ETV Bharat / bharat

ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় বন মন্ত্ৰীৰ

author img

By

Published : Mar 3, 2021, 9:08 PM IST

ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰকাশ জাভড়েকাৰৰ
ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰকাশ জাভড়েকাৰৰ

বিগত এসপ্তাহ ধৰি ওড়িশাৰ ছিমিলিপাল অভয়াৰণ্যত দপদপাই জ্বলিছে জুই । অভয়াৰণ্যখনৰ ২,৭৫০ কিঃমিঃ ব্যাসাৰ্ধলৈ বিয়পি পৰিছে বন জুই । এফালৰ পৰা ছাঁই হৈছে গছবোৰ আৰু জন্তু, পক্ষীৰ জীৱনলৈ ভাবুকি আহিছে । শেহতীয়াকৈ কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে বন বিভাগক জুই নুমুওৱাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিলে কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে । ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ছিমিলিপাল টাইগাৰ ৰিজাৰ্ভত যোৱা এসপ্তাহ ধৰি বন জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বুধবাৰে টুইটযোগে কেন্দ্ৰীয় বন মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে, তেওঁ বন জুই নিয়ন্ত্ৰণৰ বাবে বন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰকাশ জাভড়েকাৰৰ
ওড়িশাৰ বন জুই নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰকাশ জাভড়েকাৰৰ

অভয়াৰণ্যখনৰ ২,৭৫০ কিঃমিঃ ব্যাসাৰ্ধলৈ বিয়পি পৰিছে বন জুই । জুয়ে পুৰি নিছে অভয়াৰণ্যখনত থকা গছবোৰ । লগতে জন্তু, পক্ষীৰ জীৱনলৈও ভাবুকি আহিছে বন জুয়ে । বেটান'টি, ৰসগোবিন্দপুৰ আৰু ম'ৰাডা বনাঞ্চললৈকে বন জুই বিয়পি পৰিছে ।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছিমিলিপালৰ বন জুইৰ সন্দৰ্ভত টুইট কৰিছিল । মন্ত্ৰীগৰাকীয়ে টুইটযোগে কৰা পোষ্ট ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককো টেগ কৰিছিল । আনহাতে, বন জুই নিয়ন্ত্ৰণৰ বাবে অহৰহ চেষ্টা কৰি থকা হৈছে যদিও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক:অব্যাহত কংগ্ৰেছ, আইএছএফৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কত আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.