutta': Dutta ক চৰকাৰে বনালে Kutta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.