ETV Bharat / bharat

Gang rape in Tripura: ত্ৰিপুৰাত সংঘটিত দলবদ্ধ ধৰ্ষণত মন্ত্ৰী পুত্ৰ জড়িত থকাৰ অভিযোগ

author img

By

Published : Oct 24, 2022, 1:10 PM IST

ত্ৰিপুৰাত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজনক । উক্ত ঘটনাটোত ত্ৰিপুৰা চৰকাৰৰ এজন ৰাজ্যিক মন্ত্ৰীৰ পুত্ৰও জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ (Tripura congress allegation against ministers son) আৰু চি পি আইয়ে(এম) ।

Gang rape in Tripura
ত্ৰিপুৰাত দলবদ্ধ ধৰ্ষণত মন্ত্ৰী পুত্ৰ জড়িতৰ অভিযোগ

আগৰতলা, ২৪ অক্টোবৰ: ত্ৰিপুৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Gang rape in Tripuras Unakoti district) ।ত্ৰিপুৰাৰ উনাকোটি জিলাত এই ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে । ইপিনে, উক্ত ঘটনাটোত ত্ৰিপুৰা চৰকাৰৰ এজন ৰাজ্যিক মন্ত্ৰীৰ পুত্ৰও জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে ।

বিৰোধী কংগ্ৰেছ (Tripura congress allegation against ministers son) আৰু চিপিআইয়ে(এম) (Tripura CPIM allegation against ministers son) এই অভিযোগ তুলি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । আনহাতে, বিজেপিয়ে কংগ্ৰেছ আৰু চিপিআইয়ে(এম) উত্থাপন কৰা অভিযোগটো খাৰিজ কৰিছে । উল্লেখ্য় যে কিশোৰীগৰাকীক তিনিমহলীয়া অট্টালিকাত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ উঠিছে ।

যোবা ১৯ অক্টোবৰত কুমাৰঘাটত এই সন্দৰ্ভত ৰুজু কৰা এজাহাৰৰ ভিত্তিত এগৰাকী মহিলাসহ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । কুমাৰঘাটৰ উপ-বিভাগীয় আৰক্ষী বিষয়া (Sub Divisional Police Officer Kumarghat) বিপ্লব দেব বৰ্মাই কয় যে এই ঘটনাত আৰু কেইবাজনো লোক জড়িত হৈ আছে । কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰি কয় যে এই ঘটনাত এগৰাকী মহিলা জড়িত আছে । চুবুৰীয়াই কিশোৰীগৰাকীক কুমাৰঘাটৰ অট্টালিকালৈ লৈ গৈছিল, য'ত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ।

ইয়াৰ পিছতেই ৰাজ্যিক কংগ্ৰেছে এই ঘটনাত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আশীষ সাহাই কয়, "গোচৰটোত এজন মন্ত্ৰীৰ পুত্ৰৰ নামো সাঙোৰ খাইছে । সেয়েহে আমি মুখ্যমন্ত্ৰী মানিক সাহাৰ পৰা বিষয়টো সন্দৰ্ভত এটা বিবৃতি বিচাৰিছো । আমি সকলো অভিযুক্তক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো ।"

ইপিনে, চিপিআইৰ(এম) ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয়, "মন্ত্ৰীজনৰ পুত্ৰৰ ভূমিকা বিচাৰি উলিয়াবলৈ আমি তদন্তৰ দাবী জনাইছো । যদি তেওঁ গোচৰটোৰ অভিযুক্ত হয়,তেওঁক লগে লগে গোচৰৰ আওতালৈ আনিব লাগিব ।" অৱশ্যে, বিজেপিয়ে এনে অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য় কৰিছে ।

বিজেপিৰ উনাকোটিৰ জিলা সভাপতি পাবিত্ৰাই চন্দ্ৰ দেৱনাথে কয় যে যেতিয়া কুমাৰঘাটত ঘটনাটো সংঘটিত হৈছিল তেতিয়া তেওঁ (মন্ত্ৰীৰ পুত্ৰ) আগৰতলাত আছিল । আমিও সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো বিচাৰো ।

লগতে পঢ়ক:Tezpur Sahitya Sabha: ভাষা এটাৰ ওপৰত আইনৰ আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয়: শংকৰ শইকীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.