ETV Bharat / bharat

স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী মহিলা যোদ্ধা ৰাণী অৱন্তীবাই

author img

By

Published : Aug 22, 2021, 5:59 PM IST

স্বাধীনতা সংগ্ৰামত আত্ম বলিদান দিয়া বহু যোদ্ধা আছে যিসকলৰ বিষয়ে হয়টো বহুতে নাজানে । তেনে এগৰাকী সাহসী মহিলা হৈছে ৰাণী অৱন্তীবাই । সেইগৰাকী মহান যোদ্ধাৰ বিষয়ে সকলোকে অৱগত কৰিবলৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰয়াস ।

Rani Avantibai of Ramgarh
স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী মহিলা যোদ্ধা ৰাণী অৱন্তীবাই

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : আমি সকলোৱে ৰাণী লক্ষ্মীবাইৰ (Rani Laxmibai) কাহিনী জানো । ঝান্সীৰ ৰাণী লক্ষ্মীবাই, যিয়ে ১৮৫৭ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল । কিন্তু ভাৰতীয় ইতিহাসত আৰু কিছুমান ব্যক্তি আছে যিবোৰ এতিয়া পাহৰণিৰ গৰ্ভত । কিন্তু স্বাধীনতা সংগ্ৰামৰ বাবে তেওঁলোক সমানে গুৰুত্বপূৰ্ণ আছিল ।

এই ব্যক্তিসকলৰ ভিতৰত আন এগৰাকী ৰাণী আছিল, যিয়ে তৰোৱাল তুলি লৈছিল আৰু স্বাধীনতাৰ বাবে যুঁজিবলৈ ইংৰাজ সেনাৰ সন্মুখত জঁপিয়াই পৰিছিল । ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল, কিন্তু ইয়াৰ বীজবোৰ ১৮৫৭ চনৰ ৯টা দশক পূৰ্বে ৰোপণ কৰা হৈছিল । ইয়াৰ অন্যতম গুৰি ধৰোঁতা আছিল ৰামগড়ৰ ৰাণী অৱন্তীবাই (Rani Avantibai ) । যদিও ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ বিদ্ৰোহ সম্পূৰ্ণ সফল হ'ব পৰা নাছিল কিন্তু তেওঁৰ যুদ্ধ কৌশলে ভাৰতীয়সকলক ব্ৰিটিছ সাম্ৰাজ্য অন্ত পৰাৰ ইংগিত প্ৰদান কৰিছিল ।

স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী মহিলা যোদ্ধা ৰাণী অৱন্তীবাই

অৱন্তীবাইৰ জন্ম ১৮৩১ চনৰ ১৬ আগষ্টত চিওনি জিলাৰ মানকেহাদী গাঁৱৰ এগৰাকী জমিদাৰ ৰাও জুঝাৰ সিঙৰ ঘৰত হৈছিল । মাক-দেউতাকে এণ্টো বাই নাম দিয়া যুৱতীগৰাকী তৰোৱাল বিদ্যা, ধনুৰ্বিদ্যা, সামৰিক ৰণনীতি, কূটনীতি আৰু যুদ্ধ কৌশলৰ বাবে পৰিচিত আছিল । তেওঁ ১৮৪৮ চনত ৰামগড়ৰ ৰাজ পৰিয়ালত বিবাহপাশত আৱদ্ধ হৈছিল, য'ত তেওঁক অৱন্তীবাই নাম দিয়া হৈছিল ।

১৮৫১ চনত ৰামগড় ৰাজ্যৰ ৰজা তথা অৱন্তীবাইৰ শহুৰেক লক্ষ্মণ সিং লোধিৰ মৃত্যু হয় আৰু ৰাজকুমাৰ তথা অৱন্তীবাইৰ স্বামী বিক্ৰমাদিত্য সিং লোধিক ৰামগড় ৰাজ্যৰ ৰজাৰ মুকুট পিন্ধোৱা হয় । কিন্তু তেওঁৰ স্বাস্থ্য সোনকালেই অৱনতি ঘটিছিল আৰু তেওঁ অসুস্থ হ'বলৈ ধৰিছিল । যিহেতু তেওঁলোকৰ দুয়োজন পুত্ৰ অমন সিং আৰু শ্বেৰ সিং তেতিয়াও সৰু আছিল, ৰাণীয়ে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত লৈছিল ।

কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিকল্পনা কিছু বেলেগ আছিল । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ কুখ্যাত 'ডকত্ৰিন অৱ লেপছ'ৰ অধীনত ইখনৰ পাছত আন এখন ৰাজ্য তেওঁলোকৰ দখলত ল'বলৈ আৰম্ভ কৰিছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডালহৌছিয়ে প্ৰস্তুত কৰা এই নীতি অনুসৰি যিবোৰ ৰাজ্যৰ উত্তৰাধিকাৰী নাই অথবা শাসনৰ বাবে স্পষ্টভাৱে অক্ষম আছিল সেইসমূহ ৰাজ্যত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসকসকলক নিযুক্তি দিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল ।

বিক্ৰমাদিত্য সিং লোধিৰ দুয়োটা পুত্ৰই যিহেতু সৰু সেয়ে তেওঁলোকে শাসন কৰিবলৈ অক্ষম আছিল । যাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰামগড় দখল কৰাৰ সুযোগত আছিল । তেওঁলোকে অৱন্তীবাইক শাসক হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল আৰু ৰাজ্যত এজন প্ৰশাসক নিযুক্ত দিছিল । ইংৰাজৰ এই অপমানজনক সিদ্ধান্তত ক্ষুব্ধ হৈ ৰাণীয়ে প্ৰশাসকক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।

অৱন্তীবাইৰ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম যুদ্ধ খেৰী গাঁৱত হৈছিল । যুদ্ধ কৌশলৰ ওপৰত থকা জ্ঞানৰ বাবে ৰাণী অৱন্তীবাইৰ হাতত পৰাজিত হয় ব্ৰিটিছ সেনা । কিন্তু ব্ৰিটিছসকল শান্ত হোৱা নাছিল ।

এইবাৰ এক বৃহৎ পৰিকল্পনাৰে আৰু সুসংগঠিত হৈ ৰামগড়ত এক বিধ্বংসী আক্ৰমণ চলাই আৰু ৰাণীৰ দুৰ্গত জুই লগাই দিয়ে ব্ৰিটিছে । ৰাণী আৰু তেওঁৰ সৈন্যই সাহসিকতাৰে যুঁজ দিছিল কিন্তু অৱশেষত ব্ৰিটিছ সেনাৰ আক্ৰমণত পিছু হুঁহকি আহিবলৈ বাধ্য হয় ৰাণী অৱন্তীবাই । দেৱহাৰীগড়ৰ পাহাৰৰ ঘন অৰণ্যলৈ পলাই যাব লগীয়া হৈছিল ৰাণী অৱন্তীবাই ।

ব্ৰিটিছ আক্ৰমণৰ দ্বাৰা পৰাজিত হোৱাৰ পাছতো কিন্তু অৱন্তীবাই মানসিকভাৱে ভাগি পৰা নাছিল । তেওঁ এইবাৰ গেৰিলা কৌশল ব্যৱহাৰ কৰি জেনেৰেল ৱাডিংটনৰ শিবিৰত আক্ৰমণ কৰে । অৱশ্যে, ব্ৰিটিছ সামৰিক শক্তিৰ তুলনাত ৰাণীৰ সেনাৰ পৰিমাণ যথেষ্ট কম আছিল । তথাপিও সাহসিকতাৰে ৰাণী তেওঁৰ সেনাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল ।

কিন্তু অৰণ্যত হোৱা অন্তিত যুদ্ধত ৰাণী আৰু তেওঁৰ সৈন্যসকলক ঘেৰাও কৰি লৈছিল বৃহৎ ব্ৰিটিছ সেনাই । শত্ৰু শক্তিয়ে তেওঁলোকক পৰাজিত কৰাৰ লগতে বন্দী কৰিব বুলি অনুভৱ কৰিও সাহসী ৰাণীয়ে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিল । স্বাধীনতাৰ বাবে যুদ্ধত অৱতীৰ্ণ হৈ অৱশেষত ১৮৫৮ চনৰ ২০ মাৰ্চত অৱন্তীবাইয়ে শেষবাৰৰ বাবে তৰোৱাল দাঙি লৈছিল আৰু ব্ৰিটিছ সেনাৰ হাতত বন্দী হোৱাতকৈ আত্মহত্যাই উপযুক্ত পথ হিচাপে বিবেচনা কৰিছিল ।

অতি সাহসিকতাৰে যুদ্ধ কৰি অৱন্তীবাইয়ে যদিও ব্ৰিটিছ সেনাক পৰাজিত কৰিব পৰা নাছিল কিন্তু তেওঁ জ্বলোৱা স্বাধীনতাৰ জুইকুৰা আৰু বেছি শক্তিশালী হৈছিল । অৱশেষত সেই জুই নিৰ্বাপন কৰাত ব্যৰ্থ হৈছিল ব্ৰিটিছসকল ।

লগতে পঢ়ক: ইটিভি ভাৰতৰ তৰফৰ পৰা ৰাখীবন্ধনৰ হিয়াভৰা শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.