ETV Bharat / bharat

Fire in Vaishali Express train : ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো অঘটন; বৈশালী এক্সপ্ৰেছত অগ্নিকাণ্ড, আহত ১৯ জন যাত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:01 AM IST

দিল্লীৰ পৰা ছহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছৰ AC ডবাত অগ্নিকাণ্ড । এই ঘটনাত আহত হয় ১৯ জন যাত্ৰী । ইয়াৰে ১১ গৰাকী যাত্ৰীক সংকটজনক অৱস্থাত ছাইফাইলৈ প্ৰেৰণ কৰা হৈছে ।

Fire in Vaishali Express train
২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো অঘটন

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : আকৌ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা ৷ দিল্লীৰ পৰা দৰভংগালৈ যোৱা হমচফৰ এক্সপ্ৰেছৰ তিনিটা দবাত সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই উক্ত দিনাই দিল্লীৰ পৰা ছহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছৰ ছটা AC ডবাত লাগে জুই ।

ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে ডবাখনত থকা ১৯ জন যাত্ৰী । ইয়াৰে ১১ গৰাকী যাত্ৰীক উত্তৰ প্ৰদেশৰ ছাইফাইলৈ প্ৰেৰণ কৰা হৈছে ।

তথ্য অনুসৰি, মেইনপুৰী আণ্ডাৰব্ৰিজৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । বুধবাৰে মাজ নিশা দিল্লীৰ পৰা ছহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছ ৰে’লৰ ৬ টা AC ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । তাৰ পাচতে চালকজনে ৰে’লখন ৰখাই দিয়ে ।

লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় । কিছু সময়ৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। একে সময়তে ডবাত জুই লগাৰ ফলত যাত্ৰীসকলৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ যাৰ ফলত মুঠ ১৯ জন যাত্ৰী আহত হয় ।

আটাইকেইজন আহত লোকক ওচৰৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু ১১ জন যাত্ৰীৰ অৱস্থা কিছু সংকটজনক হোৱাত তেওঁলোকক ছাইফাইলৈ প্ৰেৰণ কৰা হয় ।

বুধবাৰে হমচফৰ এক্সপ্ৰেছত সংঘটিত হয় অগ্নিকাণ্ড :

বুধবাৰে দিল্লীৰ পৰা দৰভংগালৈ যোৱা হমচফৰ এক্সপ্ৰেছৰ তিনিটা দবাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ দবাৰ তলত স্থাপন কৰা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত ৮ জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Fire breaks out in Humsafar Express: হমচফৰ এক্সপ্ৰেছত অগ্নিকাণ্ড; যাত্ৰীৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.