ETV Bharat / bharat

Chhattisgarh Assembly polls: দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:31 PM IST

সম্পূৰ্ণ হ’ল ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কেবাঠাইতো ভোটগ্ৰহণ চলি থকাৰ মাজতে বিক্ষিপ্ত ঘটনা ৷ মুঠ ভোটদানৰ হাৰ 71.11 শতাংশ ৷

Chhattisgarh Assembly polls
Chhattisgarh Assembly polls

নিউজ ডেস্ক, 7 নৱেম্বৰ: মঙলবাৰে মিজোৰামৰ লগতে ছত্তীশগড়তো অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ মিজোৰামত সম্পূৰ্ণ 40 টা সমষ্টিত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ছত্তীশগড়ত প্ৰথম পৰ্যায়ত 20 টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগৰ তথ্য মতে মাওবাদী অধ্যুষিত ৰাজ্য ছত্তীশগড়ত প্ৰথম পৰ্যায়ত মুঠ 71.11 শতাংশ ভোটদান হয় ৷ ইয়াৰ ভিতৰত চুইখাণ্ডান-গান্দাই জিলাৰ খইৰাগড় সমষ্টিত সৰ্বাধিক 76.31 আৰু বিজাপুৰত সৰ্বনিম্ন 40.98 শতাংশ ভোটদান হয় ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ছত্তীশগড়ত কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখা যায় ৷ সুকমা জিলাত নক্সালবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণত এগৰাকী চিআৰপিএফ জোৱান আহত হয় ৷ জিলাখনৰ বান্দা ভোটকেন্দ্ৰৰ সমীপত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনাও সংঘটিত হয় ৷ আন এটা গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় নাৰায়ণপুৰ জিলাৰ অৰ্চা থানাৰ অধীনৰ এক অঞ্চলত ৷ অৱশ্যে এই দুটা ঘটনাত কোনো হতাহত হোৱা নাই বুলি আৰক্ষী সূত্ৰই জনাইছে ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা 7 বজাৰ পৰা ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ প্ৰথম পৰ্যায়ৰ মুঠ 20 টা সমষ্টিৰ ভিতৰত 10 টা সমষ্টিত 7 বজাতেই ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু বিয়লি 3 বজাত অন্ত পৰে ৷ বাকী 10 টা সমষ্টিত 8 বজাৰ পৰাহে ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু বিয়লি 5 বজাত অন্ত পৰে৷

ছত্তীশগড়ৰ মুঠ বিধানসভা সমষ্টিৰ সংখ্যা 90 টা ৷ ইয়াৰ ভিতৰত 20 টা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় ৷ এই 20 টা সমষ্টিত 25 গৰাকী মহিলাকে ধৰি মুঠ 223 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ প্ৰায় 40,78,681 গৰাকী ভোটাৰ আছে এই 20 টা সমষ্টিত ৷ ইয়াৰ ভিতৰত 20,84,675 গৰাকী ভোটাৰ মহিলা আৰু 19,93,937 গৰাকী পুৰুষ ভোটাৰ ৷ তাৰোপৰি 69 গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ ৷

বাস্তাৰ ডিভিজনৰ অধীনৰ 12 টা সমষ্টিত ভোটগ্ৰহণ সমাপনৰ বাবে মোতায়েন কৰা হয় প্ৰায় 60 হাজাৰ নিৰাপত্তাৰক্ষী ৷ ইয়াৰে 40 হাজাৰ চিআৰপিএফ আৰু 20 হাজাৰ ৰাজ্যিক পুলিচ ৷ সমগ্ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰায় 1 লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ৷ অহা 17 নৱেম্বৰত বাকী থকা 70 টা সমষ্টিত ভোটগ্ৰহণ হ’ব আৰু 3 ডিচেম্বৰত ফলাফল ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক: Mizoram assembly polls: প্ৰায় 76 শতাংশ ভোটদানেৰে সমাপ্ত হ’ল মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.