ETV Bharat / bharat

Prices Skyrocket in Himachal : ভূমিস্খলনত ব্যাহত সাধাৰণ পৰিবহণ ব্যৱস্থা; হিমাচলত সামগ্ৰীৰ গগণচুম্বী মূল্য

author img

By

Published : Aug 8, 2023, 1:06 PM IST

Prices Skyrocket in Himachal
Prices Skyrocket in Himachal

হিমাচল প্ৰদেশত বানপানী আৰু ভূমিস্খলনৰ ফলত ব্যাহত হৈ আছে সাধাৰণ পৰিবহণ ব্যৱস্থা । যাৰ ফলত নিত্যব্যৱহাৰ্য সামগ্ৰী হাতেৰে বা ঘোঁৰা-খচ্চৰ আদিৰে পৰিবহণ কৰিবলগা হোৱাত পৰিবহণ খৰচ যথেষ্ট বৃদ্ধি পাইছে । ইয়াৰ প্ৰভাৱ পৰিছে সামগ্ৰীৰ মূল্যত । বৰ্তমান পাহাৰীয়া ৰাজ্যখনত সামগ্ৰীৰ মূল্য আকাশচুম্বী মূল্য হৈছে । বানপীড়িত কুল্লু জিলাৰ গাঁওবাসীয়ে ক্ষতিগ্ৰস্ত ৰাস্তা আৰু ভঙা দলঙৰ বাবে সামগ্ৰী পৰিবহণত অসুবিধাৰ সন্মুখীন হৈছে ।

নিউজ ডেস্ক, ৮ আগষ্ট : মূষলধাৰ বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ সৈতে হিমাচল প্ৰদেশে যুঁজি থকাৰ সময়তে এইবাৰ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । সাধাৰণ পৰিবহণ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ পৰিবহণ যথেষ্ট হ্ৰাস হোৱাৰ বাবে সামগ্ৰীবোৰৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে ।

ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত এখন হৈছে কুল্লু । কুল্লুত আটা, ফল, পাচলি আৰু আনকি এলপিজি চিলিণ্ডাৰৰ মূল্য আকাশচুম্বী হৈছৈগৈ । কিয়নো ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পাহাৰলৈ সামগ্ৰীবোৰ কঢ়িয়াই নিয়াৰ একমাত্ৰ উপায় হৈছে হাতেৰে বা ঘোঁৰা বা খচ্চৰেৰে পৰিবহণ । যাৰ ফলত পৰিবহণৰ ব্যয় যথেষ্ট বৃদ্ধি হৈছে ।

ইয়াৰ উপৰি জনসাধাৰণে নিত্য প্ৰয়োজনীয় সামগ্ৰী পাবলৈ কেইবা কিলোমিটাৰ খোজকাঢ়িবলগা হৈছে । জিলাখনৰ প্ৰান্তীয় অঞ্চলত বাস কৰা লোকসকল এতিয়া সামগ্ৰী পৰিবহণৰ বাবে ঘোঁৰা আৰু খচ্চৰৰ ওপৰত নিৰ্ভৰশীল হ'বলগা হৈছে । যাৰ ফলত সামগ্ৰীৰ মূল্য প্ৰায় দুগুণ বৃদ্ধি হৈছে । গাঁওবাসীয়ে প্ৰকাশ কৰা অনুযায়ী তেওঁলোকে ১০০০ টকা মূল্যৰ চাউলৰ বস্তাৰ বাবে ৮০০ টকালৈকে পৰিবহণ মাচুল ভৰিবলগা হৈছে ।

বানপানী আৰু ভূমিস্খলনৰ ফলত জিলাখনৰ মণিকৰ্ণ আৰু চাইঞ্জ ভালেছৰ দলং আৰু পথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিশ্বৰ বাকী অংশৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছে । তাত বাস কৰা গাঁওবাসীয়ে জনোৱা মতে, তেওঁলোক ৰেচনৰ অভাৱত ভুগিছে আৰু ঘোঁৰাৰ দ্বাৰা সামগ্ৰী পৰিবহণ কৰাৰ বাবে তেওঁলোকৰ খৰচ বহু বৃদ্ধি হৈছে ।

চাইঞ্জ আৰু মণিকৰ্ণৰ প্ৰায় ছয়খন পঞ্চায়তৰ ৩০ খনতকৈও অধিক গাঁৱৰ লোকসকল এই সমস্যাৰ সন্মুখীন হৈছে । দেহুৰী ধৰ পঞ্চায়তৰ মুৰব্বী ভগতমে কয়, "ইয়াত খেতি কৰা ফল আৰু পাচলি বিক্ৰী কৰিবলৈ সাজু, কিন্তু ৰাস্তাৰ অভাৱৰ বাবে আমি এই পাচলিবোৰ কেইবা কিলোমিটাৰ পিঠিত কঢ়িয়াই নিবলগা হৈছে । এইটো যথেষ্ট পৰিশ্ৰমী আৰু আমি ইয়াৰ পৰা কোনো লাভ নাপাওঁ ।" যদি কোনোবা অসুস্থ হয়, তেওঁক নিকটতম চিকিৎসালয়লৈ লৈ যোৱাটোও অতি কঠিন হৈ পৰে বুলি ভগতমে লগতে কয় ।

আনহাতে, বৰশাইনীৰ এগৰাকী স্থানীয় দোকানী ৰোশন লালে কয়, "মই ইয়াত এখন সৰু দোকান চলাওঁ আৰু মোৰ দোকানৰ প্ৰায় সকলো সামগ্ৰী বিক্ৰী হৈ গৈছে । আমি ইয়াত একো যোগান ধৰিব পৰা নাই আৰু মই সামগ্ৰী কঢ়িয়াবলৈ ঘোঁৰা আৰু খচ্চৰ ভাড়া কৰিব নোৱাৰোঁ । ঘোঁৰাৰ জৰিয়তে সামগ্ৰী যোগান ধৰাৰ মাচুল বহুত বেছি ।" হৰি ৰাম নামৰ এজন গাঁওবাসীয়ে কয় যে, প্ৰথমতে বানপানী আৰু ভূমিস্খলনে আমাৰ ঘৰবোৰ ক্ষতিগ্ৰস্ত কৰিছিল । আৰু এতিয়া পৰিবহণ মাচুল বৃদ্ধিয়ে আমাৰ জীৱন কঠিন কৰি তুলিছে ।

"গাঁওবাসীয়ে বৰ্তমান দাবী কৰিছে যে চৰকাৰে পুনৰ সংস্থাপনৰ কাম ত্বৰান্বিত কৰিব লাগে আৰু যিমান সম্ভৱ সোনকালে গাঁওবাসীৰ বাবে এখন বিকল্প দলঙৰ ব্যৱস্থা কৰিব লাগিব যাতে গাঁওবাসীয়ে পৰিবহণত বেছি খৰচ নকৰাকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ লাভ কৰিব পাৰে ।" পঞ্চায়তৰ মুৰব্বীগৰাকীয়ে কয় ।

লগতে পঢ়ক :Samvasini Case hearing: লুটপাতৰ 23 বছৰীয়া পুৰণি গোচৰত বিচাৰৰ সন্মুখীন সুৰজেৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.