ETV Bharat / bharat

চৰকাৰে অগ্নিপথ আঁচনিৰে যুৱক-যুৱতীসকলৰ সপোন ছাৰখাৰ কৰিছে: ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:27 AM IST

Agnipath scheme
চৰকাৰে অগ্নিপথ আঁচনিৰে যুৱক-যুৱতীসকলৰ সপোন ছাৰখাৰ কৰিছে: ৰাহুল গান্ধী

কেন্দ্ৰীয় চৰকাৰৰ লগতে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ চৰকাৰে অগ্নিপথ নিযুক্তি আঁচনি প্ৰৱৰ্তন কৰি অগণন যুৱক-যুৱতীৰ সপোন ধ্বংস কৰিছে বুলি ক্ষোভ উজাৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে (Agnipath scheme) ৷

নেশ্য়নেল ডেস্ক, 27 ডিচেম্বৰ : পুনৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ গান্ধীয়ে মঙলবাৰে কয় যে, চৰকাৰে অগ্নিপথ নিযুক্তি আঁচনি প্ৰৱৰ্তন কৰি অগণন যুৱক-যুৱতীৰ সপোন ধ্বংস কৰিছে ৷ লগতে যিসকল লোকে নিবনুৱা যুৱক-যুৱতীৰ প্ৰসংগ উত্থাপন কৰি ৰাজপথৰ পৰা সংসদলৈ কাৰ্যসূচীত সমৰ্থন কৰিছে, গান্ধীয়ে তেওঁলোকক সম্পূূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি সদৰী কৰে ৷

মঙলবাৰে নেতাগৰাকীয়ে বিহাৰৰ চম্পাৰণত এদল যুৱক-যুৱতীক সাক্ষাৎ কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে ৷ তাৰ পিচতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

গান্ধীয়ে লগতে কয় যে, চম্পাৰণ সত্যাগ্ৰহৰ দেশ । যুৱক-যুৱতীসকলে চম্পাৰণৰ পৰা 1000 কিলোমিটাৰ খোজকাঢ়ি নতুন দিল্লীত উপস্থিত হৈছে। কিন্তু কোনো সংবাদমাধ্যমে তেওঁলোকৰ বাতৰি প্ৰচাৰ কৰা নাই ৷ এইটো বৰ দুখজনক। চৰকাৰে যি অগ্নিপথ আঁচনি আৰম্ভ কৰিছে, এই আঁচনিয়ে অগণন যুৱক-যুৱতীৰ সপোন নষ্ট কৰিছে। চৰকাৰে ভাৰতীয় বায়ু সেনাৰ নিযুক্তি বাতিল কৰিছে । এই নিযুক্তি বাতিল হোৱাৰ বাবে বহুতো যুৱক-যুৱতী বিচলিত হৈছে। ৰাজপথৰ পৰা সংসদলৈ কাৰ্যসূচী হাতত লোৱাসকলৰ সৈতে কংগ্ৰেছ সদায় আছে ৷ কংগ্ৰেছে নিবনুৱাৰ বিষয়টো উত্থাপন কৰি যাব ৷

যোৱা 2022 চনৰ 14 জুন তাৰিখে অগ্নিপথ আঁচনি ঘোষণা কৰা হৈছিল ৷ এই আঁচনিৰ অধীনত কেৱল চাৰি বছৰৰ বাবে 17 ৰ পৰা 21 বছৰ বয়সৰ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ তেওঁলোকৰ 25 শতাংশক 15 বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা হ’ব ৷ চলিত বৰ্ষত 46 হাজাৰ অগ্নিবীৰ নিয়োগ কৰা হ'ব। প্ৰথম নিযুক্তি প্ৰক্ৰিয়াত, যুৱসকলক ছয় মাহৰ প্ৰশিক্ষণ দিয়া হ'ব।

লগতে পঢ়ক: আগৰতলাত 250 কেজি গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.