ETV Bharat / bharat

Lalit Modi Covid Positive: লণ্ডনৰ হাস্পতালত ললিত মোডী

author img

By

Published : Jan 14, 2023, 3:38 PM IST

Lalit Modi Covid Positive
ক’ভিডত আক্ৰান্ত লিলিত মোডী

দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ক’ভিড-19ত আক্ৰান্ত হ’ল ললিত মোডী (Former IPL chairman Lalit Modi)৷ আই পি এলৰ প্ৰাক্তন অধ্যক্ষগৰাকী বৰ্তমান লণ্ডনত চিকিৎসাধীন হৈ আছে ৷ মোডীৰ দেহত অক্সিজেনৰ পৰিমান যথেষ্ট কমি যোৱা বুলি জানিব পৰা গৈছে ৷

নিউজ ডেস্ক, 14 জানুৱাৰী : একেৰাহে দ্বিতীয়বাৰৰ বাবে ক’ভিড-19ৰ উপস্থিতি ধৰা পৰিল আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডীৰ দেহত ৷ দ্বিতীয়বাৰৰ বাবে ক’ভিডত আক্ৰান্ত ললিত মোডীক কৃত্ৰিমভাৱে অক্সিজেনৰ যোগান ধৰি থকা হৈছে ৷ ৫৯ বছৰীয়া ললিত মোডীয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁৰ স্বাস্থ্যৰ বিষয়ে এই কথা জানিবলৈ দি কয় যে তেওঁক মেক্সিকোৰ পৰা লণ্ডনলৈ লৈ যোৱা হয় ৷ সম্প্ৰতি লণ্ডনতে চিকিৎসাধীন হৈ থকা ললিত মোডীৰ দেহত অক্সিজেনৰ স্তৰ যথেষ্ট নিম্নগামী হৈছে ৷

শুকুৰবাৰে ললিত মোডীয়ে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত(Lalit Modi Instagram post) চিকিৎসালয়ৰ বিচনাৰ পৰাই নিজৰ এখন ফটো শ্বেয়াৰ কৰি কয় যে ইনফ্লুৱেঞ্জা আৰু নিউমোনিয়াৰ পিছত তেওঁ দুসপ্তাহত দুবাৰ ক’ভিড-19ত আক্ৰান্ত হয় (Lalit Modi Covid Positive)৷

স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁ মেক্সিকোত ৩ সপ্তাহধৰি চিকিৎসাধীন হৈ আছিল ৷ ইফালে দুবাৰকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ পিচত তেওঁক পৰিয়ালৰ আন সদস্যৰ লগতে দুজন চিকিৎসকৰ সৈতে এয়াৰ এম্বুলেঞ্চেৰে লণ্ডনলৈ অনা হয় ৷ টুইট যোগে ললিত মোডীয়ে কয় যে ‘‘দুৰ্ভাগ্যৱশতঃ এতিয়া অক্সিজেনৰ স্তৰ কম ৷ যিসকলে মোৰ বাবে প্ৰাৰ্থনা কৰিছে সকলোকে ধন্যবাদ’’ । আন এটা পোষ্টত, তেওঁৰ যত্ন লোৱা দুজন চিকিৎসকৰ বিষয়েও উল্লেখ কৰে ললিত মোডীয়ে ৷

উল্লেখ্য যে, আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডীৰ ক্ৰীড়া জগতৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৷ তেওঁৱেই আই পি এল আৰম্ভ কৰিছিল ৷ তেওঁ দীৰ্ঘদিন ধৰি বিচিচিআইৰ উপ-সভাপতিও আছিল ৷ তেওঁ ২০০৮ চনৰ পৰা ২০১০ চনলৈ আই পি এলৰ অধ্যক্ষ আৰু আয়ুক্ত আছিল ললিত মোডী (Former IPL chairman Lalit Modi)৷

ইফালে, ২০১০ চনত প্ৰৱঞ্চনাৰ অভিযোগৰ পিছত ললিত মোডীক বৰ্খাস্ত কৰা হয় আই পি এলৰ পৰা ৷ ইয়াৰ বাবে তেওঁ বিচিচিআইৰ পৰাও তেওঁ বিতাৰিত হ'বলগীয়া হৈছিল ৷ মানি লণ্ডাৰিং গোচৰৰ অভিযোগৰ পিছত তেওঁ দেশৰ পৰা পলাই গৈছিল ৷ শেহতীয়াকৈ, বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন ছবিৰ সৈতেও চৰ্চিত হৈ পৰিছিল ললিত মোডী (Lalit Modi Sushmita Sen)৷

লগতে পঢ়ক: RBI governor on Crypto : ক্ৰিপ্টোবোৰ জুৱাৰ বাহিৰে আন একো নহয় : শক্তিকান্ত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.