ETV Bharat / bharat

Hemant Soren Petition : মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ আবেদন নাকচ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:10 PM IST

মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ আবেদন নাকচ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ
Hemant Soren Petition

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ ভূমি কেলেংকাৰীৰ গোচৰত ইডিৰ চমনৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত হয় । ইডিয়ে গোচৰটো সন্দৰ্ভত নিজৰ পক্ষ উপস্থাপন কৰে । আনহাতে, আদালতে মুখ্যমন্ত্ৰীৰ আবেদন খাৰিজ কৰে ।

নিউজ ডেস্ক, ১৩ অক্টোবৰ : মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক ইডিয়ে জাৰি কৰা জাননী সন্দৰ্ভত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি অনুষ্ঠিত হয় । জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হেমন্ত চোৰেণৰ হৈ উপস্থিত থাকে । আনহাতে, ইডিয়েও নিজৰ যুক্তি উপস্থাপন কৰে । ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ আবেদন খাৰিজ কৰে । চাৰিবাৰ চমন জাৰি কৰাৰ পিছত আবেদনখন দাখিল কৰা হৈছিল । এই বিষয়টোকে আদালতে ভিত্তি হিচাপে গ্ৰহণ কৰে ।

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ আবেদনৰ শুনানি অনুষ্ঠিত হয় । অপৰাধী লেখ আবেদনখন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে । ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে কৈছে যে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে প্ৰথম চাৰিবাৰৰ চমনত ইডিৰ ওচৰত উপস্থিত হোৱা নাই । মুখ্যমন্ত্ৰীয়ে ইডিৰ ওচৰত হাজিৰ হোৱাৰ কথা উল্লেখ থকা চাৰিখন চমনৰ ম্যাদ উকলি গৈছে । উচ্চ ন্যায়ালয়ে পিএমএলএ আইনৰ ধাৰা ৫০ আৰু ৬৩-ৰ আধাৰত দাখিল কৰা আবেদনক বৈধ বুলি বিবেচনা নকৰে । এই ক্ষেত্ৰত মনোহৰ লাল গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দিয়া হয় ।

উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ ২৩ ছেপ্টেম্বৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল আৰু ২৩ ছেপ্টেম্বৰত চতুৰ্থ চমনত ইডিৰ কাৰ্যালয়লৈ যোৱাৰ কথা আছিল । ইডিয়ে তেওঁক ১৪ আগষ্টত প্ৰথমবাৰৰ বাবে মাতি পঠিয়াইছিল । তাৰ পিছত ২৪ আগষ্টত তেওঁক দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰা হয় । ৯ ছেপ্টেম্বৰত তেওঁক তৃতীয়বাৰৰ বাবে মাতি পঠোৱা হয় । আনহাতে, ২৩ ছেপ্টেম্বৰত তেওঁক চতুৰ্থবাৰৰ বাবে মাতি পঠোৱা হয় । তাৰ পিছত অক্টোবৰৰ ৪ তাৰিখে ইডিয়ে তেওঁক পঞ্চমবাৰৰ বাবে চমন জাৰি কৰে ।

লগতে পঢ়ক :land acquisition in Ayodhya: ভূমি অধিগ্ৰহণ সন্দৰ্ভত ক্ষুব্ধ সন্তসকলক শান্ত কৰিবলৈ অযোধ্যাত উপস্থিত উপাযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.