ETV Bharat / bharat

Manipur violence : কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইম্ফল লৈ প্ৰেৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন

author img

By

Published : May 18, 2023, 12:33 PM IST

Updated : May 18, 2023, 1:47 PM IST

পৰিৱেশ কিছু শান্ত হোৱাৰ লগে লগে ইম্ফল উপত্যকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনৰ চলাচল আৰম্ভ হৈছে (Essential Vehicle Move To Imphal with escort)। সেনা আৰু আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিছে বাহনসমূহক । ড্ৰোণৰ জৰিয়তেও বাহনসমূহৰ গতিবিধি নিৰীক্ষণ কৰি থকা হৈছে ।

Manipur violence
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইম্ফল লৈ প্ৰেৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন

তেজপুৰ ,১৮ মে': ক্ৰমাৎ উন্নত হৈছে মণিপুৰৰ পৰিৱেশ (Manipur crisis)। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিভিন্ন সেৱা ইতিমধ্যে আৰম্ভ হৈছে । বিশেষকৈ খাদ্য সামগ্ৰী আৰু আন আন সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ চলাচল আৰম্ভ হৈছে । কঠোৰ নিৰাপত্তাৰ মাজেৰে ১০০ তকৈও অধিক ট্ৰাক আৰু অন্যান্য বাহনে মণিপুৰলৈ যাত্ৰা আৰম্ভ কৰিছে (Essential Vehicle Move To Imphal with escort)। পথ অৱৰোধ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে আৱদ্ধ হৈ থকা ট্ৰাক আৰু অন্যান্য বাহনসমূহক বিশেষ নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে ।

আনহাতে মানৱবিহীন আকাশ যান বা ড্ৰোণৰ জৰিয়তে বাহনসমূহৰ গতিবিধি অহৰহ লক্ষ্য কৰি থকা হৈছে (UAV monitor vehicle movement in Manipur)। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে মণিপুৰত চলি থকা উত্তেজনাৰ সময়ত ইম্ফল উপত্যকালৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ কৰি দিয়া হৈছিল । ফলস্বৰূপে, ৰাজ্যখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনৰ নাটনিয়ে দেখা দিছে ।

বহিঃৰাজ্যৰ পৰা পৰা ইম্ফললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহক সেনা আৰু অসম ৰাইফলছে সুৰক্ষা প্ৰদান কৰিছে । তথ্য অনুসৰি ১৫ মে'ত চাউল, চেনী, মাহজাতীয় শস্য আৰু ইন্ধন কঢ়িয়াই অনা ট্ৰাক, ইন্ধন টেংকাৰ, জেচিবি আদিকে ধৰি ২৮ খন বাহনক নিৰাপত্তাৰ কনভয়েৰে ন’নেৰ পৰা ইম্ফললৈ স্থানান্তৰ কৰা হয় । আবেলিলৈ সুৰক্ষিতভাৱে ইম্ফলত উপস্থিত হয় বাহনসমূহ । এই সময়চোৱাত যাত্ৰা পথত বাহনসমূহ ইউ.এ.ভি.-ৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল ।

১৫ মে'ত বাহনসমূহ সুৰক্ষিতভাৱে ইম্ফলত উপস্থিত হোৱাৰ পাছতে ১৬ আৰু ১৭ মে'ত প্ৰায় ১০০ খন বাহন পুনৰ স্থানান্তৰ কৰা হয় ৷ ইফালে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে নিৰাপত্তা বাহিনীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে (Current situation of Manipur)। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনসমূহৰ সুৰক্ষিত চলাচল আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱা হৈছে ৷

উল্লেখ্য যে যোৱা ৩ মে'ৰ পৰা মণিপুৰৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ আছে । অনুসূচীত জনজাতিৰ মৰ্যাদাৰ বাবে মেইটেই সম্প্ৰদায়ৰ দাবীৰ মাজতে অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়ন (এটিএছইউ) মণিপুৰৰ দ্বাৰা ৩ মে'ত এক সমদলৰ আয়োজন কৰা হৈছিল । সেই সময়তে হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল । লগে লগে ৰাজ্যখনৰ কেইবাটাও জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত সুৰক্ষা ব্যৱস্থা আৰু সাহায্য প্ৰদানৰ প্ৰতিবেদন বিচাৰিলে ছুপ্ৰিম কোৰ্টে

Last Updated :May 18, 2023, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.