ETV Bharat / bharat

Rahul Gandhi in Lok Sabha : মণিপুৰৰ পৰা হাৰিয়ানাৰ সংঘাতলৈ...সদনত কি কি ক’লে ৰাহুল গান্ধীয়ে !

author img

By

Published : Aug 9, 2023, 2:20 PM IST

Rahul Gandhi slams BJP over Manipur
প্ৰধানমন্ত্ৰীৰ দৃষ্টিত মণিপুৰ ভাৰতৰ অংশ নহয়

অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত সদনত প্ৰথম বক্তা হিচাপে ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ৷ মণিপুৰ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

নেশ্যনেল ডেস্ক, 9 আগষ্ট: বুধবাৰে লোকসভাত মণিপুৰ প্ৰসংগত সৰৱ হৈ সৰৱ হৈ পৰে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ৷ প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আগবঢ়াবলৈ গৈ কয়, ‘‘আজি মোৰ বিজেপিৰ বন্ধুসকলে ভয় খোৱাৰ প্ৰয়োজন নাই কাৰণ আজি মোৰ ভাষণ আদানীৰ সন্দৰ্ভত নহয় ।’’ বুধবাৰে পুনৰ সদনত উত্তাল পৰিৱেশ পৰিলক্ষিত হয় বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ৷ মণিপুৰ ভাৰতৰ অংশ নহয় বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাবিছে বুলি মোদীক চোকা ভাষাৰে সমালোচনা কৰে গান্ধীয়ে ৷

বিতৰ্কটোৰ প্ৰথম বক্তা ৰাহুল গান্ধীয়ে গুজৰাটৰ আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সদনৰ সদস্য হিচাপে পুনৰ নিযুক্তি পোৱাৰ পিছত প্ৰথম ভাষণত গান্ধীয়ে আদানি-হিণ্ডেনবাৰ্গ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে । গুজৰাটৰ আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত সদনৰ সদস্য হিচাপে পুনৰ নিযুক্তি লাভ কৰাত সদনৰ অধ্যক্ষগৰাকীৰ প্ৰতি কৃতজ্ঞতা জনায় ৱায়ানাড়ৰ সাংসদগৰাকীয়ে ।

সাংসদগৰাকীয়ে কয়, ‘‘শেষবাৰৰ বাবে সদনত বক্তব্য প্ৰকাশ কৰোতে হয়তো আদানী সন্দৰ্ভত গুৰুত্ব দিয়া বিষয়টোৱে আপোনালোকক অসুবিধাত পেলাইছিল ৷ হয়তো আপোনাৰ জ্যেষ্ঠ নেতাজনে কষ্ট পাইছিল ৷ সেই বিষে হয়তো আপোনাৰ ওপৰতো প্ৰভাৱ পেলাইছিল । তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো । কিন্তু মই যি কৈছিলো সঁচা কৈছিলো ৷ আজি মোৰ বিজেপিৰ বন্ধুসকলে ভয় খোৱাৰ প্ৰয়োজন নাই কাৰণ আজি মোৰ ভাষণ আদানী সন্দৰ্ভত নহয়’’ গান্ধীয়ে কয় ।

যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ৰাহুলক স্থগিত ৰাখিলে মোদী উপাধিৰ মন্তব্যক লৈ অপৰাধমূলক মানহানিৰ গোচৰত গান্ধীৰ দোষী সাব্যস্ত হোৱা । সোমবাৰে তেওঁক পুনৰ লোকসভাৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় । মঙলবাৰে লোকসভাই অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক আৰম্ভ কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, মোদী উপাধিৰ গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক 4 আগষ্ট শুকুৰবাৰে প্ৰদান কৰে সাময়িক সকাহ । উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত জাৰি কৰিছে স্থগিতাদেশ । ইয়াৰ পিচতে 7 আগষ্টৰ পৰা পুনৰ সদনৰ বৰ্ষাকালীন অধিৱেশনত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়ক : Rahul Gandhi thanks Speaker Om Birla: মণিপুৰত ভাৰত মাতৃক হত্যা কৰিছে প্ৰধানমন্ত্ৰীয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.