ETV Bharat / bharat

Uddhav Thackeray resignation: মহাৰাষ্ট্ৰ বিধানসভাত নহয় আস্থা ভোট

author img

By

Published : Jun 30, 2022, 11:32 AM IST

Updated : Jun 30, 2022, 12:23 PM IST

Uddhav Thackeray resignation
মহাৰাষ্ট্ৰ বিধানসভাত নহয় মজিয়া পৰীক্ষা তথা বিশেষ অধিৱেশন

অৱসান হোৱাৰ দিশত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট(The climax of MAHA political crisis) ৷ উদ্ধৱ ঠাকৰেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছত আস্থা ভোটৰ সকলো জল্পনা-কল্পনাৰো অন্ত পৰে(Uddhav Thackeray resigns from Maharashtra CM post) । বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আজি ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী কৰাৰ কথা এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে ।

নিউজ ডেস্ক, 30 জুন : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা উদ্ধৱ ঠাকৰেয়ে বুধবাৰে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক সংকট এতিয়া এক নিৰ্ণায়ক ৰূপলৈ আহিছে(Maharashtra political crisis) । ঠাকৰেৰ পদত্যাগৰ পাছত এতিয়া মহাৰাষ্ট্ৰৰ বিধানসভাত কোনো বিশেষ অধিবেশনৰ আহ্বান জনোৱা নহ’ব, নহ’ব কোনো আস্থা ভোট ।

উদ্ধৱ চৰকাৰক বৃহস্পতিবাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোটৰ নিৰ্দেশ দিছিল । কিন্তু ইয়াৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা উদ্ধৱ ঠাকৰেয়ে পদত্যাগ কৰাত আস্থা ভোটৰ সকলো জল্পনা-কল্পনাৰ অন্ত পৰে(Maharashtra floor test) ।

মহাৰাষ্ট্ৰৰ বিধানসভাৰ সচিব ৰাজেন্দ্ৰ ভাগৱতে ৰাজ্যৰ সকলো বিধায়কক জনায় যে ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি, এতিয়া আস্থা ভোটৰ কোনো প্ৰয়োজন নাই ৷ সেয়েহে আজিৰ অৰ্থাৎ বৃহস্পতিবাৰৰ বিশেষ অধিৱেশনখন আহ্বান কৰা নহয় ৷

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছত বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আজি ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী কৰাৰ কথা এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে । সূত্ৰটোৱে দাবী কৰা অনুসৰি দেৱেন্দ্ৰ ফাড়নাভিছে ১ জুলাইত মুখ্যমন্ত্ৰী হিচাপে আৰু একনাথ সিন্দেয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ।

লগতে পঢ়ক : The climax of MAHA political crisis: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পদত্যাগ

Last Updated :Jun 30, 2022, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.