ETV Bharat / bharat

Army Helicopter Crashed in JK : জম্মু-কাশ্মীৰত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, আহত ২

author img

By

Published : May 4, 2023, 1:37 PM IST

নিয়মীয়া উৰণ অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ হেলিকপ্টাৰখন । জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ মাগাৱাহ অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয় (Army helicopter crashes in JK) ।

Army Helicopter Crashed in JK
Army Helicopter Crashed in JK

নিউজ ডেস্ক, ৪ মে' : বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ মাগাৱাহ অঞ্চলত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (Indian army helicopter crashed) । উল্লেখ্য যে ইয়াকে লৈ বিগত সাত মাহত দেশত চতুৰ্থখন সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । অৱশ্যে এতিয়ালৈকে দুৰ্ঘটনা সন্দৰ্ভত সেনাৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাই । কিন্তু সূত্ৰত প্ৰকাশ পোৱা মতে, দুৰ্ঘটনাটোত দুজন ক্ৰু সদস্য আহত হয় (Army helicopter crashes in JK Kishtwar) ।

সূত্ৰ অনুসৰি, হিন্দুস্তান এৰোনেটিকছ লিমিটেডত নিৰ্মিত ধ্ৰুৱ হেলিকপ্টাৰখন এটা নিয়মীয়া অনুশীলনত আছিল (HAL Dhruv helicopter crashed) । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মাদগাৱাৰ পৰা কিষ্টোভাগড় অভিমুখে গৈ আছিল হেলিকপ্টাৰখন । জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সময়ত তিনিজন সৈনিক হেলিকপ্টাৰখনত আছিল । প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোত দুজন সৈনিক আহত হয় (2 injured in army helicopter crashed in JK) ।

আনহাতে, দুৰ্ঘটনাস্থলীত স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । অধিক তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে । প্ৰণিধানযোগ্য যে মাত্ৰ সাত মাহৰ ভিতৰত এইটো হৈছে চতুৰ্থখন হেলিকপ্টাৰ দুৰ্ঘটনা । ইয়াৰ পূৰ্বৰ দুৰ্ঘটনাকেইটা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা, আপাৰ চিয়াং জিলা আৰু একেখন ৰাজ্যৰ টাৱাঙত সংঘটিত হৈছিল । উক্ত দুৰ্ঘটনাবোৰে ভাৰতীয় সেনাৰ হেলিকপ্টাৰৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ বিষয়ত উদ্বেগ সৃষ্টি কৰিছে ।

উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ মাহত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ভাৰতীয় সেনাৰ এখন চিতা দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত দুজন পাইলটৰ মৃত্যু হয় । পশ্চিম কামেং জিলাৰ চেলা পাছৰ চাংগে সেনা শিবিৰৰ পৰা তেজপুৰলৈ দৈনিক বিমানৰ বাবে উৰা মৰাৰ অলপ পিছতে বমডিলাৰ ওচৰত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ কক্ষৰ সৈতে সম্পৰ্ক হেৰুৱায় । উক্ত ঘটনাটো ৰাজ্যখনত ছয় মাহৰ ভিতৰত সংঘটিত তৃতীয়টো দুৰ্ঘটনা আছিল ।

আনহাতে, বিগত বৰ্ষৰ অক্টোবৰত আপাৰ চিয়াং জিলাৰ এখন গাঁৱত এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত চাৰিজন লোক নিহত হয় । একেটা মাহতে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰত ভাৰতীয় সেনাৰ আন এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত বিমানখনত থকা দুজন পাইলটৰ মৃত্যু হয় । উক্ত ঘটনাটো চীন সীমান্তৰ ওচৰৰ জিলাখনৰ এটা অঞ্চলত নিয়মীয়া উৰণ প্ৰশিক্ষণৰ সময়ত সংঘটিত হয় ।

লগতে পঢ়ক :BSF Killed Pakistani Infiltrators : বিএছএফৰ হাতত নিহত ২ পাকিস্তানী অনুপ্ৰৱেশকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.