ETV Bharat / bharat

Tree Pension Scheme: গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:04 PM IST

গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি ঘোষণা চৰকাৰৰ ৷ ৭০ বছৰৰ ওপৰৰ গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি ৷

Tree Pension Scheme
৭০ বছৰৰ ওপৰৰ গছৰ বাবে পেন্সন আঁচনি

গছৰ বাবে পেন্সন আঁচনি ঘোষণা চৰকাৰৰ

নিউজ ডেস্ক, 6 অক্টোবৰ : গছৰ বাবে ঘোষণা পেন্সন আঁচনি ৷ ৭০ বছৰৰ ওপৰৰ গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি ঘোষণা চৰকাৰৰ ৷ যি সময়ত অসমত বনানীকৰণ তথা ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে অমৃত বৃক্ষ আন্দোলনৰ দৰে কেৱল প্ৰচাৰমুখী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেই সময়তে হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷

কেৱল চমক সৃষ্টি আৰু প্ৰচাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ বিপৰীতে ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে হাৰিয়ানা চৰকাৰে ৭০ বছৰৰ ওপৰৰ গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত অন্তৰ্ভূক্ত হ’বলগা গছবোৰ চিনাক্ত কৰিছে ৷

গছক পেন্সন দিয়া দেশৰ প্ৰথমখন ৰাজ্য হাৰিয়ানা-

১ নৱেম্বৰৰ পৰা হাৰিয়ানাত আৰম্ভ হ’ব গছৰ পেন্সন ৷ হাৰিয়ানাৰ পৰিৱেশ আৰু বন মন্ত্ৰী কানৱৰপাল গুৰজাৰে কয় যে চৰকাৰে পৰিচালনা কৰা প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি ৭০ বছৰৰ ওপৰৰ গছৰ বাবে আৰম্ভ কৰা হৈছে । ইয়াৰ বাবে ৰাজ্যৰ প্ৰায় ৪ হাজাৰ গছ চিনাক্ত কৰা হৈছে। এই পেন্সন আঁচনিৰ অধীনত বছৰি ২,৭৫০ টকাকৈ দিয়া হ’ব। এই আঁচনিৰ জৰিয়তে হাৰিয়ানা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হৈছে য’ত গছক পেন্সন দিয়া হ’ব ৷

হাৰিয়ানাত গছৰ বাবে পেন্সন-

পৰিৱেশ ৰক্ষাৰ দৃষ্টিকোণৰ পৰা প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷ বৃদ্ধ পেন্সন, প্ৰতিবন্ধী পেন্সন, বিধৱা পেন্সনৰ বাহিৰেও দেশৰ বিভিন্ন ৰাজ্যত বহু আঁচনি চলি আছে। কিন্তু প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি সম্পূৰ্ণৰূপে এক ব্যতিক্ৰমী আঁচনি। এই আঁচনিখন আন ৰাজ্যৰ বাবেও এক উদাহৰণ। পৰিৱেশ সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা এই আঁচনিখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই আঁচনিৰ বাবে হাৰিয়ানাত বহুদিনৰ পৰা প্ৰস্তুতি চলি আছিল। ইয়াৰ বাবে দীৰ্ঘদিন ধৰি গছ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছিল ৷

কোনে পাব এই আঁচনিৰ সুবিধা?-

প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনিৰ সুবিধা কোনে পাব ? আঁচনি অনুসৰি যদি কাৰোবাৰ ঘৰত ৭০ বছৰতকৈ অধিক পুৰণি গছ থাকে তেন্তে ঘৰৰ গৰাকীয়ে গছজোপা লাভ কৰিব ৷ গাঁৱৰ চৰকাৰী মাটিত গছ থাকিলে গাঁও পঞ্চায়তে লাভ কৰিব এই পেঞ্চন ৷ যদি পথাৰত ৭০ বছৰৰ অধিক বয়সৰ গছ থাকে তেতিয়া কৃষকে তাৰ পৰা লাভৱান হ’ব ৷ নগৰ-চহৰত যদি ৭০ বছৰতকৈ অধিক পুৰণি গছ থাকে তেন্তে স্থানীয় প্ৰশাসনে লাভ কৰিব এই সুবিধা। একে সময়তে যদি বনাঞ্চলত ৭০ বছৰতকৈ অধিক বয়সৰ গছ আছে, তেন্তে বন বিভাগে এই পেন্সন আঁচনিৰ সুবিধা লাভ কৰিব ৷

হাৰিয়ানাত খৰি জ্বলোৱাৰ ঘটনা বৃদ্ধি-

কঠোৰতা সত্ত্বেও হাৰিয়ানাত খৰি জ্বলোৱাৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৷ তথ্য অনুসৰি বিগত বছৰৰ তুলনাত এতিয়ালৈকে ৰাজ্যখনত খোলা জ্বলোৱাৰ ঘটনা ৪ গুণ বৃদ্ধি পাইছে ৷ পৰিসংখ্যা অনুসৰি ১৫ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ ৰাজ্যখনত ১৯০টা খোলা জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে খোলা জ্বলোৱা কৃষকৰ বিৰুদ্ধেও চৰকাৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ পিছতো খোলা জ্বলোৱা হ্ৰাস পোৱা নাই ৷

দেশৰ ১০খন প্ৰদূষিত চহৰৰ ভিতৰত হাৰিয়ানাৰ ৪খন চহৰ-

ৰাজ্যখনৰ বায়ুমণ্ডলতো দেখা গৈছে খৰি জ্বলোৱাৰ প্ৰভাৱ। ৰাজ্যৰ বহু চহৰত বায়ুৰ গুণাগুণ অতি নিম্নগামী হৈ পৰিছে। ৫ অক্টোবৰত হাৰিয়ানাৰ ৪খন চহৰ দেশৰ ১০খন অতি প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাটো এক চিন্তনীয় বিষয়। ৰাজধানী দিল্লীতকৈ হাৰিয়ানাৰ শোনিপটৰ AQI অধিক হোৱা দেখা গৈছে ৷ খৰি জ্বলোৱাৰ বাবে হাৰিয়ানাৰ বিভিন্ন জিলাত প্ৰদূষণৰ মাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ ফৰিদাবাদত ৩২৪, কৈথালত ২৯৯, শোণিতত ২৯৭, গুৰুগ্ৰামত ২৯২ আৰু ধৰুহেৰাত ২২৯ AQI লেভেল ৰেকৰ্ড কৰা হৈছে ৷

উল্লেখ্য যে, যি সময়ত অসমত বনানীকৰণ তথা ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ নামত হাজাৰ হাজাৰ গছ পুলি নষ্ট কৰা হৈছে, বৃক্ষ ৰোপণৰ নামত সেই মাটিত পূৰ্বৰ পৰাই থকা গছ-গছনি ধ্বংস কৰা হৈছে, সেই সময়ত হাৰিয়ানা চৰকাৰে পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ হাৰিয়ানাৰ এই ব্যতিক্ৰমী পদক্ষেপ দেশৰ আন আন ৰাজ্যৰ সমূহৰ বাবেও এক উদাহৰণ ৷

লগতে পঢ়ক : Arunachal Pradesh GI Tag: অৰুণাচলৰ য়াক চুৰ্পি, খামতি চাউল আৰু টাংচা বস্ত্ৰই পালে জি আই টেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.