ETV Bharat / bharat

১৯৬১ত বাৰাণসীলৈ আহিছিল ৰাণী দ্বিতীয় এলিজাবেথ

author img

By

Published : Sep 9, 2022, 8:47 PM IST

queen of Britain
১৯৬১ত বাৰাণসীলৈ আহিছিল ৰাণী দ্বিতীয় এলিজাবেথ

ভাৰতলৈ অহা সময়ত বাৰাণসীত ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথক বিপুল আদৰণি জনোৱা হৈছিল (Grand welcome Queen Elizabeth in Varanasi)। কাশীৰ ৰজাৰ সৈতে হাতীৰে ভ্ৰমণ কৰিছিল ৰাণী এলিজাবেথে । ৰাজ প্ৰাসাদত বাৰাণসীৰ থলুৱা খাদ্যৰো জুতি লৈছিল ৰাণী এলিজাবেথে ।

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ বৃহস্পতিবাৰে বেলমোৰত মৃত্যু হয় (Queen Elizabeth II died in Belmore)। তেওঁ ব্ৰিটেইনৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা ৰাণী হিচাপে জনাজাত আছিল (Longest reigning queen of Britain)। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে তেওঁক শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জ্ঞাপন কৰা দেখা গৈছে ।

ভাৰততো ৰাণী দ্বিতীয় এলিজাবেথক স্মৰণ কৰা দেখা গৈছে । কিয়নো ৰাণী দ্বিতীয় এলিজাবেথে তিনি বাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল । তাৰ ভিতৰত অন্যতম আছিল তেওঁৰ বাৰাণসী ভ্ৰমণ । ১৯৬১ চনত বাৰাণসীলৈ অহা ইংলেণ্ডৰ ৰাণী এলিজাবেথক বিপুল আদৰণি জনোৱা হৈছিল ।

সেই সময়ত কাশীৰ ৰজাই এলিজাবেথক (Queen Elizabeth second) আদৰণি জনোৱাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছিল । তেওঁ ১৯৬১ চনত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ (Former PM Jawaharlal Nehru) সৈতে বাৰাণসীলৈ আহিছিল । এলিজাবেথক ৰামনগৰ দূৰ্গৰ পৰা বিজয়নগৰম দূৰ্গলৈ বিশাল আদৰণি জনোৱা হৈছিল । এই অভ্যৰ্থনাৰ দ্বাৰা ৰাণী নিজেও অভিভূত হৈছিল ।

ৰামনগৰ কিল্লাত বিশ্ৰাম লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত কাশীৰ ৰজা ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে উপস্থিত আছিল । বাৰাণসীৰ পৰম্পৰা অনুসৰি, অতিথিগৰাকীক কাশীৰ ৰজাৰ সৈতে হৰ-হৰ মহাদেৱৰ জপনাৰে আদৰণি জনোৱা হৈছিল । ইয়াৰ পাছত গংগাৰ পাৰত উপস্থিত হৈছিল ৰাণী দ্বিতীয় এলিজাবেথ ।

queen of Britain
১৯৬১ত বাৰাণসীলৈ আহিছিল ৰাণী দ্বিতীয় এলিজাবেথ

তেওঁ জাহাজত উঠি গংগাৰ নৈসৰ্গিক পৰিৱেশৰ আমেজ লৈছিল । বালুৱাঘাটৰ পৰা ৰাজঘাটলৈ তেওঁ জাহাজত যাত্ৰা কৰিছিল ।

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ আৰু তদানীন্তন কাশী ৰজা বিভূতি নাৰায়ণ সিঙৰ (Kashi Naresh Vibhuti Narayan Singh) এই সাক্ষাৎ অতি উল্লেখযোগ্য আছিল । এই ভ্ৰমণক লৈ ৰাণী এলিজাবেথ যথেষ্ট আনন্দিত আছিল । ৰজাৰ সৈতে ৰাণীয়ে হাতীৰে ভ্ৰমণ কৰিছিল । কাশী ভ্ৰমণৰ পাছত, ৰাণীয়ে নাদেচাৰ প্ৰাসাদত বাৰাণসীৰ বিভিন্ন থলুৱা খাদ্যৰো জুতি লৈছিল ।

ৰাণী এলিজাবেথে বিএইচইউ আৰু সাৰনাথো ভ্ৰমণ কৰিছিল । সেই সময়ত, বাৰাণসী চহৰৰ প্ৰৱেশদ্বাৰত তদানীন্তন মেয়ৰ কুঞ্জ বিহাৰী গুপ্তাই ইংলেণ্ডৰ ৰাণীক আদৰণি জনাই চহৰখনৰ সাংকেতিক ছাবি প্ৰদান কৰিছিল । অৱশ্যে, সেই ভাৰত ভ্ৰমণত এলিজাবেথে বাৰাণসীৰ উপৰিও কলকাতা, উদয়পুৰ, জয়পুৰ, আহমেদাবাদ, মুম্বাই, বেংগালুৰু আৰু চেন্নাই চহৰো ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক :ৰাণী দ্বিতীয় এলিজাবেথৰ জয়পুৰ ভ্ৰমণকালত কি বিতৰ্ক হৈছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.