ETV Bharat / bharat

Rahul Gandhi America visit : সাংসদ পদ খাৰিজক লৈ আমেৰিকাত ৰাহুলৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 2, 2023, 10:02 AM IST

মানিহানি গোচৰত সৰ্বাধিক শাস্তি পোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে ৰাহুল গান্ধী । ৱাশ্বিংটনৰ নেচনেল প্ৰেছ ক্লাবত সাংবাদিকৰ সন্মুখত এই মন্তব্য ৰাহুলৰ (Rahul at Washington)। বিৰোধী ঐক্যশক্তি সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ ।

Rahul Gandhi America visit
সাংসদ পদ খাৰিজক লৈ আমেৰিকাত ৰাহুলৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,২ জুন : লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাক লৈ আমেৰিকাত মুখ খুলিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi reacts over disqualification)। তেওঁৰ মতে মানহানিৰ গোচৰত সৰ্বাধিক শাস্তি পোৱা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি । বৃহস্পতিবাৰে ৱাশ্বিংটনৰ নেচনেল প্ৰেছ ক্লাবত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আদানি-হিণ্ডেনবাৰ্গ বিষয়ক লৈ তেওঁ ভাষণ দিয়াৰ পাছতে তেওঁক অযোগ্য হিচাপে ঘোষণা কৰা হৈছে । তেওঁ এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল ।

ৰাহুল গান্ধীৰ মতে স্বাধীনতাৰ পাছত ইতিহাসত মানহানিৰ গোচৰৰ বাবে সৰ্বাধিক শাস্তি দিয়া তেওঁ ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি (Rahul Gandhi disqualification)। এই অপৰাধত এতিয়ালৈ কোনো লোককে সৰ্বাধিক শাস্তি দিয়া হোৱা নাই ।

ৱাশ্বিংটন ডিচিৰ নেচনেল প্ৰেছ ক্লাবত হোৱা বাৰ্তালাপৰ সময়ত বিভিন্ন বিষয়ত নিজৰ দৃষ্টিভংগী আগবঢ়াই ৰাহুলে কয় যে তেওঁৰ দলে সহযোগী বিৰোধী শক্তিৰ সৈতে সম্পৰ্ক ৰাখিছে (Rahul Gandhi in National Press Club)। বিৰোধী ঐক্য সন্দৰ্ভত এএনআইৰ প্ৰশ্নৰ উত্তৰত ৰাহুলে কয় যে তেওঁৰ দলে সকলো বিৰোধী দলৰ সৈতে নিয়মীয়া বাৰ্তালাপ কৰি আছে আৰু সেই ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁৰ মতে বিৰোধী দলসমূহ অধিক ঐক্যবদ্ধ হৈ পৰিছে । কংগ্ৰেছে সকলো বিৰোধীৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । এইটো এক জটিল আলোচনা কিয়নো এনে কিছুমান ঠাই আছে য'ত কংগ্ৰেছে বিৰোধীৰ সৈতে প্ৰতিযোগিতা কৰি আছে (Rahul Gandhi on oppositions unity)। গতিকে এতিয়া অলপ দিয়া আৰু লোৱাৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

কিন্তু ৰাহুল গান্ধী নিশ্চিত যে কেন্দ্ৰত থকা বিজেপিৰ বিৰুদ্ধে এক মহা বিৰোধী মিত্ৰতা স্থাপন হ'ব । উল্লেখ্য যে আমেৰিকা ভ্ৰমণৰ সময়চোৱাত কংগ্ৰেছ নেতাগৰাকীয়ে চান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডিচি আৰু নিউয়ৰ্কো ভ্ৰমণ কৰিব ।

লগতে পঢ়ক :Meeting of Opposition Parties : পাটনাত বিৰোধী দলৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.