FIFA Qatar World Cup : দুই ভৰিৰ মহাৰণৰ বাবে সাজু বিশ্বৰ ৩২ খন দেশ

author img

By

Published : Nov 17, 2022, 9:49 PM IST

FIFA Qatar World Cup

দুই ভৰিৰ মহাৰণৰ বাবে সাজু বিশ্বৰ ৩২ খন দেশ । ২০ নৱেম্বৰত ৰণক্ষেত্ৰ কাটাৰত বাজিব ৰণশিঙা । এয়া হৈছে ফুটবল বিশ্বযুদ্ধ । ২০২২ বৰ্ষৰ ফিফা পুৰুষ বিশ্বকাপৰ ৰণধ্বনিৰ হুইচেল বাজিব কাটাৰত (2022 FIFA World Cup) । য'ত বিশ্বৰ আগশাৰীৰ ফুটবলাৰৰ দুই ভৰিৰ যাদুৱে ১৮ ডিচেম্বৰলৈকে মোহাচ্ছন্ন কৰি ৰাখিব সমগ্ৰ বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীক (FIFA World Cup 2022 Qatar) । আৰ্জেণ্টিনাৰ লিঅ'নেল মেছি, পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো, ব্ৰাজিলৰ নেইমাৰ, ফ্ৰান্সৰ কাইলিয়ান এমবাপে, কৰিম বেনজেমা নে বেলজিয়ামৰ কেভিন ডি ব্ৰুয়েন-- কোন হ'ব বিশ্ব ফুটবলৰ ৰাজপুত্ৰ ? কোনে পিন্ধিব সোণালী বুট ? কাৰ হাতত শোভাবৰ্ধন কৰিব সোণালী ট্ৰফীয়ে ? কাউণ্ট ডাউন আৰম্ভ ।

স্পৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ : এই বছৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ ২২ সংখ্যক সংস্কৰণ কাটাৰত অনুষ্ঠিত হ'ব (22nd edition of FIFA World Cup) । বিশ্ব ক্ৰীড়াৰ অন্যতম ৰাজকীয় প্ৰতিযোগিতা ফিফা বিশ্বকাপ ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব (2022 FIFA World Cup) । আৰব বিশ্বত অনুষ্ঠিত হ'বলগীয়া এইখন হৈছে প্ৰথম বিশ্বকাপ ।

২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা এয়া দ্বিতীয় বিশ্বকাপ । 32 টা দলে অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে কাটাৰ বিশ্বকাপত (FIFA World Cup Qatar) । অৱশ্যে ২০২৬ চনত আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'লগীয়া বিশ্বকাপত দলৰ সংখ্যা 48 টালৈ বৃদ্ধি হ'ব ।

২৯ দিনীয়া এই ফুটবল বিশ্বযুদ্ধত উদ্বোধনী খেল অনুষ্ঠিত হ'ব আল বায়েট ষ্টেডিয়াম, আল খোৰতত (Al Bayt Stadium Qatar) । অংশগ্ৰহণ কৰিব কাটাৰ আৰু ইকুৱেডৰে । ফাইনেল অনুষ্ঠিত হ'ব কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস 18 ডিচেম্বৰৰ দিনা (Qatar National Day) । ২০১৮ চনৰ পৰা ফিফা বিশ্বকাপৰ মুকুট আছে ফ্ৰান্সৰ হাতত । ক্ৰোৱেছিয়াক ৪-২ গ'লত পৰাস্ত কৰি ফ্ৰান্স হৈছিল ২০১৮-ৰ বিশ্বকাপ চেম্পিয়ন (reigning World Cup champions France) ।

দুই ভৰিৰ মহাৰণৰ বাবে সাজু বিশ্বৰ ৩২ খন দেশ

২০১৮ আৰু ২০২২ চনৰ বিশ্বকাপ আয়োজনৰ নিবিদা আৰম্ভ হৈছিল ২০০৯ চনত । ফিফা বিশ্বকাপ ২০২২ আয়োজনৰ বাবে পাঁচখন দেশে নিবিদা আগবঢ়াইছিল । তাৰে ভিতৰত চতুৰ্থ ৰাউণ্ডত ১৪ টা ভোট লাভ কৰি কাটাৰে বিশ্বকাপ আয়োজনৰ স্বত্ত্ব লাভ কৰে (2018 FIFA World Cup final) ।

বিশ্বকাপ পৰিচালনাৰ বাবে ফিফাই ১৯ মে'ত ৩৬ গৰাকী ৰেফাৰীৰ নাম ঘোষণা কৰে । তেওঁলোকক সহায় কৰিব ৬৯ গৰাকী সহকাৰী ৰেফাৰীয়ে । আনহাতে ভিডিঅ' ৰেফাৰী থাকিব ২৪ গৰাকী । ফিফাৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এইবাৰ মহিলা ৰেফাৰীয়ে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টখন পৰিচালনা কৰিব ।

ডোহা আৰু ইয়াৰ ওচৰ-পাজৰৰ চাৰিখন চহৰৰ মুঠ ৮টা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচসমূহ । ইয়াৰে ভিতৰত ফাইনেলকে ধৰি সৰ্বাধিক ১০ খন মেচ অনুষ্ঠিত হ'ব লুছেইল আইকনিক ষ্টেডিয়ামত ।

এই মেগা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ২০ নৱেম্বৰ দেওবাৰে আল বায়াট ষ্টেডিয়ামত । এটা গ্ৰুপত চাৰিখনকৈ দেশে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগা ৮ টা গ্ৰুপত লীগ পৰ্যায়ত মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ'ব । নক আউট পৰ্যায়লৈ উন্নীত হ'ব মুঠ ১৬ টা দল । এই ১৬ টা দলৰ মাজত অনুষ্ঠিত ৮ খন মেচৰ পৰা ৮ টা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব । ৯ আৰু ১০ ডিচেম্বৰত প্ৰতিদিনে দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । ১৩ আৰু ১৪ ডিচেম্বৰত ছেমি ফাইনেল দুখন অনুষ্ঠিত হ'ব । তৃতীয় স্থানৰ বাবে ১৭ ডিচেম্বৰত ছেমি ফাইনেলত বিজেতা দল দুটাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব ।

এইবাৰ চেম্পিয়ন দলটোৱে ফিফা বিশ্বকাপ ট্ৰফীৰ লগতে লাভ কৰিব মুঠ ৪২ মিলিয়ন আমেৰিকান ডলাৰ প্ৰাইজমানী । ভাৰতীয় মুদ্ৰাত যাৰ পৰিমাণ ৩৪২ কোটিতকৈও অধিক । আনহাতে, ৰাণাৰ্ছআপ দলটোৱে লাভ কৰিব ৩০ মিলিয়ন আমেৰিকান ডলাৰ । তৃতীয় আৰু চতুৰ্থ স্থানৰ দল দুটাই লাভ কৰিব ক্ৰমে ২৭ আৰু ২৫ মিলিয়ন মাৰ্কিন ডলাৰকৈ ।

২০২২ কাটাৰ বিশ্বকাপৰ সম্প্ৰচাৰ দায়িত্ব লাভ কৰিছে কানাডাৰ বেল মিডিয়া আৰু আমেৰিকাৰ ইংৰাজী আৰু স্পেনিছ ভাষাৰ ফক্স স্পৰ্টছে ।

কাটাৰ বিশ্বকাপৰ শুভংকৰটোও এইবাৰ একক আৰু অনন্য । পোন প্ৰথমবাৰৰ বাবে এক কাপোৰৰ ডিজাইনক বিশ্বকাপৰ শুভংকৰ হিচাবে গ্ৰহণ কৰা হৈছে । আৰব দেশ হোৱাৰ বাবে আৰবৰ পুৰুষসকলে পৰিধান কৰা বিশেষ শিৰোধান বা পাগুৰীক বিষয়বস্তু হিচাবে লৈ কাটাৰ বিশ্বকাপৰ শুভংকৰ ডিজাই কৰা হৈছে । ইয়াৰ নাম হৈছে 'লায়েব' । আনহাতে, অফিচিয়েল মেচ বলটোৰ নাম ৰখা হৈছে 'আল ৰিহলা' । আল ৰিহলাৰ অৰ্থ হৈছে যাত্ৰা ।

ফিফা বিশ্বকাপ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এটা শীৰ্ষ সংগীতৰ পৰিৱৰ্তে সমগ্ৰ বিশ্বকাপ সামৰি অফিচিয়েল থীম ছং প্ৰস্তুত কৰি উলিওৱা হৈছে । কাটাৰ বিশ্বকাপৰ তিনিটাকৈ অফিচিয়েল থীম ছং ইতিমধ্যে প্ৰকাশ পাইছে ।

ইছলামিক দেশ হোৱাৰ বাবে কাটাৰ বিশ্বকাপত ঠথেষ্ট কঠোৰ ব্যৱস্থা মানি চলিব লাগিব খেলুৱৈ, বিষয়ববীয়া তথা দৰ্শকে । বিশেষকৈ যৌনতা আৰু সুৰা তথা মাদকদ্ৰৱ্যৰ ওপৰত অতি কঠোৰ নীতি ইতিমধ্যে ঘোষণা কৰিছে কাটাৰ প্ৰশাসনে । এই নিয়ম উলংঘা কৰিলে ৬ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে ।

এতিয়া অপেক্ষা মাথোঁ ২১ নৱেম্বৰলৈ । দুই ভৰিৰ ছন্দৰ মহাৰণত ১৮ ডিচেম্বৰত কোনে বিজয় মুকুট পৰিধান কৰিব ? তাৰ বাবে অপেক্ষাৰত ফুটবল বিশ্ব ।

লগতে পঢ়ক :Zubeen Garg Birthday : জুবিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে দুই বন্ধুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.