ETV Bharat / bharat

এখন 30 লাখ টকাৰ চেকে বিপদত পেলালে মহেন্দ্ৰ সিং ধোনীক

author img

By

Published : May 30, 2022, 9:48 PM IST

MS Dhoni News
এখন 30 লাখ টকাৰ চেকে বিপদত পেলালে মহেন্দ্ৰ সিং ধোনীক

বিহাৰৰ বেগুচৰাইত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীকে ধৰি ৮ জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । কেছটো চেক বাউন্সৰ সৈতে সম্পৰ্কিত । কিয় ধোনীৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

নিউজ ডেস্ক, 30 মে’: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে আদালতত গোচৰ (FIR against MS Dhoni)৷ ধোনীৰ সৈতে আন আঠজন লোকৰ বিৰুদ্ধে বেগুচৰায় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (Begusarai CJM Court) গোচৰ দাখিল কৰা হৈছে ৷ উৎপাদিত সামগ্ৰীৰ বাবে চিএনএফ পৰিশোধ কৰা আৰু তাৰ পিছত ৩০ লাখ টকাৰ চেক ঘূৰাই দিয়া ঘটনাৰ বাবে দাখিল কৰা হৈছে এই গোচৰ ।

জানিব পৰা মতে ডি এছ এন্টাৰপ্ৰাইজেছৰ গৰাকীয়ে এই গোচৰ দাখিল কৰিছে ৷ ন্যায়ালয়ে সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি এই গোচৰটো দণ্ডাধীশ অজয় কুমাৰ মিশ্ৰাৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে ৷ অহা 28 জুনত ইয়াৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব (Mahendra Singh Dhoni in trouble)৷

গোচৰীয়া নীৰজ কুমাৰ নিৰালাই নতুন দিল্লীৰ ইণ্ডিয়া লিমিটেডৰ নিউ গ্লোবেল চাব-ডিভিজনেল মেজিষ্ট্ৰেট, কোম্পানীৰ অধ্যক্ষ মহেন্দ্ৰ সিং ধোনী, মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ আৰ্য, সঞ্চালক (একাউণ্ট) মহেন্দ্ৰ সিং, মাৰ্কেটিং হেড অৰ্পিত ডুবে, এ ডি ইমৰান বিন জাফৰ, মাৰ্কেটিং মেনেজাৰ বন্দনা আনন্দ আৰু মাৰ্কেটিং ষ্টেট হেড (বিহাৰ) অজয় কুমাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে (MS Dhoni News) । ধাৰা 120(B) আৰু এন আই আইনৰ ধাৰা 138 ৰ অধীনত আদালতত এখন লেখ আবেদনো দাখিল কৰা হৈছে ৷

গোচৰটোৰ অভিযোগকাৰী ডি এছ এণ্টাৰপ্ৰাইজেছৰ স্বত্বাধিকাৰী নীৰজ কুমাৰ নিৰালাই অভিযোগ কৰিছে যে, ২০২১ চনত তেওঁ নিউ গ্লোবেল চাব-ৰাইজাৰ ইণ্ডিয়া লিমিটেডৰ চি এন এফ লৈছিল । কোম্পানীটোক চি এন এফ ল'বলৈ ৩৬ লাখ ৮৬ হাজাৰ টকা দিয়া হৈছিল আৰু কোম্পানীটোৱে অভিযোগকাৰীলৈ সাৰ প্ৰেৰণ কৰিছিল । কিন্তু কোম্পানীটোৰ অসহযোগৰ বাবে, সাৰ বিক্ৰী কৰাত অসুবিধা হৈছিল ।

ইয়াকে লৈ অভিযোগকাৰী আৰু কোম্পানীৰ মাজত বিবাদ আৰম্ভ হৈছিল । তাৰপিছত কোম্পানীটোৱে ৩০ লাখৰ চেক দিছিল আৰু সকলো সাৰ ঘূৰাই বিচাৰিছিল । অৱশ্যে, বেংক একাউণ্টত ধনৰ অভাৱৰ বাবে কোম্পানীয়ে দিয়া চেকখন বাউন্স হৈছিল । ইয়াৰ পিচত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছিল । কিন্তু কোনো সঁহাৰি নোপোৱাৰ পিছত, অভিযোগকাৰীয়ে সকলো অভিযুক্ত আৰু কোম্পানীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.