ETV Bharat / bharat

আজি আদালতত জ্ঞানবাপী জৰীপ প্ৰতিবেদনৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:05 AM IST

বুধবাৰে আদালতত জ্ঞানবাপীৰ এএছআই জৰীপ প্ৰতিবেদনৰ ওপৰত শুনানি হ'ব । এই শুনানি মঙলবাৰে হ'বলগা আছিল যদিও কাৰিকৰী কাৰণত এএছআয়ে প্ৰতিবেদন দাখিল কৰিব নোৱাৰাত শুনানি স্থগিত ৰাখিবলগা হয় ।

Hearing on Gyanvapi survey report
আজি আদালতত জ্ঞানবাপী জৰীপ প্ৰতিবেদনৰ শুনানি

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : জ্ঞানবাপী চৌহদৰ এএছআই জৰীপ কাৰ্য ২ নৱেম্বৰতে সম্পূৰ্ণ হয় যদিও প্ৰতিবেদন দাখিল কৰা বিষয়ত এতিয়াও আশংকাজনক স্থিতি বৰ্তী আছে । আনহাতে, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ ইটোৰ পিছত সিটো দলে দলে প্ৰতিবেদন সাজু নোহোৱাৰ অজুহাতত আদালতক বাৰে বাৰে তাৰিখ বঢ়াবলৈ আবেদন জনাই আহিছে ।

দলটোৱে মঙলবাৰেই প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল । কিন্তু ইয়াৰ বিপৰীতে এএছআইৰ অধিবক্তাই আদালতৰ পৰা আৰু তিনি সপ্তাহ সময় বিচাৰে । প্ৰতিবেদনখনত কেইবাটাও কাৰিকৰী আপডেট আছে বুলি উল্লেখ কৰাৰ ফলত মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া স্থগিত ৰাখিবলগা হয় ।

আনহাতে, আদালতে বুধবাৰে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । ইয়াৰ উপৰি তহখানা সন্দৰ্ভত জিলা উপায়ুক্তক দিয়া প্ৰতিবেদন আৰু পাঁচগৰাকী বাদী মহিলাৰ গোচৰটোৰো শুনানি হ'ব । বুধবাৰে জিলা ন্যায়াধীশ অজয় কৃষ্ণ বিশ্বেশৰ আদালতত এই শুনানি অনুষ্ঠিত হ'ব । উল্লেখ্য যে ইয়াৰ পূৰ্বে আদালতে ১৭ নৱেম্বৰত জ্ঞানবাপী জৰীপৰ প্ৰতিবেদন এটা বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু এএছআই দলটোৱে উক্ত তাৰিখত এক আবেদন কৰি আৰু অতিৰিক্ত ১৫ দিনৰ সময় বিচাৰিছিল ।

উল্লেখ্য যে জৰীপৰ সময়ত লাভ কৰা হনুমান গণেশ, শংকৰ পাৰ্বতী আদিৰ ভঙা মূৰ্তিবোৰ সংৰক্ষণ কৰিবলৈ আদালতে জিলা দণ্ডাধীশক নিৰ্দেশ দিছিল । লগতে শিখৰ আৰু ফুল আদিৰ শিল্পকলাৰ ভঙা অৱশিষ্টবোৰো সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে এই প্ৰতিবেদনৰ উপৰি ১৭ নৱেম্বৰত এএছআইৰ দ্বাৰা তাৰিখ বৃদ্ধিৰ আবেদনৰ শুনানিৰ সময়ত ১৫ দিনৰ পৰিৱৰ্তে ১০ দিনৰ সময় দিছিল ।

সেই অনুসৰি ২৮ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলগা আছিল । সেই সময়ত এএছআইৰ অধিবক্তাই যুক্তি দিছিল যে প্ৰতিবেদনখন সাজু আছে, কিন্তু কাৰিকৰী দিশ আৰু ৰাডাৰ প্ৰণালীৰ ব্যৱহাৰৰ পিছত ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সময় লাগিছে ।

জ্ঞানবাপী চৌহদত কৰা জৰীপৰ সময়ত হায়দৰাবাদৰ এটা বিশেষজ্ঞ দলে গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ অৰ্থাৎ চিপিআৰ ব্যৱহাৰ কৰিছিল । হায়দৰাবাদৰ দলটোৱে এএছআইক প্ৰায় ১২০ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰদান কৰিছে । ইয়াৰ পিছত এক চমু প্ৰতিবেদন প্ৰস্তুত কৰাৰ লগতে জিপিআৰ ৰূপত এক্স-ৰে আৰু অন্যান্য বস্তুও আদালতত উপস্থাপন কৰিব লাগিব, যাৰ বাবে কিছু সময় লৈছে ।

লগতে পঢ়ক :সঞ্জয় সিঙৰ জামিন আবেদনত ইডিক আদালতৰ জাননী; পৰৱৰ্তী শুনানি ৬ ডিচেম্বৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.