ETV Bharat / bharat

ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি

author img

By

Published : Oct 13, 2021, 8:33 PM IST

দিল্লীৰ AIIMS (All India Institute of Medical Sciences) ত ভৰ্তি ড৹ মনমোহন সিং ৷ হৃদজনিত সমস্যাৰ বাবে বুধবাৰে সন্ধিয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷

Dr Manmohan Singh admitted to delhi AIIMS
দিল্লীৰ AIIMS ত ভৰ্তি ড৹ মনমোহন সিং

নেশ্যনেল ডেস্ক , 13 অক্টোবৰ : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক দিল্লীৰ AIIMS (All India Institute of Medical Sciences) ত ভৰ্তি কৰোৱা হৈছে ৷ হৃদজনিত সমস্যাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

হৃদজনিত সমস্যাত ভোগাত সিঙক বুধবাৰে সন্ধিয়াৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, বিগত 26 ছেপ্টেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে 89 বছৰত ভৰি দিয়ে ৷

লগতে পঢ়ক : ভাৰতত নতুনকৈ ১৫,৮২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.