ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত আৰক্ষীৰে সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী

author img

By

Published : Oct 5, 2022, 1:55 PM IST

নিহত সন্ত্ৰাসবাদী হানান বিন য়াকুব আৰু জামছেদ শেহতীয়াকৈ পুলৱামাৰ পিংলানাত ২ অক্টোবৰত এছপিঅ' জাভেদ ডাৰৰ হত্যাত (SPO Javed Dar murder case) জড়িত আছিল আৰু পুলৱামাত ২৪ ছেপ্টেম্বৰত পশ্চিমবংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকক হত্যাৰ লগত জড়িত আছিল (Pulwama attack)

JK
JK

নিউজ ডেস্ক, ৫ অক্টোবৰ : বুধবাৰে জম্মু আৰু কাশ্মীৰত দুটা পৃথক সংঘৰ্ষত চাৰিজন উগ্ৰপন্থী নিহত হয় (4 militants killed in Jammu and Kashmir) । দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ মোলু অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দিনটোৰ আৰম্ভণিতে জিলাখনৰ ড্ৰাচ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন জেইএমৰ (terror outfit JeM) সৈতে জড়িত তিনিজন উগ্ৰপন্থী নিহত হয় ।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য পোৱাৰ পিছত মোলুত গুলীচালনা আৰম্ভ হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । লগতে আৰু কয় যে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰাৰ পিছত তাত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে ।

"শ্বপিয়ানৰ ড্ৰাচত নিহত হোৱা তিনি সন্ত্ৰাসবাদী সন্ত্ৰাসবাদী সংগঠন জেইএমৰ সৈতে সম্পৰ্কিত স্থানীয় সন্ত্ৰাসবাদী । মুলুত দ্বিতীয়টো সংঘৰ্ষৰ ঘটনা চলি আছে (terrorists linked with JeM killed in Shopian)। অধিক বিৱৰণৰ বাবে এডিজিপি কাশ্মীৰ (ADGP Kashmir) @JmuKmrPolice অনুসৰণ কৰিব পাৰে ।" কাশ্মীৰ জ'নেল আৰক্ষীয়ে (Kashmir Zone Police) আজি পুৱাৰ ভাগত এটা টুইটত এনেদৰে কয় ।

ইফালে, এডিজিপি কাশ্মীৰ বিজয় কুমাৰে কয় যে শ্বপিয়ানৰ ড্ৰাচ অঞ্চলত সংঘৰ্ষত নিহত তিনিজন সন্ত্ৰাসবাদীৰ ভিতৰত হানান বিন য়াকুব আৰু জামছেদ নামৰ দুজন লোক শেহতীয়াকৈ ২ অক্টোবৰত পুলৱামাৰ পিংলানাত এছপিঅ' জাভেদ ডাৰ (SPO Javed Dar murder case) আৰু ২৪ ছেপ্টেম্বৰত পুলৱামাত পশ্চিমবংগৰ এজন বাহিৰৰ শ্ৰমিকৰ হত্যাত জড়িত আছিল ।

কাশ্মীৰ জ'নেল আৰক্ষীয়ে টুইট কৰি কয়, "নিহত সন্ত্ৰাসবাদী হানান বিন য়াকুব আৰু জামছেদ শেহতীয়াকৈ পুলৱামাৰ পিংলানাত ২ অক্টোবৰত এছপিঅ' জাভেদ ডাৰৰ হত্যাত জড়িত আছিল আৰু পুলৱামাত ২৪ ছেপ্টেম্বৰত পশ্চিমবংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকক হত্যাৰ লগত জড়িত আছিল (Pulwama attacked)।

উল্লেখ্য, শেহতীয়াভাৱে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ মাজত কেইবাটাও সংঘৰ্ষ সংঘটিত হৈছে । উক্ত সংঘৰ্ষত বহুকেইজন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । দেওবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাস্কুচান অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক :জম্মু আৰু কাশ্মীৰ বৰ্তমান সবাতোকৈ সুৰক্ষিত স্থান : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.