ETV Bharat / bharat

Allahabad High Court : বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:14 PM IST

বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ
বিবাহ বিচ্ছেদৰ পিচত উপাৰ্জন কৰা পত্নীয়ে প্ৰত্যাখান কৰিব নোৱাৰিব ভৰণ পোষণৰ খৰচ

এতিয়াৰ পৰা বিবাহ বিচ্ছেদৰ পিচত পত্নীয়ে উপাৰ্জন কৰিলেও স্বামীৰ পৰা পাবলগীয়া ভৰণ পোষণৰ খৰচ প্ৰত্যাখান কৰিব নোৱাৰিব ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ অনুসৰি এই কথা উল্লেখ কৰে ৷ জানক সবিশেষ...

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : এলাহাবাদ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা নিৰ্দেশত উল্লেখ কৰে যে, এগৰাকী পত্নীয়ে উপাৰ্জন কৰিলেও ভৰণ পোষণৰ খৰচ প্ৰত্যাখ্যান কৰিব নোৱাৰিব ৷ আদালতে পত্নীৰ উপাৰ্জন পৰ্যাপ্ত হয় নে নহয় নিৰীক্ষণ কৰিহে ভৰণ পোষণৰ খৰচ বহন কৰাৰ সন্দৰ্ভত নিৰ্দেশনা দিব ৷

জানিব পৰামতে, মুজাফ্ফৰনগৰস্থিত পাৰুল ত্যাগীয়ে 2017 চনৰ 22 আগষ্টত স্বামীয়ে ভৰণ পোষণৰ খৰচ বহন কৰাৰ সন্দৰ্ভত দাখিল কৰা আবেদনৰ নিষ্পত্তি কৰোঁতে ন্যায়াধীশ বিনোদ দিবাকাৰে এই নিৰ্দেশ প্ৰদান কৰে ৷ তেওঁৰ স্বামীয়ে কৈছিল যে, তেওঁৰ পত্নী এগৰাকী IIT স্নাতক ৷ গতিকে তেওঁ জীয়াই থাকিব পৰাকৈ উপাৰ্জন কৰিব পাৰে ৷ কিন্তু পত্নীয়ে কৈছিল যে, তেওঁ নিবনুৱা ৷ যিহেতু তেওঁ নিজৰ মাতৃগৃহত বাস কৰে, সেয়েহে তেওঁ স্বামীৰ পৰা ভৰণ পোষণৰ ধন লাভ কৰা উচিত ৷ ইয়াৰ পিচতে উচ্চতম ন্যায়ালয়ে গোচৰটো সময়সীমাৰ ভিতৰত নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিছিল ৷

চি.আৰ.পি.চি.ৰ ধাৰা 125 ৰ অধীনত, পাৰিবাৰিক আদালতে পত্নীৰ আবেদনৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহে 20,000 টকাৰ ভৰণ পোষণৰ খৰচ বহন কৰিবলৈ নিৰ্দেশনা দিছিল ৷ যাৰ বিপৰীতে পুনৰীক্ষণৰ আবেদন নাকচ কৰা হৈছিল, কিন্তু ধন পৰিশোধ কৰা হোৱা নাছিল ৷ ইয়াৰোপৰি পত্নীয়ে ভাট্টাৰ বাবে আবেদন কৰিছিল ৷ 2017 চনৰ পৰা, 39 টা শুনানিৰ পিচতো স্বামীয়ে তেওঁক ভাট্টা প্ৰদান কৰা নাছিল ৷ সেয়েহে উপায়হীন হৈ পত্নীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

আদালতে কৈছিল যে বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নী সন্তানৰ ভৰণ পোষণ দিয়াৰ খৰচ বহন নকৰাৰ গোচৰ বহু বছৰ ধৰি বিচাৰাধীন হৈ আছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উপেক্ষা কৰা হৈছে ৷ বিচাৰৰ সিদ্ধান্ত সময়মতে লোৱা নহয়, যাৰ বাবে ন্যায়িক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা হেৰাই যায় ৷ অধীনস্থ আদালতসমূহক আইন অনুসৰি কাম কৰা আৰু ন্যায়াধীশসকলক প্ৰশিক্ষণ দিয়াৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰাটো উচ্চ ন্যায়ালয়ৰ কৰ্তব্য ৷

লগতে পঢ়ক: ECI Meeting : দিল্লীত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.